Logo
image

খালী পেটত এইবোৰ খাদ্য খালে বিপদ

কৰ’নাৰ বাবে এই সময়ত সকলোকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সচেতন হ’বলৈ বিশেষজ্ঞসকলে  আহ্বান জনাইছে৷ তেওঁলোকৰ মতে যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকক কৰ’নাই সহজেই আক্ৰমণ কৰে৷ কৰ’নাই কেৱল যে হাওঁফাওঁকেই ক্ষতি কৰে এনে নহয়, ই শৰীৰৰ আন অংগ-প্ৰত্যংগৰো ক্ষতিসাধন কৰে৷ সেয়ে সকলোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সচেতন হোৱা উচিত৷ কিন্তু কিছুমানে পুৱা শুই উঠিয়েই চাহ-কফিকে ধৰি বিভিন্ন খাদ্য খাবলৈ আৰম্ভ কৰে৷ এই অভ্যাসে স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে৷ কিছুমান খাদ্য এইখিনি সময়ত খালী পেটত নাখাব৷ কিয়নো খালী পেটত কেতবোৰ খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্য খালী পেটত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা কমে–

[১] বিলাহীঃ বিলাহীক বিভিন্ন ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট উপাদানৰ ভঁৰাল বুলি কোৱা হয়৷ কিন্তু খালী পেটত বিলাহী খালে ইয়াৰ এচিডিক প্ৰকৃতিৰ বাবে পেটৰ ক্ষতিসাধন হয়৷ আলছাৰত ভুগি থকা সকলে ভুলতো খালী পেটত বিলাহী নাখাব৷

[২] ছাইট্ৰাছ ফলঃ সুমথিৰা, আঙুৰ আৰু নেমুৰ দৰে ছাইট্ৰাছ জাতীয়  ফলসমূহত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ কিন্তু খালী পেটত এইবোৰ ফল খালে পেটৰ সমস্যা হয়৷

[৩] কাৰ্বনেটেড পানীয়ঃ কাৰ্বনেটেড পানীয় স্বাস্থ্যৰ বাবে মুঠেই উপকাৰী নহয়৷ গৱেষণাত পোৱা তথ্যমতে খালী পেটত কাৰ্বনেটেড পানীয় খালে কেন্সাৰ আৰু হৃদৰোগৰ আশংকা বাঢ়ে৷ আপোনাৰ যদি ক’লড্ৰিংক প্ৰিয় তেন্তে এতিয়াৰে পৰা সাৱধান হওক৷

[৪] কফি বা চাহঃ কফি আৰু চাহ বেয়া পোৱা লোক হয়তো নোলাব৷ এই দুবিধ পানীয়ই অৱসাদৰ পৰা মুক্তি দিয়ে৷ কিন্তু খালী পেটত চাহ বা কফি পান কৰিলে হাইড্ৰক্ল’ৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়৷ ফলত কোষ্ঠকাঠিন্য আৰু বমিৰ সমস্যা বাঢ়ে৷

[৫] সেউজীয়া পাচলি আৰু জলকীয়াঃ সেউজীয়া শাক-পাচলিত এমিন’এচিড থাকে৷ খালী পেটত শাক-পাচলি খালে পেটৰ বিষ আৰু পেটফুলা সমস্যা হয়৷ একেদৰে কেঁচা জলকীয়া বা জালুকগুটি খালী পেটত খালে গেছৰ সমস্যা হ’ব পাৰে৷ ই পৰিপাকতন্ত্ৰৰ মিউকাছ মেমব্ৰেনৰ ক্ষতিসাধন কৰে৷

[৬] গাখীৰ আৰু কলঃ গাখীৰত ছেছুৰেটেড ফেট আৰু প্ৰ’টিন থাকে৷ খালী পেটত গাখীৰ খালে এই দুবিধ  উপাদানে পেটৰ পেশী দুৰ্বল কৰে৷ একেদৰে খালী পেটত কল খালে মেগনেছিয়ামৰ মাত্ৰা বাঢ়ে৷

[৭] দৈঃ দৈ পাকস্থলী আৰু অন্ত্ৰৰ বাবে উপকাৰী৷ কিন্তু পুৱা উঠি খালী পেটত ভুলতো দৈ নাখাব৷ খালী পেটত দৈ খালে পাকস্থলীত হাইড্ৰক্ল’ৰিক এচিডৰ সৃষ্টি হয়৷ এইবিধ এচিড অত্যন্ত ক্ষতিকাৰক৷

[৮] মিঠাইঃ মিঠাই প্ৰায়ভাগৰেই প্ৰিয়৷ কিন্তু খালী পেটত মিঠাই জাতীয় খাদ্য খালে যকৃত আৰু হজম গ্ৰন্থিৰ ওপৰত চাপ বাঢ়ে৷ ইয়াৰ ফলত দীৰ্ঘম্যাদী সমস্যা হ’ব পাৰে৷