Logo
image

আজি শিল্পী দিৱস ৫০জনক পেন্সন

আমাৰ অসম, ১৭ জানুৱাৰীঃ আজি শিল্পী দিৱস৷ যুগদ্ৰষ্টা পুৰুষ, জীৱনকালত বিভিন্ন সৃষ্টিৰাজীৰে সমগ্ৰ অসমখনক, অসমীয়া সমাজ জীৱনক বৰ্ণাঢ্য কৰা গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী৷ ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ  মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই কাৰ্যসূচীতে বিশিষ্ট শিল্পী ড॰ অৰ্পনা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব চলিত বৰ্ষৰ ৰাজ্যিক শিল্পী বঁটা৷ ইয়াৰ লগতে ২০২১ চনত ঘোষিত বীৰ ৰাঘৱ মৰান বঁটা বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ড॰ উপেন ৰাভা হাকাচামক, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা নাট্য শিল্পী উপকূল বৰদলৈক, নটসূৰ্য ফণী শৰ্মা বঁটা নাট্য শিল্পী অবিনাশ শৰ্মাক, বিষ্ণুৰাভা বঁটা বিশিষ্ট চিত্ৰশিল্পী সোণাৰাম নাথ আৰু লোক শিল্পী দ্ৰোন ভূঞাক এই কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচীতে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব৷ বঁটাত থাকিব দুই লাখ টকাৰ চেক, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই এই কথা ঘোষণা কৰে৷ মন্ত্ৰীজনে সদৰি কৰা অনুসৰি ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন ক্ৰমে বসন্ত পাটগিৰি [বজালী], অনিল ব্ৰহ্ম [বাগ্‌সা], গুণেশ্বৰ ভূঞা [বৰপেটা], নন্দ কিশোৰ চৌধুৰী [বঙাইগাঁও], মীৰা দেব [কাচাৰ], অতুল হাতীবৰুৱা [চৰাইদেউ], সমৰেন্দ্ৰ নাৰায়ণ দেৱ [দৰং], ৰাজেন্দ্ৰ নাথ [দৰং], অক্ষয় কুমাৰ ৰায় [ধুবুৰী], মেটকা মুৰমু [ডিব্ৰুগড়], মমতা বৰঠাকুৰ [ডিব্ৰুগড়], মধুৰাম ৰাভা [গোৱালপাৰা], নীৰদা বৰা [গোলাঘাট], এমি সন্দিকৈ [গোলাঘাট], উপেন বৰা বুঢ়াভকত [যোৰহাট], চেনীৰাম উৰাং [যোৰহাট], কমিচন ৰাভা [কামৰূপ], জ্যোতিষ চন্দ্ৰ নাথ [কামৰূপ], অৱণী শৰ্মা [কামৰূপ], হীৰামণ গোস্বামী [কামৰূপ মেট্ৰ], হীৰা নেওগ [কামৰূপ মেট্ৰ], ৰূপাঞ্জলী ভট্ট বৰপূজাৰী [কামৰূপ মেট্ৰ], অপূৰ্ব বেজবৰুৱা [কামৰূপ মেট্ৰ], প্ৰাণজিৎ দাস [কামৰূপ মেট্ৰ], ঘনকান্ত বৰা [কামৰূপ মেট্ৰ], ৰঞ্জিত দাস [কামৰূ মেট্ৰ], মইনুল হক [কামৰূপ মেট্ৰ], নাৰায়ণ শীল [কামৰূপ মেট্ৰ], জয়া দুৱৰা [কামৰূপ মেট্ৰ], বীণা বাৰূৱতী [কামৰূপ মেট্ৰ], ট্ৰিকেনজিৎ নাৰ্জাৰী [কোকৰাঝাৰ], ৰেইজিং দেউৰী [লখিমপুৰ], যোগেশ্বৰ লিগিৰা [লখিমপুৰ], হেৰম্ব হাজৰিকা [মাজুলী], ঘনকান্ত শইকীয়া বৰ বায়ন [মাজুলী], ৰঞ্জন কুমবাং [মাজুলী], নাদিৰাম দেউৰী [মৰিগাঁও], পবিত্ৰ বৰা [নগাঁও], ত্ৰৈলোক্য বৰকাকতী [নগাঁও], অৰূপ মান্না [নগাঁও], প্ৰবোধ লহকৰ [নগাঁও], জীৱন ডাউকা [নলবাৰী], নজৰুল ইছলাম [নলবাৰী], ৰমেন শৰ্মা [নলবাৰী], আৰতি তালুকদাৰ [নলবাৰী], পদ্ম বায়ন [শিৱসাগৰ], অজিৎ শৰ্মা [শোণিতপুৰ], ৰীজু বৰ কাকতি [বিশ্বনাথ], মীনা মৰান [তিনিচুকীয়া] আৰু হৰিচৰণ ৰাজবংশীয়ে [ওদালগুৰি] আগবঢ়োৱা হৈছে৷ এই সকলে প্ৰতিমাহে জ্জ্ব হাজাৰ টকাকৈ মাহিলী পেঞ্চন লাভ কৰিব৷ ৰাজ্যৰ ১৫০ জন শিল্পীলৈ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক শিল্পী সন্মান আৰু ১৮ গৰাকী প্ৰয়াত শিল্পীৰ পত্নীলৈ ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰে৷ বাৰ্ষিক শিল্পী পেঞ্চন লাভ কৰা শিল্পীৰ মাজত হীৰেন মেধি [বজালী], টিকেন ৰয় [বজালী], ৰবেন্দ্ৰ নাথ ভৰালী জ্যোতি ভূঞা [বিশ্বনাথ], কান্তি দত্ত [কাচাৰ], প্ৰতীম গগৈ [চৰাইদেউ], কামেশ্বৰ বৰদলৈ [দৰং], মহেশ্বৰ ডেকা [দৰং], ঘনশ্যাম বৰুৱা [দৰং], অসীম দত্ত [ধেমাজি], প্ৰশান্ত কুমাৰ বৰদলৈ [ডিব্ৰুগড়], জয়ন্ত নাথ [ডিব্ৰুগড়] আদিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷