Logo
image

‘নিজে আইন বনাই আমাক ভাঙিবলৈ নক’ব’

বিধায়ক অমিয় ভূঞাৰ আৰক্ষীক ভাবুকি বুমেৰাং

আমাৰ অসম, ১৭ জানুৱাৰীঃ বিতৰ্কই যেন লগ এৰা নাই বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাক৷ বিধায়ক অমিয় ভূঞাই কৰ্তব্য সম্পাদন কৰা আৰক্ষী বিষয়াক মোবাইলত ভাবুকি দিয়াৰ এটাৰ পাছত এটা অডিঅ’ ক্লিপিং ৰাজহুৱা হ’ব ধৰিছে৷ বিধানসভাত আইন প্ৰণয়ন কৰা জনপ্ৰতিনিধিজনে আৰক্ষীক আইন ভংগ কৰি অভিযুক্তক মুকলি কৰি দিবলৈ ভাবুকি দিয়া অডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শনিবাৰে বিধায়ক অমিয় ভূঞাই নাৰায়ণপুৰৰ নিৰ্মীয়মান মাধৱদেব কলাক্ষেত্ৰৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰঞ্চ এটা গোচৰত গ্ৰেপ্তাৰ কৰা দুজন যুৱকক এৰি দিবলৈ নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰাক মোবাইলত ভাবুকি দিয়া তথ্য ফাদিল হৈছিল ‘আমাৰ অসম’ত৷ এইবাৰ বিধায়ক ভূঞাই আন এগৰাকী আৰক্ষী বিষয়া জোনমণি ৰাভাকো জব্দকৃত ভটভটি নাও মোকলাই দিবলৈ ভাবুকি দিয়াৰ দ্বিতীয়টো অডিঅ’ ক্লিপিং ৰাজহুৱা হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে এইবাৰ সাহসী আৰক্ষী এছ আইগৰাকীয়ে ওলোৱাই বিধায়ক অমিয় ভূঞাক নীতি জ্ঞান দিয়া কাৰ্যই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ আইন প্ৰণয়ন কৰা জনপ্ৰতিনিধি হৈও আৰক্ষীকে আইন ভংগ কৰিবলৈ কোৱা বুলিহে বিধায়ক অমিয় ভূঞাক ধমকি দিয়া মাজুলী থানাৰ তদানীন্তন এছ আই জোনমণি ৰাভাক বিভিন্নজনে ছ’চিয়েল মিডিয়াত প্ৰশংসাই উপচাই পেলোৱাও দেখা গৈছে৷ প্ৰায় চাৰি-পাঁচমাহ পূৰ্বে এছ আই জোনমণি বৰা আৰু বিধায়ক অমিয় ভূঞাৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’দেওবাৰে ভাইৰেল হ’লেও বিধায়কজনক উভতি ধৰাৰ বাবেই সাহসী এছ আই গৰাকীক মাজুলীৰ পৰা নগাঁৱলৈ শাস্তিমূলক বদলি কৰা হ’ল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য, জোনমণিয়ে মাজুলীত নিয়োজিত থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে এছ পিৰ নিৰ্দেশত ভটভটি নাওৰ বিৰুদ্ধে অভিযান চলাইছিল৷ বিহপুৰীয়া সমষ্টিৰ পৰা মাজুলীলৈকে ধূনাগুৰি ঘাট আৰু চেনিমৰা ঘাটেৰে নিষেধাজ্ঞা আৰোপ কৰাৰ সত্ত্বেও এটা ইঞ্জিনৰ ভটভটি নাও চলাচল কৰি আছিল৷ নিষেধাজ্ঞা উলংঘা কৰি একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট লেচীয়ে মইমতালিৰে নাও চলাই আছিল৷ সেই নাৱত নাছিল পৰ্যাপ্ত লাইফ জেকেট, অত্যধিক যাত্ৰী আৰু বাহন উঠাইছিল৷ আৰু আৰক্ষী বিষয়াগৰাকীয়ে সাহসেৰে সোৱনশিৰি নদীৰ বুকুত খেদি খেদি আটক কৰিছিল কেইবাজনো লেচীক৷ লগতে জব্দ কৰিছিল নাও আৰু মেচিন৷ তেতিয়াই বিধায়ক অমিয় ভূঞা ক্ষুব্ধ হৈ উঠিছিল মাজুলীৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে৷ কিন্তু বিধায়কৰ এই ধমকে কোনো কাম নিদিলে আইনী প্ৰক্ৰিয়াত৷ আৰক্ষীয়ে কৰি গ’ল নিজৰ কাম৷ জব্দকৃত উক্ত নাওখন মুকলি কৰি দিয়াৰ বাবেই বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাই এছ আই জোনমণি ৰাভালৈ ফোন কৰি ভাবুকী প্ৰদান কৰিছিল৷ অৱশ্যে বিধায়কৰ ভাবুকীত কোনো সেও নামানি ওলোটাই আৰক্ষী বিষয়াগৰাকীয়েহে বিধায়ক ভূঞাক নীতি পাঠ দিছিল৷ বিধায়ক ভূঞা আৰু এছ আই ৰাভাৰ কথোপকথন আছিল এনে ধৰণৰ–

বিধায়কঃ হেল্ল’ গুড মৰ্নিং, মই এমএলএ ড॰ অমিয় ভূঞা, বিহপুৰীয়াৰ৷ মোৰ সমষ্টিৰ মিচিং ৰাইজৰ ভটভটিৰ কিবা এটা কেছ আছে৷ বহুদিন হ’ল বোলে৷ মোক ফোন কৰি আছে আপুনি ৰাখি থৈছে বোলে?

এছ আইঃ হয় আপুনি ক’ৰ পৰা কৈছে, লোকেচন কওক?

বিধায়কঃ মই এমএলএ অমিয় ভূঞাই কৈছো৷ বিহপুৰীয়াৰ পৰা৷ মিচিং মানুহে নাওৰে ইফাল....সিফালে....

এছ আইঃ তেওঁলোকৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰৰ বাবে এছ পি ছাৰে মোক নিৰ্দেশ দিছে৷ সেই কেছটোৰ ৰেফাৰেন্সতে নাওখন আৰু মেচিন জব্দ কৰা হৈছে৷ কৰ্টত ছীল কৰাৰ নথি দিয়া হৈছে, তেওঁলোকে ইচ্ছা কৰিলে জিম্মাত মোকলাই লৈ যাব পাৰিব৷

বিধায়কঃ আপুনি আমাৰ মানুহখিনিক হাৰাশাস্তি নকৰিব হা...

এছ আইঃ মানুহখিনিক হাৰাশাস্তি মানে...? তেওঁলোকে বেআইনী কাম কৰিছে৷ 

বিধায়কঃ বুজিছো৷ সেইখিনি মোৰ সমষ্টিৰ মানুহ৷ তেনেদৰেই চলে...

এছ আইঃ আপুনি এমএলএ-মিনিষ্টাৰ হৈ এনেকৈ কথা কৈছে যে... চৰকাৰক কি উত্তৰ দিব?

বিধায়কঃ কি কৈছে...?

এছ আইঃ আপোনালোকে এমএলএ-মিনিষ্টাৰসকলে আইন বনাই আৰু আমাক আইন ভংগ কৰিবলৈ দিলে কেনেকৈ হ’ব?

বিধায়কঃ তেওঁলোকৰ নদীৰ পাৰাপাৰ হোৱাৰ আন সুবিধা নাই৷

এছ আইঃ আপোনালোক জনসাধাৰণৰ প্ৰতিনিধি৷ আপোনালোকেই তেওঁলোকৰ প্ৰতি....

বিধায়কঃ হেই আপুনি কি কথা কৈছে ঐ...

এছ আইঃ আপুনি মোক মিছ বিহেভ নকৰিব

বিধায়কঃ আপুনি মোক কি ধৰণেৰে কথা কৈছে?

এছ আইঃ মইটো একো বেয়া কথা কোৱা নাই

বিধায়কঃ আপুনি এনেদৰে কি কথা ক’বলৈ আহিছে? আপুনি নোৱাৰে ঠিক আছে, এনেদৰে কাক কথা কৈছে? খৰকৈ কাক কথা কৈছে?

এছ আইঃ মই এনেকৈয়ে কওঁ৷ লাহেকে ক’ব নোৱাৰো৷ বিধায়কঃ আপুনি কাক কথা কৈছে?

এছ আইঃ আপুনি বিহপুৰীয়াৰ এমএলএ অমিয় ভূঞা নহয় জানো৷ আপুনি এই বিষয়ত মোৰ এছ পিৰ লগত কথা পাতক দেই৷ মই বিজি আছো৷

স্বাভাৱিকতেই বিধায়ক অমিয় ভূঞা আৰু এছ আই জোনমণি ৰাভাৰ এই তৰ্কাতৰ্কিৰ ভাইৰেল অডিঅ’টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহুজনে ছ’চিয়েল মিডিয়াত মহিলা আৰক্ষী বিষয়াজনৰ সাহসিকতাক প্ৰশংসাই উপচাই পেলাই লেডি সিংঘম বুলিও অভিহিত কৰা দেখা গৈছে৷