বঁটা-বাহন, সন্মানৰ আধিক্য বনাম লাভলিনাৰ ভৱিষ্যৎ
টকিঅ’ অলিম্পিকত বক্সাৰ লাভলিনাই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল এক গৌৰৱময় অধ্যায়ৰ৷ অলিম্পিকত যোগদান কৰিবলৈ সুযোগ লাভ কৰাটোৱে এজন ক্ৰীড়াবিদৰ বাবে অতি সন্মানৰ বিষয়ৰূপে চিহ্নিত কৰা হয়৷ টকিঅ’লৈ যোৱাৰ পূৰ্বে লাভলিনাক দেশবাসীয়ে বিশেষকৈ ক্ৰাড়ানুৰাগীৰ এচামেহে চিনি পাইছিল৷ কিন্তু অপূৰ্ব ক্ৰীড়াশৈলীৰ লগতে যুঁজাৰু মানসিকতাৰ পৰিচয় দি লাভলিনাই অলিম্পিকৰ পূৰ্বে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি নিৰ্বাচকসকলক আশ্বস্ত কৰাৰ লগতে ইয়াৰ যোগেদি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখনৰ পৰা এটা মেডেলৰ সম্ভাৱনাৰ বিষয়ে আশাৰ সঞ্চাৰ কৰিছিল৷ কোৱা বাহুল্য এছিয়ান গেমছ, কমনৱেলথ গেমছ বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহত ভাৰতীয় বক্সাৰসকলে আশাপ্ৰদ সফলতা অৰ্জন কৰিছে যদিও অলিম্পিকত ভাৰতীয় বক্সাৰে বিশেষ সফলতা অৰ্জন কৰিব পৰা নাই৷ এই পৰ্যন্ত লাভলিনাক ধৰি তিনিজন ভাৰতীয় বক্সাৰেহে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কিন্তু টকিঅ’ৰ সফলতাই বিশ্বৰ ক্ৰীড়া মানচিত্ৰত অসমক সামান্যভাৱে হ’লেও স্থান দিয়াৰ বাবে লাভলিনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে৷ উল্লেখ্য লাভলিনাৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, হিমা দাসে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰি ৰাজ্যক গৌৰৱান্বিত কৰিছিল৷ অসমৰ আন কেইবাজনো ক্ৰীড়াবিদে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মেডেল লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে যদিও অলিম্পিক, এছিয়ান গেমছ, বিশ্ব এথলেটিকছ প্ৰতিযোগিতা আদিত পদক বিজয়ীজনক অধিক উচ্ছ আসনত ৰখা হয়৷ ১৯৬৬ চনত বেংকক এছিয়াম গেমছত ৮০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি সোণৰ পদক বিজয় কৰা ভোগেশ্বৰ বৰুৱা আজিৰ দিনত সমগ্ৰ ৰাজ্যবাসীৰ বাবে অতি আদৰৰ আৰু সন্মানৰ পাত্ৰ৷ তেওঁৰ জন্ম দিনটোক অভিৰুচি ক্ৰীড়া দিৱসৰূপে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে আয়োজন কৰা হয়৷ এনে কাৰ্যই প্ৰতীয়মান কৰে যে এজন সফল ক্ৰীড়াবিদক ৰাজ্যবাসীয়ে কিদৰে মৰম কৰে, শ্ৰদ্ধা প্ৰদৰ্শন কৰে৷ ভোগেশ্বৰ বৰুৱাৰ সাফল্যৰ দীৰ্ঘকাল বিৰতিৰ পাছত ‘ধিং এক্সপ্ৰেছ’ ৰূপে খ্যাত হিমা দাসে বিশ্ব জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰাৰ পাছত অসমৰ লগতে সমগ্ৰ দেশেই এই সাফল্যক লৈ আনন্দ-উছাহ প্ৰদৰ্শন কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে মুখ্য কৰি দেশৰ ক্ৰীড়ামন্ত্ৰী আৰn ¸বহুজনে হিমা দাসক প্ৰশংসাৰে উপচাই দিছিল৷ এই প্ৰতিযোগিতাৰ পাছত এছিয়ান গেমছতো হিমা দাসে সুন্দৰ প্ৰদৰ্শন কৰিছিল৷ ধাৰাবাহিকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ পাছত অসমবাসীয়ে হিমাৰ যোগেদি অলিম্পিকৰ এচ মেডেলৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল৷ উক্ত সফলতাবোৰৰ পাছত হিমালৈ আহিছিল এটাৰ পাছত এটাকৈ সন্মান, সম্বৰ্ধনাৰ জোঁৱাৰ৷ অৰ্জুন বঁটা লাভৰ পাছত হিমা দাসক অসম চৰকাৰে ডি এছ পিৰ দৰে সন্মানীয় পদো যাচিলে৷ সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলোতে হিমাক লৈ অলেখ জল্পনা-কল্পনা আৰম্ভ হ’ল৷ অলিম্পিকৰ দৰে এক প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ হ’লে ক্ৰীড়া প্ৰতিভা, ক্ৰীড়াশৈলীৰ লগতে আন বহু দিশৰ প্ৰয়োজন হয়৷ হিমা দাসে এছিয়ান গেমছত কৰা ৰেকৰ্ডৰ তুলনাত অলিম্পিকত যোগদানৰ বাবে যোগ্যতাৰ দৌৰত প্ৰয়োজনীয় সময়কে অতিক্ৰম কৰিবলৈ ব্যৰ্থ হ’ল৷ হিমা দাস নিজেই আশাহত হোৱাৰ লগতে ৰাজ্যবাসীৰ আশাও পূৰণ নহ’ল৷ এজন ক্ৰীড়াবিদৰ বাবে এয়া এক অস্বাভাৱিক ঘটনা নহয়৷ হয়তো হিমা দাসে পুনৰ উজ্বলি উঠি ৰাজ্যলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিব তাক সকলোৱে মনে-প্ৰাণে আশা কৰে৷ হিমা দাস অলিম্পিকৰ বাবে নিৰ্বাচিত নহ’ল যদিও তেনে সময়ত লাভলিনা অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে বীৰদৰ্পে মেডেল লৈ দেশলৈ ঘূৰি আহিল৷ অৱধাৰিতভাৱে লাভলিনা অসমবাসীৰ বাবে হৈ পৰিল নয়নৰ মণি, হিয়াৰ আমঠু স্বৰূপ৷ ৰজাঘৰ, প্ৰজাঘৰে লাভলিনাক আজি পৰ্যন্ত যাচি আছে এটাৰ পাছত এটাকৈ সন্মান, পুৰস্কাৰ৷ ভাৰত চৰকাৰে অৰ্জুন বঁটা দিয়াৰ পিছত শেহতীয়াকৈ লাভলিনাক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিলে মেজৰ ধ্যানচাঁদ খেল ৰত্নৰ দৰে অতি সন্মানজনক পুৰস্কাৰ৷ অলপতে অসম চৰকাৰে এক অনুষ্ঠানত লাভলিনাক অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্ত কৰিলে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শৈক্ষিক দিশত ব্যুৎপত্তিৰ জৰিয়তে যিদৰে এ চি এছ, এ পি এছ হ’ব পাৰি তেনেকৈ ক্ৰীড়া উৎকৰ্ষতাৰ মাধ্যমেৰেও তেনে চাকৰি পাব পাৰি তাক লাভলিনাৰ যোগেদি প্ৰতীয়মান হৈছে বুলি উক্ত অনুষ্ঠানত মন্তব্য কৰিছে৷ ক্ৰীড়া প্ৰতিভাৰ যোগেদি উজলি উঠা সকলক চৰকাৰে সুযোগ, সুবিধা প্ৰদান কৰাটো ভাল কথা৷ কিন্তু লাভলিনাৰ দৰে খেলুৱৈয়ে এই মুহূৰ্তত সন্মান, পুৰস্কাৰ বা অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰি সময় ব্যয় কৰাতকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজক অধিক যোগ্য কৰি ৰখাৰ বাবে প্ৰয়োজনীয় দিশতহে অধিক মনোনিৱেশ কৰা উচিত৷ নীৰজ চোপ্ৰাই সৰ্বকালৰ বাবে ইতিহাস সৃষ্টি কৰি এথলেটিকছত দেশৰ বাবে অলিম্পিক গ’ল্ড কঢ়িয়াই অনাৰ পাছত তেওঁকো সন্মান, পুৰস্কাৰেৰে উপচাই পেলোৱা হৈছিল৷ কিন্তু দৃঢ়মনা, অতি প্ৰতিভাৱান খেলুৱৈজনে এইবোৰ দিশৰ পৰা সন্তৰ্পণে নিজক আঁতৰাই জড়িত হৈ পৰিছে প্ৰেকটিছ আৰু ক্ৰীড়া মনস্বত্ত্ব সৱল কৰি ৰখাত৷ পূৰ্বতে উল্লেখ কৰা হৈছে যে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হ’বলৈ হ’লে ক্ৰীড়া প্ৰতিভাৰ লগতে বহুত কিবা-কিবিৰ প্ৰয়োজন৷ লাভলিনাইও এই দিশবোৰ উপলব্ধি কৰা উচিত৷






