Logo
image

ক’ভিডৰ সময়ত এইবোৰ দৰৱ ঘৰত মজুত ৰাখক

সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক হাৰত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ৷ এনে ক্ষেত্ৰত এই সময়ছোৱাত সকলোৱে সচেতন হোৱা দৰকাৰ৷ প্ৰয়োজন অবিহনে ঘৰৰ বাহিৰ নহ’বলৈ চিকিৎসকসকলে আহ্বান জনাইছে৷ তদুপৰি কৰ’নাৰ এই সময়ত চিকিৎসকসকলে কেইবিধমান দৰৱ ঘৰত মজুত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ উল্লেখ কৰা হ’ল কোনবোৰ দৰৱ ঘৰত ৰাখিলে বিপদত কামত আহিব–

[১] যদি সংক্ৰমণৰ প্ৰভাৱ সাধাৰণ হয়, তেন্তে জ্বৰৰ চিকিৎসাৰ প্ৰয়োজন৷ এনে অসুস্থতাৰ বাবে পেৰাছিটামল টেবলেট ঘৰত মজুত ৰাখক৷

[২] ভিটামিন ‘চি’, বি-কমপ্লেক্স, আৰু জিংক টেবলেট মজুত ৰাখক৷ লগতে পুষ্টিকৰ খাদ্য খাওক৷

[৩] এই সময়ত সাধাৰণতে গৰম পানীৰে গাৰ্গল কৰা আৰু ভাপ লোৱাৰ পৰামৰ্শ আগবঢ়োৱা হয়৷ ইয়াৰে বাবে ভেপাৰ কেপছুল [কাৰ্ভল প্লাছ] ঘৰত ৰাখক৷

[৪] এলাৰ্জিৰ সমস্যা থাকিলে এণ্টিবায়’টিকসহ এণ্টিহিষ্টামিন মজুত ৰাখক৷

[৫] গাৰ্গল কৰাৰ বাবে বেটাডাইন মাউথ ওৱাছ ৰাখক৷

[৬] থাৰ্মমিটাৰ লগত ৰাখক৷ প্ৰতি ছঘণ্টাৰ মূৰে মূৰে জ্বৰ জোখক৷

[৭] পাল্‌ছ অক্সিমিটাৰ লগত ৰাখিবলৈ নাপাহৰিব৷ প্ৰতি ছঘণ্টাৰ মূৰে মূৰে অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰক৷

[৮] নিয়মিত যদি কোনো দৰৱ গ্ৰহণ কৰে, তেন্তে দুসপ্তাহৰ দৰৱ আনি ৰাখক৷

[৯] ডায়েবেটিক ৰোগীসকলে চিবিজি ব্লাড গ্লুক’জ মিটাৰ লগত ৰাখক৷

[১০] ৰক্তচাপ জোখা যন্ত্ৰ মজুত ৰাখক৷

তদুপৰি যেতিয়াই দৰৱ খোৱাৰ পৰিস্থিতি আহি পৰে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷ হাস্পতাল বা চিকিৎসকৰ ফোন নম্বৰ লগত ৰাখিবলৈ নাপাহৰিব৷ দৰৱৰ লগতে প্ৰচুৰ পৰিমাণে পানী খাওক৷