Logo
image

এছঅ’পি, ক’ভিড বিধিৰ নামেই শুনা নাই নেতা-মন্ত্ৰীয়ে

ঠেঙাল-কছাৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ

আমাৰ অসম, ১৭ জানুৱাৰীঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আহ্বান-নিৰ্দেশ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিনম্ৰ গোহাৰি– এইবোৰৰ প্ৰতি এধানমানো ভ্ৰূক্ষেপ নাই অসমৰ বুজনসংখ্যক ৰাজনীতিকৰ৷ সেইসকলৰ ভিতৰত শাসক দলৰ নেতা-মন্ত্ৰী-বিধায়ক-সাংসদৰ সংখ্যাই সৰহ৷ তেওঁলোকৰ কাম-কাজ দেখিলে এনে ধাৰণা হয় যে তেওঁলোকে যেন ক’ভিড বিধি, এছঅ’পি আদিৰ নামেই শুনা নাই৷ যোৱা দুবছৰ ধৰি বুজনসংখ্যক ৰাজনীতিকে ক’ভিড বিধি হেলাৰঙে উলংঘা কৰি আহিছে৷ ফলত দুৰ্ভোগ বাঢ়িছে ৰাইজৰ৷ তথাপি তেওঁলোকৰ জ্ঞানচক্ষু মুকলি হোৱা নাই৷ নিৰ্বাচন বুলি ক’লেই তেওঁলোকৰ গা সাতখন-আঠখন হয়৷ ক’ভিডৰ ধামখুমীয়াৰ মাজতে ইতিপূৰ্বে কেইবাটাও নিৰ্বাচনত ক’ভিড বিধি ভংগ কৰি তেওঁলোকে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিছে৷ ঠেঙাল-কছাৰী পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো তেওঁলোকে পূৰ্বৰ নেতিবাচক পৰম্পৰা অব্যাহত ৰাখিছে৷ মাস্ক নোহোৱাকৈ শ শ লোকৰ সৈতে মিলামিছা কৰিছে– য’ত সামাজিক ব্যৱধান তথা শাৰীৰিক দূৰত্ব ধোৱাচাঙত উঠিছে৷ ছেনিটাইজেশ্বনৰ কথা নক’লোৱেইবা৷ বিগত কেইদিনৰ দৰে দেওবাৰেও বিভিন্ন ঠাইত ঠেঙাল-কছাৰী পৰিষদৰ নিৰ্বাচনী সভাবোৰত ব্যাপক জনসমাগম পৰিলক্ষিত হয়৷ বহু নেতা-মন্ত্ৰীয়ে এছঅ’পি আৰু ক’ভিড বিধিক দূৰতে বিদূৰ কৰি বৃহৎ জনসমষ্টিৰ মাজত বিপজ্জনকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ– যেন নিৰ্বাচনী সভালৈ ক’ভিড নাহেই৷ এইবোৰ দেখি-শুনি উদ্বিগ্ন মহলে হুমুনিয়াহ কাঢ়িছে এইদৰে– কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়েই লঠিয়াব...৷ উল্লেখ্য, অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তিতাবৰ বিধানসভা সমষ্টিত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তিতাবৰত থকা ১০টা পৰিষদীয় সমষ্টিত বিজেপি, অগপ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে ব্যাপক প্ৰচাৰ চলাইছে৷ নিৰ্বাচনী অস্থায়ী কাৰ্যালয়সমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে৷  দোকান, বজাৰ, গছ-গছনি আদি সৰ্বত্ৰ দল আৰু প্ৰাৰ্থীৰ ফটো সম্বলিত বেনাৰ, পোষ্টাৰ, হৰ্ডিং আদিৰে ভৰি পৰিছে৷ বিজেপি আৰু মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীসকলৰ হৈ শাসনাধিষ্ঠ চৰকাৰৰ একাংশ মন্ত্ৰী-বিধায়কৰ লগতে দলীয় নেতাই প্ৰতিদিনে কেইবাখনো সভা-সমিতিত অংশগ্ৰহণ কৰি ব্যাপক প্ৰচাৰ চলাই থকাৰ বিপৰীতে কংগ্ৰেছৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ নিৰ্দলীয় প্ৰাৰ্থীসকলেও একাংশ সমাজসেৱক পুৰুষ-মহিলাক লগত লৈ পূৰ্ণে্যদ্যমে নিজৰ প্ৰচাৰ চলাই আছে৷ আজি তিতাবৰ সীমান্ত অঞ্চল বেকাজানৰ অন্তৰ্গত বালিজান মিছিং কলাকৃষ্টি সংঘ মৃৰংঘৰত আবেলি ৩ মান বজাৰ পৰা অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, পীয়ূষ হাজৰিকা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছা, তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, বিজেপি আৰু অগপ দলৰ একাংশ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ একাংশ বিষয়ববীয়া আৰু বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৰনং নগাবাট সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিপুল কছাৰীৰ দ্বাৰা আয়োজিত আৰু প্ৰায় তিনি হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা এই নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাই তিতাবৰ সমষ্টিৰ বাট-পথসমূহৰ জৰাজীৰ্ণ অৱস্থা আৰু অন্যান্য সকলো দিশতে সমষ্টিবাসীৰ দূৰৱস্থাৰ মূলতে কংগ্ৰেছৰ অপশাসন বুলি কঠোৰ সমালোচনা কৰে৷ বৰ্তমান বিজেপি চৰকাৰখনৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা কৰি ইয়াৰ ৰাইজে যদি উন্নয়ন বিচাৰে তেন্তে বাৰে বাৰে কংগ্ৰেছক ভোট দি থকাৰ ভুল নকৰিবলৈ সকীয়াই দিয়ে আৰু কংগ্ৰেছৰ প্ৰতি থকা আৱেগ ত্যাগ কৰিবলৈ কয়৷ মন্ত্ৰী অতুল বৰাই বৰ্তমান বিজেপি চৰকাৰে কৃষি আৰু পশু পালনৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা সবল পদক্ষেপৰ বিষয়ে উপস্থিত ৰাইজক বিস্তৃতভাৱে বুজাই দিয়ে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ঘৰ আহঁতগুৰি অঞ্চলত৷ আহঁতগুৰিত ম’হৰ যুঁজ হয়৷ মন্ত্ৰী পীয়ূষ হাজৰিকা আহঁতগুৰিৰ মতা ম’হৰ নিচিনা আৰু তেওঁ তিতাবৰত যুঁজিবলৈ আহিছে বুলি কয়৷ তিতাবৰ সমষ্টিত থকা পৰিষদৰ ১০টা সমষ্টি বিজেপিৰ দখললৈ আহিলে তিতাবৰ বিধানসভা সমষ্টিটোৰ বিৰাট পৰিৱৰ্তন হ’ব বুলি প্ৰতিশ্ৰুতি দি উপস্থিত ৰাইজক স্থানীয় প্ৰাৰ্থী বিপুল কছাৰীক বিপুল ভোটত জয়ী কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে বৰ্তমান বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ বিষয়ে প্ৰশাংসা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেৰাহে ২০ বছৰ শাসনত থাকিব বুলি ভৱিষ্যৎদ্বাণী কৰে৷ মঞ্চত উপবিষ্ট কেইবাজনো ব্যক্তিৰ লগতে ৰনং নগাবাট সমষ্টিৰ প্ৰাৰ্থী বিপুল কছাৰীয়ে নিৰ্বাচনী বক্তৃতা প্ৰদান কৰে৷

মন্ত্ৰী পীয়ূষৰ মাৰাথন প্ৰচাৰ 

আমাৰ অসমঃ ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে৷ ৩ নং মাধপুৰ সমষ্টিত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তেওঁলোক হৈছে বিজেপিৰ প্ৰতাপ কছাৰী, কংগ্ৰেছ দলৰ অনিল কছাৰী আৰু বাওঁ গণতান্ত্ৰিক শক্তিৰ সমৰ্থিত চি পি আই দলৰ হৈ বিপ্লৱ কছাৰী৷ নিৰ্বাচনী প্ৰচাৰ তিনিওটা দলেই চলোৱা পৰিলক্ষিত হৈছে যদিও সকলোৰে শাসকীয় দলৰ প্ৰাৰ্থীজনৰ প্ৰচাৰ কিছু আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ আজি কিছুদিনৰ আগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল কছাৰীৰ সমথৰ্নত সাংসদ গৌৰৱ গগৈয়ে তিতাবৰৰ কেইবাটাও পৰিষদীয় সমষ্টিৰ লগতে ৩নং মাধপুৰ সমষ্টিৰ অন্তৰ্গত বছা গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই গৈছে৷ আজি বিজেপি দলৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীৰ সমৰ্থনত বছাগাঁৱৰ সেউজী ভৱনত অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকই এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তিতাবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক এজন মিছলীয়া বিধায়ক বুলি কটাক্ষ কৰি কয় যে, তিতাবৰত ৰাষ্ট্ৰীয় জল জীৱন মিচনৰ অধীনত প্ৰতিঘৰ মানুহক খোৱাপানীৰ যোগান ধৰিবলৈ যি আঁচনি গ্ৰহণ কৰা হৈছে, দৰিদ্ৰ লোকৰ বাবে আৱাসগৃহৰ যি যোগান ধৰিব বিচৰা হৈছে সেয়া কংগ্ৰেছ দলৰ বিধায়কজনে কৰাৰ ব্যৱস্থা প্ৰচাৰ চলাই মিছাৰ আশ্ৰয় লৈছে৷ তেওঁ আৰু কয় যে আজি তিতাবৰ সমষ্টিৰ দাঁতি কাষৰীয়া সমষ্টি খুমটাই সমষ্টি, তেওঁ প্ৰতিনিধিত্ব কৰা জাগীৰোড সমষ্টিৰ লগতে বিজেপি দলৰ বিধায়ক থকা সমষ্টিৰ ৰাস্তা-পদূলিৰ যি উন্নয়ন হৈছে সেয়া তিতাবৰত সম্ভৱ হোৱা নাই যিহেতুকে তিতাবৰত চৰকাৰীপক্ষৰ বিধায়ক নাই৷ তেওঁ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে ঠেঙাল কছাৰী নিৰ্বাচনৰ বাবে তেওঁ তিতাবৰত একেৰাহে সাত দিনকৈ বিভিন্ন স্থানত প্ৰচাৰ চলাই ইয়াৰ ৰাস্তা-পদূলিৰ অৱস্থা দেখি মুখ্যমন্ত্ৰীৰ লগত টেলিফোনযোগে বিষয়টো অৱগত কৰাত মুখ্যমন্ত্ৰীয়ে তিতাবৰৰ সকলোবিলাক ৰাস্তা-পদূলিৰ মেৰামতি কৰা হ’ব বুলি তেওঁক ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰে আৰু সেইমৰ্মে মন্ত্ৰী পীয়ূষ হাজৰিকাই সকলো ৰাস্তা, পদূলি মেৰামতি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ এনেধৰণৰ সমস্যাবিলাক তিতাবৰ ৰাইজে নিজেই সৃষ্টি কৰিলে যিহেতুকে বিজেপি দলৰ বিধায়কজন নিৰ্বাচিত কৰা হ’লে এনেধৰণৰ সমস্যাৰ সৃষ্টি নহ’লহেতেঁন৷ তেওঁ আৰু কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ সেয়ে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন বিজেপি দলে গঠন কৰিব৷ পৰিষদখন যদি বিজেপিৰ দলেই গঠন কৰে তেতিয়া ৩ নং মাধপুৰ সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীক নিৰ্বাচিত নকৰিলে তিতাবৰ সমষ্টিৰ উন্নয়নত যেনেকৈ বাধাৰ সৃষ্টি হৈছে সেইদৰেই ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩নং মাধপুৰ সমষ্টিৰো উন্নয়নত বাধা আহিব৷ সেয়ে প্ৰতাপ কছাৰীক নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়৷ বছাগাঁৱৰ পৰা পোনে, পোনে মন্ত্ৰীজন নগাবাট সমষ্টিৰ দলীয় প্ৰাৰ্থী বিপুল কছাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাওনা হয়৷ তিতাবৰ মণ্ডল বিজেপিৰ সম্পাদক দেৱজিৎ বৰুৱাই আঁত ধৰা নিৰ্বাচনী সভাখনত অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, কেবিনেট মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা, যোৰহাট লোকসভা সমষ্টি সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই বক্তব্য প্ৰদান কৰি প্ৰতাপ কছাৰীক জয়যুক্ত কৰিবলৈ আহ৩ান জনায়৷ সভাত যোৰহাট জিলা বিজেপিৰ সম্পাদক দেৱজিৎ সোণোৱাল, যোৰহাট জিলা অগপৰ সভাপতি সৌৰভ কুমাৰ বৰাকে প্ৰমুখ্যে কৰি বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰে৷ পাঁচশৰো লোক উপস্থিত থকা সভাত কংগ্ৰেছ দলৰ প্ৰাক্তন গাঁও সভাৰ সদস্য অনুজ শইকীয়া, ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ শান্তনু শইকীয়া, নিবিৰণ কছাৰী, কংগ্ৰেছ দলৰ কেইবাজনো সদস্যৰ সৈতে মুঠ ১২জন সদস্যই বিজেপি দলত যোগদান কৰে৷

জয়ন্ত-বিশ্বজিতক লগত লৈ অজন্তাৰ প্ৰচাৰ 

আমাৰ অসমঃ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থী হৰপ্ৰভা ঠেঙালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মৰঙিৰ বিষ্ণুপুৰত উপস্থিত হয়হি অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনসহ বিজেপি দলৰ বহু নেতা-কৰ্মী৷ বিষ্ণুপুৰ সামূহিক ভৱনত আয়োজিত সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে অঞ্চলটোৰ উন্নয়নৰ গতিত যাতে কিঞ্চিতো বাধা আহি নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বৰ্তমান সকলো দিশেৰে সুৰক্ষিত৷ মুখ্যমন্ত্ৰীয়ে দিনটোৰ চৌব্বিশ ঘণ্টাই ৰাইজৰ কামত ব্যস্ত থাকে৷ মুখ্যমন্ত্ৰীৰ হাত আৰু শক্তিশালী কৰি তুলিবলৈকে আগন্তুক নিৰ্বাচনত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক জয়ী কৰোৱাটো অতিকে জৰুৰী৷ সভাত জয়ন্ত মল্ল বৰুৱা, বিশ্বজিৎ ফুকন, ভাস্কৰ বৰুৱায়ো ৰাইজৰ প্ৰতি সেই একেই আহ৩ান জনায়৷ চৰকাৰে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি, কেৱল দুশ মানুহহে সমবেত হ’ব পাৰিব, তেনেক্ষেত্ৰত উক্ত সভাত কিদৰে দুহাজাৰৰো অধিক মানুহ সমবেত কৰাব পৰা গৈছে, সাংবাদিকে সেইদৰে প্ৰশ্ন তোলাত ৰাজ্যৰ কেবিনেট মন্ত্ৰীজনে কয় যে, সকলো ক’ভিড ৰীতি-নীতি পালন কৰিয়েই সভাখন আয়োজন কৰা হৈছিল যদিও আশা কৰাতকৈ মানুহৰ সমাগম বেছি হ’ল আৰু তাক বাধা দিব পৰা নগ’ল৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই অসমৰ গোটেই বাইশখন আসনতে মিত্ৰদলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি আত্মবিশ্বাস প্ৰকট কৰাৰ লগতে জনায় যে ক’ভিডে আনি দিয়া যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ চৰকাৰখন সাজু হৈ আছে৷ ক’ভিডৰ বৰ্তমান যি নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ, সেয়া অতি দ্ৰুত বুলি বৰুৱাই উল্লেখ কৰাৰ লগতে কয় যে নতুন ভেৰিয়েণ্টৰ মাৰক ক্ষমতা কিন্তু অতি কম৷ তথাপি জনসাধাৰণক সকলো ক’ভিডবিধি মানি চলিবলৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাজনে আহ৩ান জনায়৷ ইফালে ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়ত নিৰ্বাচনৰ নামত চৰকাৰী পক্ষই অনুষ্ঠিত কৰা সভাখনক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে৷ সভাত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হোৱা নাছিল আৰু ছেনিটাইজেশ্বন আদিৰো কোনো ব্যৱস্থা নাছিল৷ উপস্থিত ৰাইজে সামাজিক দূৰত্বও মানি চলা পৰিলক্ষিত নহ’ল, যাৰ বাবে এতিয়া বিশেষ চৰ্চিত হৈ পৰিছে এই নিৰ্বাচনী সভাখন৷ ইফালে ২০২২ চনৰ ৰ জানুৱাৰীৰ পৰা আজি দিনটোলৈকে গোলাঘাট জিলাত ক’ভিড-১৯ত আক্ৰান্ত হৈছে ২৯৬জন লোক আৰু সক্ৰিয় হৈ আছে ২২৩ জন৷