Logo
image

ক’ভিড কালৰ নেতিবাচক ছবি

ক’ভিডৰ আবিৰ্ভাৱৰ আগতেই দেশৰ অৰ্থনীতিত কিছু পৰিমাণে স্থবিৰতা বিৰাজ কৰিছিল৷ ক’ভিডসৃষ্ট পৰিস্থিতিত হঠাতে দিবলগীয়া হোৱা লকডাউনে দেশৰ অৰ্থনীতিত সম্পূৰ্ণ স্থবিৰতা আনি দিয়ে৷ অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে বিপৰ্যয় আৰম্ভ হয়৷ নিয়োগৰ বজাৰ বিধবস্ত হোৱাৰ সমান্তৰালকৈ বজাৰ অৰ্থনীতি অস্থিৰ হৈ পৰে৷ ব্যক্তিগত খণ্ডত নিয়োগ হ্ৰাস আৰু দ্ৰব্যমূল্য বৃদ্ধিয়ে অৰ্থনীতিৰ গতি অন্য দিশে ধাবমান কৰে৷ ক’ভিড কাল দীঘলীয়া হোৱাত অৰ্থনীতি ভাঙি-চিঙি চূৰমাৰ হোৱাৰ দিশে আগবাঢ়িছে৷ পৰিতাপৰ বিষয় এনে জটিল সময়তো দেশৰ বৃহৎসংখ্যক নাগৰিকৰ মাজত চেতনা জাগ্ৰত হোৱা নাই৷ চাৰিওফালে লকডাউন বা চৰকাৰী নিয়ম ভংগ কৰি থকা হৈছে৷ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে বিভিন্নজনক মুখত মুখা নোহোৱাকৈ ৰাজহুৱা স্থানত দেখা গৈছে আৰু মানুহৰ মাজত নিয়ম ভংগ কৰাৰ মানসিকতা গঢ়ি উঠিছে৷ ধৰ্মীয় উৎসৱ সমাগম আৰু বিয়া-বাৰুবোৰত ভিৰ বাঢ়িবলৈ লৈছে৷ ঠায়ে-ঠায়ে মানুহে  চিকিৎসক, আৰক্ষীক এতিয়াও আক্ৰমণ কৰি আছে৷ ৰাজনৈতিক নেতাসকলে মুকলিভাৱে ধমকি দিয়া আৰম্ভ কৰিছে৷ ইফালে দেখা গৈছে ক’ভিডসৃষ্টি কঠিন সময়তো এচাম ধৰ্মান্ধ পণ্ডিত ব্যক্তিয়ে সমাজত বিভাজনৰ বীজ সিঁচাৰ চেষ্টা কৰি আছে৷ ৰাজনীতি আৰু ধৰ্মৰ একাকাৰ অৱস্থানে বিপদ বঢ়াইছে৷ এনে পৰিস্থিতিত কিছু ৰাজনীতিকে সকলো কথাতে ৰাজনীতিৰ কদৰ্য ৰহণ সানি পৰিৱেশ বিনষ্ট কৰি আছে৷ বিভিন্ন স্থানত  ঘটিছে অতি ঘৃণনীয় আৰু জঘন্য ৰাজহুৱা আক্ৰমণৰ ঘটনা৷

চৰকাৰৰ ফালৰ পৰা ভাইৰাছ সংক্ৰমণ ৰোধ আৰু অৰ্থনীতিৰ গতি স্বাভাৱিক কৰাৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি থকা হৈছে যদিও পৰিস্থিতি আশা কৰা ধৰণে বিশেষ উন্নত হোৱা নাই৷ দেখা গৈছে অতি বৃহৎ জনসংখ্যাৰ গণতান্ত্ৰিক এইখন দেশত কিছুমান কথা ক’বলৈ আৰু শুনিবলৈহে ভাল, কাৰণ ১৩৮ কোটি জনসংখ্যাৰ দেশখনত গৰিষ্ঠসংখ্যকে ধৰ্মভীৰু আৰু অশিক্ষিত৷

দেশখনত কৰ্মসংস্কৃতি বিনষ্ট হৈ আছিল৷ ক’ভিড পৰিস্থিতিয়ে অৱশিষ্টকণো শেষ কৰিবলৈ লৈছে৷ আমাৰ ৰাজ্যত চৰকাৰী নতুন নিয়ম আৰু মুখ্যমন্ত্ৰীৰ ধমকিয়ে কিছু পৰিমানে পৰিস্থিতি সলনি কৰিছে যদিও শিক্ষিতসকলৰ মাজতে স্বাৰ্থপৰতা, হিংসা আৰু অৰিয়াঅৰি বেছি হ’বলৈ ধৰিছে৷ ৰাজ্যৰ সৰ্বত্ৰে এক ক্ষয়িঞ্চু ভোগবাদী দৰ্শন দিনে-দিনে শক্তিশালী হৈ ভৱিষ্যতক অনি(য়তালৈ ঠেলিছে৷ এনেহেন অনাকাংক্ষিত দুৰ্যোগৰ সময়তো শিক্ষিতসকলৰ মাজৰ গৰিষ্ঠসংখ্যকে একো বুজি পোৱা যেন দেখা নাই, যাৰ প্ৰভাৱে সমাজক ভুল দিশে নিবলৈ ধৰিছে৷ ধনী আৰু শিক্ষিত এচামে মৌজ-মস্তি আৰু আত্মপ্ৰচাৰত নিমজ্জিত হৈ থকা ছবি আৰু খবৰ এতিয়া সামাজিক মাধ্যমত সততে উপলদ্ধ হৈছে৷ আন এচাম লোকে আকৌ সস্তীয়া আৰু বিভাজনৰ ৰাজনীতিৰে সমাজক বিপৰ্যস্ত কৰাত ব্যস্ত আছে৷

বহুতে হয়তো এতিয়াও বুজা নাই এইবাৰৰ সমস্যাটো ভূমিকম্প বা বানপানীসৃষ্ট সমস্যাৰ দৰে নহয় বা হাজাৰ গুণে পৃথক৷ এই গতিত আগবাঢ়িলে অৰ্থনৈতিক বিপৰ্যয় কিমান দূৰ পাব সেইকথা অনুমান কৰিব পৰা অৱস্থাত নাই৷ যদিহে ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে সময়মতে উপযুক্ত ব্যৱস্থা লয়, লকডাউনসদৃশ পৰিস্থিতি আশা কৰাতকৈ সোনকালে শেষ হয়, সংগঠিত-অসংগঠিত সকলো শ্ৰমিক, কৰ্মচাৰী সকলোৱে যদি আগৰ দৰে কামলৈ আহি আগৰ দৰে কামত ধৰে, লাখ লাখ কৃষক যদি হতাশ নহৈ দুগুণ উৎসাহেৰে কামত নামি পৰে তেতিয়াহে হয়তো উদ্ধাৰ পোৱা যাব৷ যদি তাৰ ওলোটা হয়, তেতিয়া সকলো কথা সৰ্বনাশৰ ফালেই আগবাঢ়িব৷

অসমৰ পৰিস্থিতি যথেষ্ট অস্থিৰ হৈ আছে৷ অৰ্থনীতি উদ্ধাৰৰ বাবে গোটেই সিদ্ধান্ত আৰু পৰিকল্পনাবোৰ ভাৰতীয় পটভূমিতে লোৱা হ’ব৷ বৰ্তমানৰ ব্যৱস্থাত ৰাজ্য হিচাপে অসমে নিজাববীয়াকৈ সাংঘাতিক কিবা এটা কৰিব নোৱাৰিব৷ সমস্যা আৰু আতংক যিহেতু বিশ্বব্যাপী হৈছে, ইয়াৰ জটিলতাও বেছি৷ এইবাৰৰ ঘটনাত অনিশ্চিত উপাদান বহুত বেছি আছে৷ অৰ্থনীতিক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ সাংঘাতিক তৎপৰতা লাগিব৷ চৰকাৰ আৰু দায়িত্বশীল কতৃৰ্পক্ষসমূহে অতি সাৱধানতাৰে খোজ পেলাব লাগিব৷ সকলোধৰণৰ ৰাজনৈতিক চাতুৰীৰ ওপৰলৈ উঠি কঠোৰ সিদ্ধান্ত ল’ব পাৰিব লাগিব৷ এনে কৰা নহ’লে ভাইৰাছে সৃষ্টি কৰা সমস্যাৰ পৰা বাচিব পাৰিলেও আন সমস্যাই দেশত বেছি বিপৰ্যয় ঘটাব৷