Logo
image

সাধাৰণ চৰ্দি নে অমিক্ৰন? কেনেকৈ জানিব

সাধাৰণ চৰ্দি হ’লেই অমিক্ৰনত আক্ৰান্ত নহ’বও পাৰে৷ কিন্তু সাধাৰণ চৰ্দি নে অমিক্ৰনত আপুনি ভুগিছে সেই কথা কি দৰে জানিব৷ সাধাৰণ চৰ্দিৰ লগতে অমিক্ৰন হ’লে আনকেইবাটাও উপসৰ্গ দেখা দিয়ে৷ তেনে উপসৰ্গই দেখা দিলেই সাধাৰণ চৰ্দি বুলি ভাবি কেতিয়াও অৱজ্ঞা নকৰিব৷ তাৎক্ষণিকভাৱে চৰ্দিৰ লগতে তেনেবোৰ উপসৰ্গই দেখা দিলে চিকিৎসকৰ কাষ চপাটো জৰুৰী বুলি বিবেচনা কৰিব লাগে৷ বহুতৰে ধাৰাণা যে অমিক্ৰন আৰু  সাধাৰণ চৰ্দি লগাৰ মাজত কোনো পাৰ্থক্য নাই৷ পিছে এই ধাৰণা শুদ্ধ নহয়৷ বহুতে সাধাৰণ চৰ্দি লগাটোৱেইঅমিক্ৰনৰ প্ৰধান লক্ষণ বুলি ভাবি বিশেষ গুৰুত্ব নিদিয়াৰ ফলত সময়ত গুৰুতৰ সংকটৰ সন্মুখীন হ’ব লগা হ’ব পাৰে৷ অমিক্ৰনৰ লক্ষণ চৰ্দি লগাৰ দৰে হ’লেও অমিক্ৰমন আৰু চৰ্দি লগাৰ মাজত আছে বিশেষ পাৰ্থক্য৷ কিছুমান মানুহে অমিক্ৰন মানেই সাধাৰণ জ্বৰ চৰ্দি বা ঠাণ্ডা অনুভৱ হোৱা বুলি ভবাৰ ফলত অমিক্ৰনত আক্ৰান্ত হ’লেও কোনোধৰণৰ চিকিৎসা গ্ৰহণ নকৰি অৱহেলা কৰে৷ সেইসকলে চৰ্দিৰ লগতে আনকেইটামান উপসৰ্গই দেখা দিলেই নিশ্চিতভাৱে পৰীক্ষা কৰা উচিত৷ সাধাৰণ জ্বৰ চৰ্দি আৰু অমিক্ৰনৰ মাজত বিস্তৰ ব্যৱধান আছে৷ সাধাৰণ জ্বৰ চৰ্দিত ভুগিলে শৰীৰৰ বিশেষ কোনোধৰণৰ ক্ষতি নহয়৷ কিন্তু অমিক্ৰনত আক্ৰান্ত হ’লে জীৱনৰ প্ৰতি কোন মুহূৰ্তত বিপদ আহে তাৰ কোনো নিশ্চয়তা নাই৷

অমিক্ৰনৰ সাধাৰণ উপসৰ্গ 

◾ডিঙিৰ বিষঃ জ্বৰ চৰ্দিৰ লগতে ডিঙিৰ বিষত আক্ৰান্ত হ’লে তাৎক্ষণিকভাৱে পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে৷

◾চৰ্দিঃ অমিক্ৰনৰ আন এক লক্ষণ চৰ্দি লগা আৰু সঘনাই হাচি অহা৷

◾সৰ্বশৰীৰত বিষ অনুভৱঃ জ্বৰ কাহৰ চৰ্দিৰ উপৰি হাত ভৰি বুকুৰ বিষ আদি অনুভৱ হ’লে সেয়া অমিক্ৰনৰ লক্ষণ হ’ব পাৰে৷ তেতিয়া পৰীক্ষা নকৰাকৈ থকা উচিত নহয়৷

◾ভাগৰুৱা অনুভৱঃ সাধাৰণ চৰ্দিৰ উপৰি ভাগৰুৱা যেন অনুভৱ হ’লেই তাৎক্ষণিকভাৱে পৰীক্ষাৰ ব্যৱস্থা কৰা উচিত৷ 

এইকেইটা লক্ষণ সাধাৰণতে চৰ্দি লাগিলেও দেখা দিয়ে৷ কিন্তু অমিক্ৰনৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ উপৰি বমি বমি ভাব হোৱাৰ উপৰি মূৰ ঘুৰণি হ’ব পাৰে৷ কেতিয়াবা কঁকালৰ বিষো অমিক্ৰণৰ লক্ষণ হ’ব পাৰে৷ এনেধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে ক’ভিড পৰীক্ষা কৰা উচিত৷ সময়ত চিকিৎসকৰ কাষ নাচাপিলে অমিক্ৰনত আক্ৰান্ত যিকোনো লোকৰে মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেই বাবে চৰ্দি, কাহ, সাধাৰণ ঠাণ্ডা লগা অনুভৱ হ’লে তাক কেতিয়াও অৱজ্ঞা কৰা উচিত নহয়৷ যিহেতু সাধাৰণ জ্বৰ, চৰ্দিৰ দৰেই আপুনি  ক’ব নোৱাৰাকৈ অমিক্ৰনক আক্ৰান্ত হ’ব পাৰে৷