Logo
image

বহু ৰোগ নিৰাময়ৰ উৎকৃষ্ট ভেষজ তুলসীপাত

তুলসী গছৰ পাত, বীজ আৰু শিপা সকলোবোৰেই স্বাস্থ্যৰ বাবে উপকাৰী৷ ঔষধি গুণসম্পন্ন তুলসীয়ে বিভিন্ন ৰোগ নিৰাময় কৰে৷ হাওফাওৰ দুৰ্বলতা, কাহ, শ্বাসকষ্ট, পানী লগা জ্বৰ, বুকুৰ বিষ, হাপানি, ঘামচি, তেজত শৰ্কৰাৰ পৰিমাণ কমি যোৱা, কাণৰ বিষ, বংক্ৰাইটিছ আদি বিভিন্ন ৰোগৰ দৰৱ প্ৰস্তুত কৰা হয় তুলসীৰ পৰা৷ 

তদুপৰি ম’হৰ কামোৰৰ হাত সাৰিবলৈও তুলসীৰ পাত ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল তুলসীপাতৰ বিভিন্ন উপকাৰী গুণ– 

১৷ ঠাণ্ডা লগা বা কাহৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসীপাত আৰু আদাৰ ৰসৰ সৈতে মৌ মিহলাই খালে উপকাৰ পোৱা যায়৷ 

২৷ পুৱা খালীপেটত অন্ততঃ তিনিটা তুলসীপাত চোবাই খালে মুখৰ ৰুচি আহে৷ 

৩৷ তুলসীপাতৰ ৰস খালে সোনকালে জ্বৰৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ 

৪৷ তুলসীপাত গৰম পানীত সিজাই সেই পানীৰে গাৰ্গল কৰিলে মুখ আৰু ডিঙিৰ ৰোগৰ বীজাণু নাইকীয়া হয় আৰু মুখৰ দুৰ্গন্ধ আঁতৰে৷ 

৫৷ তুলসীৰে বনোৱা চাহ খালে শাৰীৰিক আৰু মানসিক অৱসাদ আঁতৰ হয়৷ তদুপৰি ই মস্তিষ্কত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰে৷ 

৬৷ মূৰ আৰু গাৰ বিষ নিৰাময় কৰে তুলসীয়ে৷

৭৷ চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাতি কেইটামান তুলসীৰপাত পানীত তিয়াই ৰাখক৷ পুৱা এই পানীৰে চকু ধুলে উপকাৰ পোৱা যায়৷