২-৩ ঘণ্টাহে কাম কৰে কৰ্মচাৰীয়ে
জনতা ভৱনত জনতাৰ বিলৈ
আমাৰ অসম, ১৮ জানুৱাৰীঃ ‘দিছপুৰৰ জনতা ভৱনত ২-৩ঘণ্টাহে প্ৰডাক্টিভ কাম হয়৷ ২০ বছৰৰ অভিজ্ঞতাৰ পৰা দেখিছো জনতা ভৱনত কপালৰ ঘাম মাটিত পেলাবলগীয়া কোনো কামেই নাই৷ যিকেইটা ফাইল মৰম কৰি ৰাখি থৈছে সেই ফাইলকেইটা এৰি দিয়ক৷’ জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীক উদ্দেশ্যি এই আক্ষেপ তথা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে দিছপুৰৰ জনতা ভৱনত প্ৰকল্প সদ্ভাৱনা সন্দৰ্ভত বিষয়া কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনতা ভৱনত জনতাৰ বিলৈ হোৱাৰ কথা অকপটে স্বীকাৰ কৰি কয় যে জনতা ভৱনলৈ মানুহ আহিবলগীয়াৰ মূল কাৰণ হৈছে ফাইল নিষ্পত্তি নোহোৱা৷ সময়মতে ফাইল নিষ্পত্তি নোহোৱাৰ বাবে জনতাৰ অসুবিধা হয়৷ কৰ্মচাৰীক মাছে-মঙহে খুৱাই মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে ফাইল নিষ্পত্তিৰ ১০ মে’ৰ ডেডলাইন৷ মুখ্যমন্ত্ৰীয়ে ক’লে– প্ৰয়োজনত অভাৰ ডিউটিটো দেওবাৰে কাম কৰিবলগীয়া হ’ব পাৰে জনতা ভৱনৰ কৰ্মচাৰীয়ে৷ ধূলি-মাকটিৰ মাজত পৰি ৰোৱা প্ৰায় এক লাখ পুৰণি ফাইল নিষ্পত্তি কৰিব লাগিব বিষয়া-কৰ্মচাৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ভূমিকাৰ পুনৰ মূল্যায়¸ণেৰে জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ দিশত পুনৰ ঐকান্তিকতাৰে তথা উৎসৰ্গিত মনোভাৱেৰে কৰ্মত আত্মনিয়োগ কৰাৰ বাবে আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে সকলোবোৰ পুৰণি বিষয় তথা ফাইলৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰি এইসমূহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অহা ৰ ফেব্ৰুৱাৰীৰ পৰা সদভাৱনা প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিব৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে জনতা ভৱনৰ বিভিন্ন বিভাগত বহুসংখ্যক পুৰণি বিষয় তথা ফাইল আছে যিসমূহৰ সিদ্ধান্ত বছৰ বছৰ ধৰি লোৱা হোৱা নাই৷ এই ফাইলসমূহ সচিবালয়ৰ বিভিন্ন বিভাগৰ ৰেকট পৰি থাকি ধূলি-মাকতিৰে সংপৃক্ত হৈ এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণে এই পুৰণি বিষয়সমূহৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহলৈ আহিবলগীয়াত পৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মেচাৰ্চ কে পি এম জি য়ে অলপতে কৰা এক সমীক্ষাত সচিবালয়লৈ জনসাধাৰণ অহা কাৰণসমূহ সুন্দৰভাৱে বিশ্লেষণ কৰিছে৷ এই বিশ্লেষণত এইটো প্ৰতীয়মান হৈছে যে জনসাধাৰণে পুৰণি ফাইলৰ বিচাৰ-খোচাৰৰ বাবে সচিবালয়লৈ আহে যিসমূহৰ সিদ্ধান্ত বছৰ বছৰ ধৰি লোৱা হোৱা নাই৷ সমীক্ষাটোত এই কথা প্ৰকাশ পাইছে যে জনসাধাৰণৰ দ্বাৰা সঘনাই পৰিদৰ্শন কৰা শীৰ্ষৰ ৫ টা বিভাগ হ’ল – শিক্ষা [২৭ শতাংশ], লোকনিৰ্মাণ [১৯ শতাংশ], পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি [৮ শতাংশ], জলসিঞ্চন [৫ শতাংশ] আৰু সমাজ কল্যাণ বিভাগ [৪ শতাংশ]৷ এই জনসাধাৰণৰ ভিতৰত সঘনাই অহা পৰিসংখ্যা এনেধৰণৰ– চৰকাৰী চাকৰিয়াল- ২৯ শতাংশ, ঠিকাদাৰ- ২৪ শতাংশ, শিক্ষক-শিক্ষয়িত্ৰী- ১২ শতাংশ, সাধাৰণ জনতা- ৭ শতাংশ, কোম্পানী ইত্যাদি- ৬.৫ শতাংশ, অৱসৰপ্ৰাপ্ত চাকৰিয়াল- ৬ শতাংশ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ২০২১ বৰ্ষৰ মে’ মাহৰ আগৰ পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ বাবে সদভাৱনা প্ৰকল্পৰ সূচনা কৰা হৈছে৷ এই প্ৰকল্পৰ অধীনত উক্ত সময়ৰ আগৰ সকলোবোৰ পুৰণি বিষয় অথবা ফাইলৰ নিষ্পত্তি ২০২২ বৰ্ষৰ ১০ মে’ৰ ভিতৰত কৰা হ’ব৷ ইয়াৰ ফলশ্ৰুতিত এই বিষয়সমূহৰ সৈতে জড়িত জনসাধাৰণে বৃহৎ সকাহ লাভ কৰিবলৈ সক্ষম হ’ব৷ এই পুৰণি বিষয়সমূহৰ নিষ্পত্তি হ’লে সচিবালয়লৈ জনসাধাৰণৰ আহ-যাহ বৃহৎ পৰিমাণে লাঘব হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ সদভাৱনা প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত পুৰণি ফাইলসমূহৰ লগত জড়িত জনসাধাৰণে পুৰণি বিষয়সমূহৰ তথ্য প্ৰদানেৰে পঞ্জীয়ন কৰাৰ বাবে ২ মাহৰ সময় লাভ কৰিব৷ এই পঞ্জীয়ন চৰকাৰৰ সদভাৱনা প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব৷ কিন্তু যিসকলৰ ইণ্টাৰনেট সেৱাৰ উপলব্ধতা নাই তেওঁলোকে পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰৰ জৰিয়তে ফাইলৰ তথ্য দাখিলেৰে পঞ্জীয়ন কৰিব পাৰিব৷ নাগৰিকসকলক এটা ‘ইউনিক নাম্বাৰ’ প্ৰদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে বিষয়সমূহৰ অগ্ৰগতিৰ খতিয়ান তেওঁলোকে ল’ব পাৰিব৷ বিভাগসমূহে ২০২১ বৰ্ষৰ মে’ মাহৰ আগৰ পুৰণি ফাইলসমূহ সংগ্ৰহ তথা ইয়াৰ লগত জড়িত বিষয়সমূহ পৰীক্ষা কৰিব৷ ঠিক তেনেদৰে, দ্বিতীয় পৰ্যায়ত বিভাগসমূহে ২০২২ বৰ্ষৰ এপ্ৰিল মাহলৈকে পুৰণি বিষয় অথবা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ জৰিয়তে এই ফাইলসমূহ বন্ধ কৰাৰ পদক্ষেপ ল’ব৷ সিদ্ধান্ত লোৱাৰ পিছত সকলোবোৰ পুৰণি ফাইল বন্ধ কৰা হ’ব আৰু আৰ্কাইভ কৰা হ’ব৷ এই সমস্ত প্ৰক্ৰিয়া ২০২২ বৰ্ষৰ ১০ মে’ৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই কাৰ্য সমাপন কৰাৰ দিশত চৰকাৰে ব্যাপকভাৱে প্ৰযুক্তিৰ সহায় ল’ব৷ ‘সদভাৱনা’ প’ৰ্টেলত নাগৰিকৰ সঁহাৰিৰ আহ্বান জনোৱা হ’ব৷ নাগৰিকে তেওঁলোকৰ সঁহাৰিৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব৷ ই-অফিচৰ জৰিয়তে নাগৰিকে তেওঁলোকৰ ফাইলৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব৷ চৰকাৰে এক ডাচব’ৰ্ডৰ জৰিয়তে এই প্ৰকল্পৰ ৰূপায়ণ নিৰীক্ষণ কৰিব৷ প্ৰশাসনক অধিক কাৰ্যদক্ষ আৰু জনসাধাৰণমুখী কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনতা ভৱনত এক স্বাস্থ্যকৰ কৰ্ম সংস্কৃতিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে সদভাৱনা প্ৰকল্পৰ লগতে ৰাজ্য চৰকাৰে স্বচ্ছতা অভিযানো আৰম্ভ কৰিব৷ ২০২২ বৰ্ষৰ ১০ মে’ত সদভাৱনা প্ৰকল্পৰ ফলপ্ৰসূ সমাপনৰ পিছতে ৰাজ্য চৰকাৰে জনতা ভৱনত ই-অফিচ পদ্ধতি ৰূপায়ণৰ পদক্ষেপ ল’ব৷ ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত সবিচালয়ৰ সকলো বিভাগতে এই পদ্ধতি কাৰ্যক্ষম কৰি তোলা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে এই নতুন প্ৰেক্ষাপটত বিষয়া-কৰ্মচাৰীসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণলৈ অধিক উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷