Logo
image

এই ‘দালালে’ই থানাত চকী-মেজ পাৰি বহি অ’চিৰ নিৰ্দেশতে কাম কৰিছিল

হঠাৎ এজাহাৰ লেখা দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ধৃত ২৪২

আমাৰ অসম, ১৭ জানুৱাৰীঃ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই দালালৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধ ঘোষণা কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মাটিৰ দালাল, ডিটিঅ’ অফিচৰ দালালৰ পাছত এইবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলিল থানাৰ এজাহাৰ লিখা দালালৰ বিৰুদ্ধে অভিযান৷ শনিবাৰে নিশাৰ পৰা চলা এই অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেওবাৰে নিশা পৰ্যন্ত ২৪২ জন থানাৰ এজাহাৰ লিখা লোকক দালালিৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে৷ থানালৈ অহা সাধাৰণ ৰাইজক এইসকল   দালালে দীৰ্ঘদিনে প্ৰবঞ্চনা কৰাৰ অভিযোগ উঠিছে৷ থানালৈ অহা সাধাৰণ ৰাইজক দালালি, প্ৰৱঞ্চনা কৰাৰ অভিযোগত কৰ্কট ৰোগী, ৭৫ বছৰীয়া বৃদ্ধকো নিশাৰ ভিতৰত ঘৰৰ পৰা উঠাই আনি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে৷ কাজেই বিষয়াটোৱে যেনেদৰে এহাতে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে, তেনেদৰে বিভ্ৰান্তিৰো সৃষ্টি কৰিছে৷ থানাত অ’চিৰ তত্বাৱধানতে চকী-মেজ পাৰি বহা একাংশ মধ্যভোগী শ্ৰেণীৰ লোকে বহুতকে হাৰাশাস্তি কৰাটো অসত্য নহয়৷ কিন্তু কেৱল থানাতেই নহয় কৰ্ট বা চক্ৰ বিষয়াৰ কাৰ্যালয়তো একাংশ বেচৰকাৰী তৰণীয়ে চকী-মেজ পাৰি বহি ৫০-১০০ টকাৰ বিনিময়ত সৰ্বসাধাৰণ, দৰিদ্ৰ লোকক বিভিন্ন চৰকাৰী কামত সহায়ো কৰি অহাৰ কথাটোও নুই কৰিব নোৱাৰি৷ সৰ্বসাধাৰণ, অশিক্ষিত বা অৰ্ধ শিক্ষিত লোক এজনৰ বাবে বহু সময়ত এই তৰণীসকল ত্ৰাণকৰ্তা স্বৰূপ হৈ পৰে৷ যি সকলে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোকেহে কথাটো নিশ্চিয় ভালকৈ অনুধাৱন কৰিব পাৰিব৷ ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই খোদ গুৱাহাটী মহানগৰীৰ বিভিন্ন থানা, চক্ৰ বিষয়াৰ কাৰ্যালয়ত এনে বহু সংখ্যক মধ্যভোগী আছে, যি সকলে সামান্য টকাৰ বিনিময়ত ৰাইজক সহায় কৰি দিয়াৰ বাহিৰে কোনো অসৎ কাম কৰাৰ নজিৰ নাই৷ একেটা কাম অধিবক্তাৰ সহায়ত কৰিবলগীয়া হোৱাহেঁতেন ৰাইজে হয়তো কেইবা হাজাৰ টকা ব্যয় কৰিব লাগিলহেঁতেন৷ এইখিনিতে প্ৰশ্ন উঠিছে–যদিহে থানাত এজাহাৰ লিখি দিয়া এইসকল তথাকথিত দালালক গ্ৰেপ্তাৰ কৰা হৈছে তেন্তে থানাৰ চৌহদত চকীমেজ পাৰি ছত্ৰছায়া দিয়া সংশ্লিষ্ট আৰক্ষী বিষয়াসকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ দালালৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বহুতৰ দাবী তেওঁলোকৰ মহৰী বা তৰণীৰ কাম কৰাৰ চৰকাৰী পঞ্জীয়ন আছে৷ অৱশ্যে এয়া কিমান সত্য তদন্তৰ দ্বাৰাহে নিশ্চিত হ’ব৷ প্ৰশ্ন উঠিছে–সৰিয়হৰ দুলিতে ভূত ওলাইছে নেকি? থানাই থানাই ইমানবোৰ ‘দালাল’ থকাৰ পাছতো সংশ্লিষ্ট থানাবোৰৰ অচিয়ে গমেই পোৱা নাছিল নেকি? যদি তেওঁলোকে গম পোৱা নাছিল, তেন্তে সেই থানাৰ অ’চিকেইজন অদক্ষ আৰু তেওঁলোককো নিলম্বন কৰিব লাগে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰৰ ২১ ছেপ্তেম্বৰৰ পৰা চলা মাটিৰ দালালবিৰোধী অভিযানত জালত পৰিছিল ৪১০ গৰাকী মাটিৰ দালাল৷ ৰাজ্যজুৰি গ্ৰেপ্তাৰ হৈছিল ইজনৰ পিছত সিজন মাটিৰ দালাল৷ মাটিৰ দালালবিৰোধী অভিযানৰ পাছত সৰ্বত্ৰ প্ৰশংসিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী৷ কিয়নো, এইসকল মাটিৰ দালালে দীৰ্ঘদিন ধৰি প্ৰবঞ্চিত কৰি আহিছিল খিলঞ্জীয়া অসমীয়া পৰিয়ালসমূহক৷ বহু পৰিয়ালে দিকবিদিক হেৰুৱাই মাটিৰ দালালৰ আশ্ৰয় লৈ হ’লেও মাটিৰ কাম-কাজ তথা সমস্যাৰ সমাধান কৰিছিল৷ প্ৰবঞ্চিত হৈছিল বহু অসমীয়া পৰিয়াল৷ সমগ্ৰ অসমত অসমীয়া মানুহৰ হাজাৰ হাজাৰ বিঘা ভূমি নিৰ্বিঘ্নে ক্ৰয় কৰিছিল মাটিৰ দালালৰ বৃহৎ চক্ৰটোৱে৷ ক্ৰমশ: সংকুচিত হৈ আহিছে খিলঞ্জীয়াৰ সাতামপুৰুষীয়া মাটি-ভেটি৷ অসমীয়াৰ ভূমি এতিয়া বহিৰাগত পুঁজিপতি বণিয়াৰ দখলত৷ গাঁৱে-ভূঞে, চহৰে-নগৰে কৃষিভূমি, পথৰুৱা মাটি ক্ৰয় কৰিছে পুঁজিপতি বণিয়াই৷ যাৰ বাবে মাটি হেৰুওৱা জাতিত পৰিণত হ’বলৈ গৈ আছে অসমীয়া৷ সেয়ে, মুখ্যমন্ত্ৰীৰ দালালবিৰোধী অভিযানক প্ৰশংসা কৰিছিল অসমবাসীয়ে৷ কিন্তু, অসমবাসীৰ আশা স্থায়ী নহ’ল৷ গ্ৰেপ্তাৰৰ কিছুদিন পাছতেই জামিনত মুকলি হৈ গ’ল গ্ৰেপ্তাৰ হোৱা দালালসকল৷ কিয়নো, তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ জামিনত মুকলি হোৱাৰ পাছত এতিয়া পুনৰ দুগুণ উৎসাহেৰে মাটিৰ দালালসকল পুনৰ একে কাৰ্যত নামি পৰিছে৷ যেন স্বীকৃতিপ্ৰাপ্তহে হৈ পৰিল তেওঁলোক৷ মাটিৰ দালালৰ পুৰাণ এতিয়া পুৰণি হ’ল৷ মাজতে মুখ্যমন্ত্ৰীয়ে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ো দালালমুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অথচ, আজিপৰ্যন্ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দালালবিৰোধী অভিযানৰ তীব্ৰতা দেখা নগ’ল৷ তাৰ পাছত আজি দেখা গৈছে ৰাজ্যজুৰি আৰক্ষী থানাৰ দালালৰ বিৰুদ্ধে অভিযান চলিছে৷ এতিয়া প্ৰশ্ন হৈছে, মাটিৰ দালালৰ দৰে এইসকল দালালো সাৰি যাব নেকি? নে, আজিৰ দালালবিৰোধী অভিযানো হৈ পৰিব চমক/ কিয়নো, অসমৰ ৰাইজে তেওঁলোকৰ জীৱনপ্ৰণালী আৰু জাতীয় জীৱনৰে সম্পৰ্কিত বিষয়বোৰৰ ক্ষেত্ৰতহে মুখ্যমন্ত্ৰীৰ পৰা কাৰ্যকৰী ভূমিকা আৰু ব্যৱস্থা আশা কৰিছে৷ মাটিৰ দালালৰ দৰে ৰাজ্যত এতিয়াও ৰাজ্যত দপদপাই থকা আন এক শ্ৰেণীৰ দালাল আছে৷ তেওঁলোক হ’ল পৰিবহণ দালাল৷ খানাপাৰা, নগাঁও বাইপাছ আদিত এই সকল দালালে যাত্ৰীক গাড়ীত উঠাই দিয়াৰ নামত লয় নগদ ধন৷ দুৰণিবতীয়া যাত্ৰীক হাৰাশাস্তি কৰে, বেগ টানি নিয়ে৷ কিন্তু সকলো দেখিও এইসকল দালালৰ বিৰুদ্ধে এতিয়াও নিশ্চুপ আৰক্ষী প্ৰশাসন৷

দেওবাৰে নিশালৈকে গ্ৰেপ্তাৰ ২৪২জন

‘আমাৰ অসমঃ অসম আৰক্ষীৰ তথ্য অনুসৰি দেওবাৰে নিশা পৰ্যন্ত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ২৪২জন দালালক গ্ৰেপ্তাৰ কৰা হৈছে৷ যোৰহাট জিলাৰ পৰা জ্ঝজন দালাল, শিৱসাগৰ জিলাৰ পৰা ছজন, দক্ষিণ শালামাৰা মানকাচৰৰ পৰা প্তজন, ধুুবুৰীৰ পৰা জ্জজন, গোলাঘাটৰ পৰা প্তজন, ডিব্ৰুগড়ৰ পৰা প্তজন, চৰাইদেউৰ পৰা ২জন, বজালীৰ পৰা এজন, গোৱালপাৰাৰ পৰা ১৩জন, বিশ্বনাথ চাৰিআলিৰ পৰা জ্জজন, শোণিতপুৰৰ পৰা ৬জন, বঙাইগাঁৱৰ পৰা ১২জন, বৰপেটাৰ পৰা ৩জন, লখিমপুৰৰ পৰা জ্জ্বজন, যোৰহাটৰ পৰা জ্ঝজন, ওদালগুৰিৰ পৰা ৬জন, কৰিমগঞ্জৰ পৰা ১০জন, গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ পৰা প্তজন, গুৱাহাটীৰ মধ্য আৰক্ষী জিলাৰ পৰা এজন, গুৱাহাটীৰ পশ্চিম আৰক্ষী জিলাৰ পৰা দুজন, কোকৰাঝাৰ জিলাৰ পৰা জ্জজন, কামৰূপ জিলাৰ পৰা ৩৭জন, হামৰেন জিলাৰ পৰা এজনো নাই, কাছাৰ জিলাৰ পৰা ১০জন, দৰং জিলাৰ পৰা জ্ঝজন, হোজাই জিলাৰ পৰা জ্জ্বজন, ধেমাজি জিলাৰ পৰা প্তজন আৰু নগাঁও জিলাৰ পৰা ১২জন দালালক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা সৰহসংখ্যক লোকৰ সংশি¡ষ্ট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা মহৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰি থানাসমূহত এজাহাৰ লিখাৰ কাম কৰি আছিল৷ এজাহাৰ লিখি দিয়াৰ বিনিময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলে ৫০ টকাৰ পৰা ১০০ টকা আদায় লৈছিল৷

ৰৌতাত ধৃত দুই দালাল পজিটিভ, হাস্পতালত ভৰ্তি

‘আমাৰ অসমঃ বিটিআৰৰ ওদালগুৰি জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত যোৱা আৰক্ষী দলে এক অভিযান চলাই গোচৰীয়াৰ আবেদনৰ উপৰিও বিভিন্ন কাৰ্যালয় আৰু আদালতৰ আবেদন লেখা-মেলা কৰি অৰ্থ সংগ্ৰহ কৰা দুজন ব্যক্তিক আজি গ্১৫াৰ কৰে৷ আজি গ্ৰেপ্তাৰ কৰা লোকজনৰ এজন হৈছে ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী হাতীগড় গাঁৱৰ সৰবৰহী মহিলা তথা ৰৌতা চাৰিআলি আদৰ্শ চিকিৎসালয়ৰ ‘আশা কৰ্মী’ মৰমী খনিকৰ শৰ্মা আৰু কালি ১৫ জানুৱাৰীৰ দিনা গ্ৰেপ্তাৰ কৰা ব্যক্তিজন হৈছে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাউৰীপোটাৰ দালাল আব্দুল জলিজ৷ এজাহাৰ লেখক আব্দুল জলিলৰ লগতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰৌতা আৰক্ষী থানালৈ আজি আনে যদিও দুয়োগৰাকীয়ে ক’ভিড-১৯ত আক্ৰান্ত৷ বিশ্বকঁপোৱা কালান্তক মহামাৰী কৰ’নাত আক্ৰান্ত হৈ থকাৰ কথা জানিব পাৰি আৰক্ষীয়ে দুয়োগৰাকী গোচৰীয়া পক্ষৰ আবেদন লেখকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱায়৷ আনহাতে, ওৰাঙৰ এজন এজাহাৰ লেখক আৰু ৰৌতা চাৰিআলি পৰা এজাহাৰ লিখা এজন প্ৰমুখ্যে ৰৌতা, ওৰাং, মাজবাটৰ বেংক, ব্লক, সমবায়, কাৰ্যালয়, আদালত আদিত দালালি কৰি দুৰ্নীতি কাৰ্যৰ অৱলম্বনেৰে টকা সংগ্ৰহ কৰি থকা তেনে লোকক গ্১৫াৰ কৰিবৰ বাবে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপনে তীব্ৰ অনুসন্ধান চলায় আছে বুলি জনা গৈছে৷

ৰূপহীহাটত গ্ৰেপ্তাৰ পাঁচ দালাল

আমাৰ অসমঃ শনিবাৰৰ নিশা ৰূপহীহাট আৰক্ষীয়ে মাৰাথন অভিযান চলাই পাঁচজন দালালক আটক কৰিছে৷ ৰূপহী, গড়াজান, ফাকলিত চলিছিল অভিযান৷ বিজেপি একাংশ মন্ত্ৰী-বিধায়কৰ অতি ঘনিষ্ঠ বুলি পৰিচয় দি থানা থানাই দালালি কৰি আহিছিল ভুৱা বিজেপিকৰ্মী সাহা আলমে৷ আনকি নিজকে বিজেপিৰ ৰূপহীহাটৰ বিগত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থীজনৰ ছত্ৰছায়াত বছৰ বছৰ ধৰি আৰক্ষী থানাত গোচৰ তৰা আৰু মীমংসাৰ নামত ছিণ্ডিকেট গঢ়ি তুলিছিল বুলি একাংশ ৰাইজে ইতিপূৰ্বে অভিযোগ উত্থাপিত কৰিছিল৷  ধন দিবলৈ অস্বীকাৰ কৰিলেই ধৃত দালালটোৱে আৰক্ষীৰ হতুৱাই সাধাৰণ লোকক হাৰাশাস্তি চলোৱা বুলি সৰৱ চৰ্চা চলিছে৷ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক জনৈক বৰাৰ কাৰ্যকালত সাহা আলমৰ দৌৰাত্ম্যৰ বাবে ৰাইজে চকুৰে সৰিয়হৰ ফুল দেখিবলৈ বাধ্য হৈছিল৷ সাহা আলমৰ লগতে আটক হৈছে, ৰূপহীৰ শৰ ৰাজখোৱা, ৰৌমাৰীৰ মজিবুৰ ৰহমান[তৰণী], ৰূপহীৰ খাইৰুল ইছলাম, আৰু গড়াজানৰ গুলজাৰ হুছেইন নামৰ আন চাৰিজন দালাল৷ এতিয়া স্থানীয় সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে যে, সাহা আলমে উক্ত পৰাজিত প্ৰাৰ্থীজনৰ সহায়ত উক্ত গোচৰৰ পৰা মুক্তি লাভ কৰাত যদি সফল হয়, তেন্তে এয়া এক নাটকৰ বাহিৰে অন্য একো নহ’ব বুলি মতপোষণ কৰে৷

বকো-ছয়গাঁৱত গ্ৰেপ্তাৰ ১৯ দালাল

আমাৰ অসমঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল, থানাৰ দালাল আদিকে ধৰি বিভিন্ন শ্ৰেণীৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা সময়তে শনিবাৰৰ নিশা কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো আৰক্ষী এলেকাৰ পৰা আৰক্ষীয়ে ১৯জনকৈ দালালক আটক কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত বাতৰি মতে, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত বকো- ছয়গাঁও এলেকাৰ ছয়গাঁও থানা, গৰৈমাৰী আৰু জোৰশিমুলী আৰক্ষী চকী, বকো থানা, সোণতলী আৰক্ষী চকী আদিৰ আৰক্ষীৰ বিষয়াও আৰক্ষী বাহিনীয়ে চলোৱা নিশাৰ অতৰ্কিত অভিযানত এই ১৯জনলৈ দালালক আটক কৰিবলৈ সক্ষম হয়৷ ইফালে, ছয়গাঁও থানা আৰু গৰৈমাৰী আৰু জেৰশিমূলী আৰক্ষীৰ যৌথ অভিযানত মাজগুমীৰ মহিৰুদ্দিন আহমেদ, গৰৈমাৰীৰ আব্দুল কালাম আজাদ, গৰৈমাৰী সত্ৰ নিবাসী তথা বিজেপিৰ কিষান মৰ্চাৰ মণ্ডল সভাপতি ৱাজেদ আলী, অগপ নেতা ইউচুফ আলী, হাতীপাৰা নিবাসী তথা বাতাহিদিয়া চৰকাৰী এম ই মাদ্ৰাছাৰ চকীদাৰ আইনাল হক, কানহাৰা গাঁৱৰ আইনুল আলী, জোৰশিমুলী টপাপথাৰ গাঁৱৰ নজৰুল ইছলাম আৰু বাহাৰ আলীক আটক কৰে৷ আনহাতে, বকো থানাৰ আৰু সোণতলী আৰক্ষীৰ যুটীয়া অভিযানত সোণতলীৰ চাউৰদিয়া গাঁৱৰ জয়ান আলী, সোণতলী মৌজাৰ মৌজাদাৰ মীৰ ৰবিউল হুছেইন চৌধুৰী, নিজ কাঠমী গাঁৱৰ শিক্ষক মহিৰ উদ্দিন, মালিবাৰীৰ কুতুবুদ্দিন আহমেদ, ৰ নং মালিবাৰী পথাৰৰ আব্দুল কাদিৰ, ৰফিক আলী, ৩ নং মালিবাৰী পথাৰৰ মৈজুদ্দিন আহমেদ, ২ নং দক্ষিণ ৰাঙাপানীৰ ছৈয়দ ৰেজাউল হক, সোণতলী সুঁতিৰপাৰ গাঁৱৰ গৃহৰক্ষীৰ জোৱান পৰাণ আলী, নতুন দেওচৰৰ ছবুৰ উদ্দিন আলী আৰু ছাহেদ আলী নামৰ লোককেইজন আটক হয়৷ সম্প্ৰতি বকো আৰু ছয়গাঁও আৰক্ষীয়ে নিশা আটক কৰা দালালকেইজনক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ জেৰাৰ বাবে প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে, এই দালালকেইজনৰ মিত্ৰজোঁট অগপ দলৰ সদস্য৷ ইতিমধ্যে বকো আৰক্ষীয়ে আটক কৰা দালালকেইজনৰ বিৰুদ্ধে ১২০[বি]য৪২০/৩৮৪/২১ৰ/৪৬৮ আই পি চি ধাৰাত ৩৯ নং গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ সম্প্ৰতি দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী বাহিনীয়ে চলেৱা এই অভিযানে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও আৰক্ষীৰ এই অভিযান এইখিনিতে সামৰণী পৰিবনে ৰৌ-বৰালী সাৰি যাব?  এয়াই কোটি টকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ 

শিৱসাগৰত দুই নিৰীহসহ তিনিজনক গ্ৰেপ্তাৰ

আমাৰ অসম, শিৱসাগৰঃ ধনৰ বিনিময়ত বিভিন্নজন ব্যক্তিক প্ৰৱঞ্চনাৰে অসম আৰক্ষীক জনমানসত হেয় প্ৰতিপন্ন কৰি অহা দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো চলিল আৰক্ষীৰ অভিযান৷ শিৱসাগৰ সদৰ থানাত দালালৰাজ চলাই অহাৰ অভিযোগৰ ভিত্তিতেই শিৱসাগৰ আৰক্ষীয়ে আজি পুৱতি নিশা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও স্থানৰ পৰা মুঠ তিনিজনকৈ ব্যক্তিক আটক কৰাৰ বাতৰি পোৱা গৈছে৷ শিৱসাগৰ আৰক্ষীয়ে দালালৰাজ চলোৱাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজন হৈছে ন-আলি পিডিন নগৰৰ নিৱাসী আজাদ হক, দৰবাৰ ৰোড তিনিআলিৰ নিৱাসী অব্দুল মতলিব ওৰফে ডিকিব আৰু সদৰ থানাৰ সমীপৰেই নিৱাসী তথা পদপথৰ হোটেল ব্যৱসায়ী ত্ৰৈলোক্য দাস বুলি জানিব পৰা গৈছে৷ শিৱসাগৰ সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা ৩০য ২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত তিনি আটকাধীনক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ বাতৰি পোৱা গৈছে৷ ইফালে শিৱসাগৰ আৰক্ষীয়ে আজি পুৱতি নিশা নিজ বাসগৃহৰ পৰা আটক কৰা আজাদ হক নামৰ যুৱকজন দীৰ্ঘ প্ৰায় ৬টা বছৰ ধৰি শিৱসাগৰ সদৰ আৰক্ষী থানা আৰু জয়সাগৰ আৰক্ষী চকীত কেচ ডায়েৰী লিখাৰ কামত নিয়োজিত হৈ আছিল৷ সেই সময়ত জয়সাগৰ আৰক্ষী চকীত কৰ্মৰত ভাৰপ্ৰাপ্ত বিষয়াজনৰ লগতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আজাদ হকক কেচ ডায়েৰী লিখাৰ কামত নিযুক্তি দিছিল৷ সাইলাখ আৰক্ষী থানাৰ এল চিৰ দৰেই পুৱাৰ পৰা নিশালৈকে দুয়োখন থানাত বহি কেচ ডায়েৰী লিখাৰ বাবদ প্ৰতিমাহে উল্লিখিত বিষয়াসকলে আজাদ হকক মাহিলী পৰিতোষিক আদায় দি আহিছিল৷ সেই তেতিয়াৰ পৰাই থানাৰ কেচ ডায়েৰী লিখাৰ কামত নিয়োজিত আজাদ হকে গ্ৰেপ্তাৰৰ কেইবামাহৰ আগলৈকে দুয়োখন থানাতেই এনে কামত জড়িত হৈ থকাৰ পাছতো হঠাৎ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত স্তম্ভিত হৈ পৰিছে পৰিয়ালবৰ্গ৷ একে সময়তেই সদৰ আৰক্ষীৰ এক শীৰ্ষসূত্ৰই জানিবলৈ দিয়া মতে, মুখ্যমন্ত্ৰীয়ে বাহিৰা ব্যক্তিক থানাৰ কামত নিয়োজিত নকৰিবলৈ নিৰ্দেশ দিয়াৰ সময়ৰ পৰাই আজাদ হকক আৰক্ষীয়ে থানাৰ কামত জড়িত নকৰাৰ কথা স্পষ্ট কৰি দিছে৷ একে সময়তেই স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গই আজাদ হকৰ লগতে আজাদ হকক মাহিলী পৰিতোষিকৰ বিনিময়ত এনে কামত নিয়োজিত কৰা পূৰ্বৰ বিষয়াসকলকো একেই দালালৰ গোচৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে৷ ইফালে ত্ৰৈলোক্য দাস নামৰ দ্বিতীয়জন ব্যক্তিয়ে সদৰ থানাৰ সন্মুখতেই চাহ, পৰঠাৰ হোটেল দিয়াৰ লগতে মাজে সময়ে থানালৈ গোচৰ দিবলৈ অহা ব্যক্তিসকলক ৫০য১০০ টকাৰ বিনিময়ত অভিযোগকাৰীৰ সন্মতিৰ ভিত্তিত এজাহাৰ লিখি আহিছিল৷ কোনো দিন নিজৰ চাহৰ হোটেল এৰি সদৰ থানাৰ ভিতৰত ভৰি থৈ নোপোৱা ত্ৰৈলোক্য দাস নামৰ পৌঢ় ব্যক্তিজনে একেমুখে গ্ৰেপ্তাৰ কৰা কাৰ্যক অস্বীকাৰ কৰাৰ লগতে এয়া অন্যায়কাৰ্য বুলি অভিযোগ কৰিছে৷ বিশেষকৈ অভিযোগকাৰীয়ে মুখেৰে বৰ্ণনা কৰা ঘটনাৱলী বগা কাগজত নীলা চিঞাহীৰে লিখি দিয়াতো কোনো আইন বিৰুদ্ধ তথা পাপকাৰ্য নহয় বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে আটকাধীন ত্ৰৈলোক্য দাসে৷ স্মৰ্তব্য যে, আজি দালালিৰ গোচৰত গ্ৰেপ্তাৰ কৰা ডিকিব নামৰ যুৱকজনৰ বিৰুদ্ধে আছে কেতবোৰ বিতৰ্কিত কাৰ্যত জড়িত থকাৰ অভিযোগ৷ পূৰ্বতে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কথোপকথন ভাইৰেল কৰা আৰু মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগতো নাম সাঙুৰ খাইছিল এইজন ডিকিবৰ৷ আজি আদালতত হাজিৰ কৰাৰ প্ৰাক্‌মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ লগতে ক’ভিড পৰীক্ষাত তিনি অভিযুক্তৰ দেহত ক’ভিডৰ উপস্থিতি পোৱাত আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাতৰি পোৱা গৈছে৷ তেনেস্থলত, শিৱসাগৰত বছৰ বছৰজুৰি গৰুৰ চোৰাং ব্যৱসায়ী চক্ৰৰ হৈ দালালি কৰা, চোৰাং লোহা ব্যৱসায়ী, কেমিকেল ব্যৱসায়ীৰ হৈ একাংশ আৰক্ষী বিষয়াৰ নামত লাখ লাখ টকাৰ দালালি কৰি নম্বৰ প্লেটবিহীন বিলাসী বাহনত টিঘিল ঘিলাই ফুৰা প্ৰভাৱশালী দালালকেইটাক কেতিয়াকৈ আৰক্ষীয়ে সঁচা অৰ্থত গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব সেইয়াহে এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হ’ব৷

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ৬

আমাৰ অসমঃ মাটিৰ দালালৰ পাছত এইবাৰ থানাৰ দালালৰ অভিযানত নামিল অসম আৰক্ষী৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ ভিন্ন স্থানৰ পৰা ৬ জনকৈ থানাৰ এজাহাৰ লেখকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নিশাৰ ভিতৰতে জিলাখনৰ পাঁচটা স্থানত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ জন এজাহাৰ লেখকক৷ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জানিবলৈ দিয়া মতে, জিলাখনৰ জয়পুৰ থানাত আনন্দ দত্ত, খোৱাং থানাত জাকীৰ হুছেইন, বৰবৰুৱা থানাত কৃষ্ণ চাহু, ৰতন গগৈ, টেঙাখাট থানাত জিতু ৰহমান আৰু ডিব্ৰুগড় সদৰ থানাত কৃষ্ণ শইকীয়া নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে৷ সম্প্ৰতি আটাইকেইজনকে ডিব্ৰুগড় সদৰ থানালৈ আনি শীৰ্ষ বিষয়াই সোধ-পোছ চলাইছে আৰু আটাইকেইজনৰ বিৰুদ্ধে একোটাকৈ গোচৰ ৰুজু কৰা হৈছে৷ ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষকজনে জানিবলৈ দি কয়, ডিব্ৰুগড় জিলাত সোধ-পোছৰ বাবে আৰক্ষীয়ে ১২জন এজাহাৰ লেখকক আটক কৰিছিল৷ কিন্তু ইয়াৰে ৬জন এজাহাৰ লেখককহে গ্ৰেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে আটাইকেইজনৰ বিৰু্‌দ্ধে গোচৰ পঞ্জীয়ন কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিছে৷ ৰাজ্যৰ থানাসমূহত অত্যধিক পৰিমাণে গোচৰ ৰুজু হৈ আছে৷ এজাহাৰকাৰীয়ে যিধৰণে কয়, তাৰ বিপৰীতে এজাহাৰ লেখকে এজাহাৰ লিখে৷ বহুক্ষেত্ৰত এজাহাৰ লেখকসকলে মিছা কথা লিখি থানাৰ আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ বাধ্য কৰে৷ যাৰ ফলত সাধাৰণ গোচৰটো জটিল পৰিস্থিতি ৰূপ লয়৷ মধ্যভোগী ব্যক্তিসকলে যাতে, আইনক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে এজাহাৰ লেখকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই৷

গোলাঘাটত গ্ৰেপ্তাৰ ৫ দালাল

আমাৰ অসম, গোলাঘাটঃ আৰক্ষী থানালৈ অভিযোগ লৈ অহা লোকক ধনৰ বিনিময়ত এজাহাৰ লিখি দি দালালি কৰা কাৰ্যত জড়িত দালালৰ বিৰুদ্ধে কালিৰে পৰা সক্ৰিয় হৈ উঠি গোলাঘাট জিলাৰ বিভিন্ন থানা এলেকাৰ প্তজন লোকক আৰক্ষীয়ে আটক কৰিছে৷ চৰকাৰী সকলো কাৰ্যালয়ৰ পৰা দালালৰাজ উৎখাতৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আন অংশৰ লগতে গোলাঘাট জিলাতো আৰক্ষী থানাত চলি থকা উক্ত দালাল কাৰ্যৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী এনেদৰে তৎপৰ হৈ উঠিছে৷ সেই অনুসৰি, কালি নিশাৰে পৰা এইপৰ্যন্ত আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে গোলাঘাট সদৰ আৰক্ষী থানাৰ অধীনৰ চন্দ্ৰজিৎ দত্ত, দেৰগাঁও আৰক্ষী থানাৰ অধীনৰ ৰেকিব আহমেদ আৰু জামাল আহমেদ, বৰপথাৰ থানা এলাকাৰ নৌচাদ আলিৰ লগতে মেৰাপানী থানা এলেকাৰ চন্দ্ৰমা দাস৷ আৰক্ষী থানাত দালালি কৰাৰ অভিযোগত আটক কৰা এইকেইজন লোকক আৰক্ষীয়ে এই বাতৰি লিখাপৰ্যন্ত সোধা-পোছা অব্যাহত ৰাখিছে৷


আমাৰ অসমঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত একাংশ মাটিৰ দালালক প্ৰায় তিনিমাহ পূৰ্বে আটক কৰাৰ পাছত আজি দৰং জিলাৰ ছখন থানাৰ পৰা নজন এজাহাৰ লিখা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, মঙলদৈ থানাৰ পৰা ইন্তাজ আলি, ছিপাঝাৰ থানাৰ পৰা মোজাম্মিল হক, ধূলা থানাৰ পৰা কামালুদ্দিন, খাৰুপেটীয়া থানাৰ পৰা আকবৰ আলি আৰু শ্বাহা আলি, দলগাঁও থানাৰ পৰা আব্দুল গণি আৰু ৰিয়াজুদ্দিন আহমেদ, শ্যামপুৰ থানাৰ পৰা চোলেমান আলি আৰু ৰুকুজুল হকক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, এইসকল এজাহাৰ লিখা লোকে প্ৰতিখন এজাহাৰৰ নামত কমেও এশ টকাকৈ লৈছিল৷ আনহাতে, এইসকল লোকে এজাহাৰ দিবলৈ থানালৈ যোৱা লোকসকলক বিভিন্ন বুদ্ধি শিকাই দি কানোবা মহিলাৰ ব্লাউজ চিঙা বুলি আন কোনোবাক বলাৎকাৰৰ চেষ্টা কৰা বুলি এজাহাৰ লিখি দি মিছা কথাৰ আশ্ৰয় লোৱাৰ অভিযোগ পোৱা গৈছে৷ যাৰ ফলত সামান্য ঘৰুৱা কাজিয়াৰ বাবে কোনো লোকে মিছাতে অযথা শাস্তি ভোগ কৰিবলগীয়াত পৰে৷ অৰ্ধশিক্ষিত এইসকল লোকে কেৱল এজাহাৰ লিখাতে ব্যস্ত নাথাকি দালালি কৰাৰো বিভিন্ন অভিযোগ আছে৷ এইসকল লোকক গ্ৰেপ্তাৰ কৰাত বহুলোকে আনন্দ প্ৰকাশ কৰিছে৷ 

বঙাইগাঁৱত তিনিজনক গ্ৰেপ্তাৰ 

আমাৰ অসমঃ মাটিৰ দালালৰ পাছত এইবাৰ অসম আৰক্ষীৰ লক্ষ্য হৈছে আৰক্ষী থানাত এজাহাৰ লিখা দালালসকল৷ সেইমৰ্মে বঙাইগাঁৱতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনক৷ ইয়াৰে বঙাইগাঁও সদৰ থানাত এজাহাৰ লিখা পূৰবী দেবী, নৰ্থ বঙাইগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ লিখা আব্দুৰ ৰৌফ আৰু বিদ্যাপুৰ আৰক্ষী চকীত এজাহাৰ লিখা বিনয় বৰ্মনক গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও সদৰ আৰক্ষীয়ে৷ আনহাতে, গ্ৰেপ্তাৰবৰণ কৰা পূৰবী দেৱী চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰে৷ সম্প্ৰতি আটাইৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত৷

শোণিতপুৰত সাতজনক গ্ৰেপ্তাৰ

আমাৰ অসম, তেজপুৰঃ শোণিতপুৰৰ বিভিন্ন আৰক্ষী থানা তথা আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ অহা লোকক এজাহাৰ তথা দৰ্খাস্ত আদি লিখি দিয়া একাংশ বেচৰকাৰী লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে শোণিতপুৰ আৰক্ষীয়ে৷ ইতিমধ্যে আজি এনে সাতজন লোকক জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে, এইসকলৰ ভিতৰত এগৰাকী মহিলাও আছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ঢেকীয়াজুলি, মিছামাৰী, ঠেলামৰা, জামুগুৰি আৰক্ষী থানা আৰু ৰাক্ষসমাৰী, বৰঘাট আৰক্ষী চকীৰ এলেকাত এই অভিযান চলাই তেজপুৰ সদৰ থানা অধীনষ্ঠ বৰঘাট আৰক্ষী চকীৰ উত্তম দত্ত, ৰাক্ষসমাৰী আৰক্ষী চকীৰ অৰুণ পাল, ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত মফিজ আলি, মিছামাৰী থানাৰ শ্যামন্ত দাস, জলিল মুন্সী, জামুগুৰি থানাৰ ত্ৰিদিপ ৰায় ভূঞা আৰু ঢেকীয়াজুলি থানাৰ অন্তৰ্গত এগৰাকী মহিলা জলি গোস্বামীক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে, এইসকল লোকে দৰ্খাস্ত আদিহে লিখি দিয়াৰ কথা উল্লেখ কৰি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে৷ প্ৰণিধানযোগ্য যে, জিলাখনৰ বিভিন্ন থানা আৰু আৰক্ষী চকীসমূহত এনেদৰে এজাহাৰ তথা দৰ্খাস্ত লিখি দিয়া বেচৰকাৰী লোকৰ উপস্থিতি পূৰ্বৰে পৰাই চলি আহিছে৷ আনকি এনে লোকৰ ওচৰলৈ দৰ্খাস্ত লিখি দিয়াৰ বাবে গোচৰীয়াক আৰক্ষীয়েই প্ৰেৰণ কৰাৰো নজিৰ আছে৷ তদুপৰি, একাংশ লোকে বিভিন্ন সময়ত মধ্যভোগীৰো ভূমিকা পালন কৰে আৰক্ষী আৰু বিবাদী পক্ষৰ মাজত৷ আৰক্ষীৰ সৈতে সু-সম্পৰ্কৰ সুযোগ গ্ৰহণ কৰি প্ৰতাপী হৈ পৰা এনে একাংশ বেচৰকাৰীলোকৰ দপ্‌দপ্‌নিৰ বিষয়ে যোৱা সময়চোৱাত চৰ্চা অব্যাহত থকাৰ মাজতেই শোণিতপুৰত আৰক্ষীয়ে হঠাতে চলোৱা অভিযানত সাতজন দৰ্খাস্ত লিখা বেচৰকাৰী লোকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, এইসকল লোকৰ বিৰুদ্ধে তেওঁলোকে লাভ কৰা অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হয়৷