Logo
image

বিহুৰ সময়ত গুড় কিনাৰ আগেয়ে জানি লওক

ভোগালীৰ উৰুকালৈ আৰু কেইটামান দিনহে বাকী আছে৷ ভোগালী মানে অসমীয়াৰ ভোগৰ উৎসৱ৷ ভোগালী বিহু বুলিলে অসমীয়াৰ আখলত চলে পিঠা-পনা বনোৱাৰ ব্যস্ততা৷ ইয়াৰ বাবে প্ৰয়োজন হয় গুড়ৰ৷ কিন্তু এইখিনি সময়ত গুড়ৰ চাহিদাক লৈ একাংশ  অসাধু ব্যৱসায়ীয়ে বজাৰত ভেজাল গুড় বিক্ৰী কৰা দেখা যায়৷ এনে অৱস্থাত গুড় ভেজাল নে খাটি সেয়া জনাটো প্ৰয়োজন৷ উল্লেখ কৰা হ’ল কিনিব খোজা গুড়বিধ প্ৰকৃততে ভেজাল নে খাটি চিনি পোৱাৰ উপায়–

১] খাটি গুড়ৰ ৰং ডাঠ হয়৷ তদুপৰি এনে গুড় নৰম আৰু ৰসাল হৈ থাকে৷ কেতিয়াবা কেতিয়াবা খাটি গুড়ৰো বাহিৰ অংশ টান হয়৷ এনে অৱস্থাত আঙুলিৰে হেঁচি চাওক৷ যদিহে ভিতৰৰ অংশ কোমহ হয় তেন্তে জানিব এই গুড় এশ শতাংশই খাটি৷

২] কিনাৰ পূৰ্বে এচিকূট গুড় মুখত লৈ চাওক৷ যদিহে ইয়াৰ সোৱাদ তিতা হয় তেন্তে এই গুড় নিকিনিব৷ তদুপৰি পুৰণি আৰু ভেজাল গুড়ৰ সোৱাদ নিমখীয়া হয়৷ 

৩] কেতিয়াবা কেতিয়াবা বজাৰত পোৱা গুড়ৰ বৰণ ৰঙচুৱা যেন দেখা যায়৷ তদুপৰি এনে গুড় ৰ’দত সহজেই গলিবলৈ ধৰে৷ এই গুড় নিকিনিব৷ সাধাৰণ ৰ’দতে যদি গুড় গলিবলৈ ধৰে তেন্তে জানিব ইয়াত অত্যধিক ৰাসায়নিক উপাদান মিহলি কৰা হৈছে৷

৪] তিতা লগা গুড়ত ৰাসায়নিক উপাদান আৰু কৃত্ৰিম শৰ্কৰা মিহলোৱা হয়৷ কেতিয়াবা কেতিয়াবা দেখা যায় গুড়ৰ দানা স্ফটিকৰ দৰে হৈ আছে৷ এনে গুড়ো নিকিনিব৷ দানা স্ফটিকৰ দৰে দেখিবলৈ পোৱা গুড়ৰ সোৱাদ অধিক মিঠা কৰিবলৈ ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়৷