Logo
image

ৰাজ্যত ক’ভিডৰ বৃহত্তম বিস্ফোৰণ

কেন্দ্ৰৰ ভেক্‌চিন নিৰ্দেশনাত বিমোৰত ৰাজ্য

আমাৰ অসম, ১৮ জানুৱাৰীঃ ৰাজ্যত ক’ভিডৰ বৃহত্তম বিস্ফোৰণ৷ স্বাস্থ্য বিভাগৰ সমীক্ষাত প্ৰকাশ পোৱা সংখ্যাগত আশংকাক চেৰ পেলাই অসমত একেদিনাই বৃহৎসংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৬,৯৮২জন লোক৷ তৃতীয় ঢৌত এইপৰ্যন্ত দৈনিক ক’ভিডত আক্ৰান্ত হোৱা সংখ্যাৰ ভিতৰত সোমবাৰৰ দিনটোত এককভাৱে সৰ্বাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডত দ্বিতীয় ঢৌত প্ৰায় ৬০০০ লোক একেদিনাই আক্ৰান্ত হৈছিল যদিও বিগত ২৪ ঘণ্টাত 

প্ৰায় জ্জ হাজাৰ লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ লক্ষণীয়ভাৱে ক’ভিডৰ তৃতীয় ঢৌত সৰ্বাধিক দৈনিক ৬,৫৩৬জন লোক আক্ৰান্ত হ’ব বুলি চিকিৎসা বিশেষজ্ঞৰ সমীক্ষাত প্ৰকাশ পাইছিল৷ কিন্তু সোমবাৰে এই সীমা যেন অতিক্ৰম কৰিলে৷ ক’ভিড পৰীক্ষাৰ হাৰ দুগুণলৈ বৃদ্ধি কৰাত পজিটিভিটীৰ হাৰো দুগুণলৈ বৃদ্ধি পালে৷ ক’ভিডৰ এনে সংক্ৰমণ বৃদ্ধিয়ে স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ  ক’ভিড কাৰ্ফিউ পুনৰ কঠোৰ কৰি তোলাৰো সম্ভাৱনা ব্যক্ত কৰিছে নাম প্ৰকাশত অনিচ্ছুক স্বাস্থ্য বিশেষজ্ঞজনে৷ অতি উদ্বেগজনকভাৱে সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীতে সৰ্বাধিক ৰ,৪৯১ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ দেওবাৰে ৰাজ্যত ৬,৯৮২ জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে পজিটিভিটীৰ হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে উদ্বেগজনক হাৰত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰো বৃদ্ধি পাইছে৷ বিগত সপ্তাহটোত দৈনিক ৩-৪ জনকৈ ৰোগীৰ মৃত্যু হৈছিল যদিও দেওবাৰে একেদিনাই ১১জন ক’ভিড ৰোগী মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ ইপিনে বিগত ২৪ ঘণ্টাত ডিব্ৰুগড়ত ৪৮৯জন, তিনিচুকীয়াত ৪০৭জন, যোৰহাটত ৩৬৫জন, কামৰূপত ৩১২জন, কৰিমগঞ্জত ২০৫জন, শোণিতপুৰত ২২৪জন, নগাঁৱত ২৪৪জন, ধেমাজিত ২০৩জন, কাছাৰত ৩৭২জন, বৰপেটাত ২৬২জন, গোলাঘাটত ২৩০জন আৰু ধুবুৰীত ১৯৩জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷

কেন্দ্ৰৰ ভেক্‌চিন নিৰ্দেশনাত বিমোৰত ৰাজ্য

আমাৰ অসমঃ কেন্দ্ৰীয় চৰকাৰে ক’ভিডৰ প্ৰতিষেধক প্ৰদান আৰু প্ৰতিষেধক লাভ কৰাৰ পাছত পোৱা প্ৰমাণ পত্ৰ কোনো ক্ষেত্ৰতে দাখিল কৰাটো বাধ্যতামূলক নহয় বুলি উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰি জনোৱাত একপ্ৰকাৰ বিমোৰত পৰিছে অসম চৰকাৰ৷ কিয়নো বিগত কেইমাহমানত ৰাজ্যৰ চুকে-কোণে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰতিষেধক ল’বলৈ অনিচ্ছুক ব্যক্তিক বলপূৰ্বকভাৱে প্ৰতিষেধক প্ৰদান কৰিছিল৷ কোনো কোনো ক্ষেত্ৰত প্ৰশাসনৰ বিষয়াই, আনকি জিলা উপায়ুক্তয়ো বলপূৰ্বক প্ৰতিষেধক প্ৰদান কাৰ্যত হাত উজান দিছিল৷ পিছে উচ্ছতম ন্যায়ালয়ত সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এখন শপতনামা দাখিল কৰি জনাইছে যে প্ৰতিষেধক লোৱাটো বাধ্যতামূলক নহয়৷ চৰকাৰে প্ৰতিষেধক ল’বলৈ দেশৰ নাগৰিকক আহ্বানহে জনাইছে৷ কাকো বাধ্যতামূলকভাৱে প্ৰতিষেধক প্ৰদান কৰা নাই৷ তদুপৰি কোনো ক্ষেত্ৰতে এগৰাকী ব্যক্তিয়ে তেওঁ প্ৰতিষেধক লোৱাৰ প্ৰমাণ পত্ৰ হাতত লৈ আহি দাখিল কৰিব নালাগে বুলিও এই শপতনামাত কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে৷ অৰ্থাৎ ক’ভিডৰ প্ৰতিষেধকৰ দৰেই প্ৰতিষেধক লোৱাৰ প্ৰমাণ পত্ৰ দাখিলো বাধ্যতামূলক নহয়৷ কেন্দ্ৰীয় চৰকাৰৰ এই শপতনামাৰ বিষয়ে প্ৰকাশ হোৱাৰ পাছত সোমবাৰে সাংবাদিকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত প্ৰশ্ন কৰে৷ অসমত কিয় কোনো কোনো ক্ষেত্ৰত বলপূৰ্বকভাৱে প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম চৰকাৰে ক’ভিডৰ প্ৰতিষেধক লোৱাটো বাধ্যতামূলক বুলি কোনোদিনেই ঘোষণা কৰা নাই৷ তদুপৰি অসমত বলপূৰ্বকভাৱে প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই৷ তেওঁ পুনৰ কয় প্ৰতিষেধক নোলোৱাকৈ কোনো ব্যক্তি থাকিব পাৰে৷ পিছে তেওঁ ঘৰতে থাকিব লাগিব৷ তেওঁ মুকলিলৈ ওলাই আহিব নোৱাৰিব, ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব নোৱাৰিব আৰু অফিচ-কাছাৰীও কৰিব নোৱাৰিব৷ তেওঁ কয় যে গুৱাহাটীত এশ শতাংশ টিকাকৰণ সম্পূৰ্ণ হৈ গৈছে৷ আনহাতে প্ৰতিষেধক নোলোৱা ব্যক্তি মুকলিলৈ কিয় ওলাই আহিব নোৱাৰিব বুলি প্ৰশ্ন কৰাত আৰু ক’ভিডৰ প্ৰতিষেধক লোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো কিয় বাধ্যতামূলক কৰা হৈছে বুলি সোধাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা স্বাৰ্থজড়িত ক্ষেত্ৰত অসম চৰকাৰে প্ৰত্যেকটো বিষয়েই কেন্দ্ৰৰ দৰেই মানি চলিব নোৱাৰিবও পাৰে৷ যিহেতু ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো সেইগৰাকী ব্যক্তি আৰু আন ৰাইজৰ সুৰক্ষাৰ বাবেও প্ৰয়োজন সেয়ে অসমত প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ লৈহে ৰাজহুৱা কাম-কাজত যোগ দিব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে৷

নলবাৰীত একেদিনাই ১৫২জন লোক ক’ভিডত আক্ৰান্ত 

আমাৰ অসমঃ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ আজিৰ দিনটোতেই ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১৫২জন৷ ইয়াৰ ভিতৰত কেৱল নলবাৰী চহৰতেই ৬৪জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ আজিৰ দিনটোত জিলাখনত মুঠ ২১৪৪জন ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হয়৷ আজি ২১১০জন ব্যক্তিৰ ৰেট পৰীক্ষা কৰাৰ বিপৰীতে ৩৪জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়৷ আজি ক’ভিড পজিটিভিটিৰ হাৰ হৈছে জ্জ.০৯ শতাংশ৷ আজিৰ দিনটোলৈকে সমগ্ৰ জিলাখনত ক’ভিড সক্ৰিয় হৈ থকা ব্যক্তিৰ সংখ্যা হৈছে ৪২৫ জন৷ ইয়াৰে ৮৯জন চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে ৩৩৬জন হোম আইছ’লেছনত আছে৷ জিলাখনত এতিয়াও ক’ভিডৰ লক্ষণযুক্ত বহুলোক আছে যদিও তেনে লোকে ক’ভিড পৰীক্ষা কৰিলে ক’ভিড আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ ইপিনে, জিলাখনত এখনৰ পাছত আন এখন শিক্ষানুষ্ঠানত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ কিছুদিন পূৰ্বে নলবাৰী চহৰৰ মাজমজিয়াত থকা মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত দুগৰাকী শিক্ষয়িত্ৰীৰ লগতে এগৰাকী ছাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছত বিভাগীয় নিয়ম অনুসৰি, বিদ্যালয়খন সাত দিনৰ বাবে বন্ধ হৈ পৰাৰ পাছত ১১ জানুৱাৰীত নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালন্দা পাব্লিক স্কুলত ২৭জনকৈ ছাত্ৰ-ছাত্ৰী ক’ভিডত আক্ৰান্ত হয়৷ ফলত সাত দিনৰ বাবে বন্ধ কৰি দিয়া হয় বিদ্যালয়খন৷

তিনিচুকীয়াত এদিনতে ক’ভিডত আক্ৰান্ত ৪০৬ জন

আমাৰ অসমঃ ক’ভিডৰ শেহতীয়া অমিক্ৰন ত্ৰাসৰ মাজতে তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ কেৱল আজিৰ দিনটোতে তিনিচুকীয়াত চিনাক্ত হৈছে ৪০৬জন ক’ভিড-১৯ত আক্ৰান্ত৷ নেশ্বনেল হেল্‌থ মিছনে দৈনিক প্ৰকাশ কৰা ক’ভিড বুলেটিন অনুসৰি, আজিৰ দিনটোত জিলাখনত ক’ভিডৰ সক্ৰিয় কেছৰ সংখ্যা হ’ল ১০৬২টা৷ মাথোঁ দহ দিন পূৰ্বে অৰ্থাৎ ৮ জানুৱাৰীত জিলাখনত ক’ভিডৰ সক্ৰিয় কেছৰ সংখ্যা আছিল ১১৯টা৷ কিন্তু ইমানৰ পাছতো সাধাৰণ ৰাইজৰ মাজত সতৰ্কতা আৰু সাৱধানতাৰ অভাৱ পৰিলক্ষিত হৈছে৷

হোজাইত এদিনতে আক্ৰান্ত ১০৯জন

আমাৰ অসমঃ ক’ভিডত হোজাইত এদিনতে ১০৯জন লোক আক্ৰান্ত হয়৷ আজি জিলা প্ৰশাসনে মুঠ ৭৬১জনক ৰেট পৰীক্ষা কৰাত ১০৯জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ আজিৰ আক্ৰান্তসকলক লৈ জিলাখনত ৩৪৪জন ক’ভিড ৰোগী সক্ৰিয় হৈ আছে৷ ক’ভিডত আজিলৈকে হোজাইত আজিলৈকে মুঠ ৭১৭৫জন লোক আক্ৰান্ত হয়৷ সক্ৰিয় ক’ভিড ৰোগীসকলৰ ৩৩১জনক ঘৰতে চিকিৎসা কৰাৰ বিপৰীতে  ৭ জনক নিলবাগান ক’ভিড চেণ্টাৰত, ২ জনক লামডিং ক’ভিড চেণ্টাৰত এজনক ডিফু মেডিকেল কলেজৰ লগতে দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় বুলি জিলা প্ৰশাসনৰ তথ্যত প্ৰকাশ৷

শোণিতপুৰত ক’ভিডত এদিনতে আক্ৰান্ত ২৫০, এজনৰ মৃত্যু

‘আমাৰ অসমঃ শোণিতপুৰ জিলাখনত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড -১৯ ৰ সংক্ৰমণ৷ আজি জিলাখনত ২৫০জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷  উল্লেখ্য যে,  জিলাখনত আজিৰ দিনটোত স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি, ২৫০জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ হোৱাৰ উপৰিও এগৰাকী মহিলা ক’ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ জিলাখনত ক’ভিড আক্ৰান্তৰ পজিটিভিত্তিৰ হাৰ ১৪.০৮ শতাংশ৷ উল্লেখ্য যে, ৬ জানুৱাৰীৰ পৰা জিলাখনত ১১১০জন লোক নতুনকৈ ক’ভিড-১৯ আক্ৰান্ত হৈছে আৰু কিছুসংখ্যক লোকৰ হোম আইছ’লেছনত থকাৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে৷ একেদৰে ৬ জানুৱাৰীৰ পৰা জিলাখনত আজিপৰ্যন্ত ৫জন লোক মৃত্যুমুখত পৰিছে৷ আজি মৃত্যু হোৱা মহিলাগৰাকী চৰিদুৱাৰৰ লক্ষ্মী টামাঙ[৪৮] বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷

বৰপেটাত এদিনতে ২৭০জন আক্ৰান্ত

আমাৰ অসমঃ কৰ’না ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ লগতে অমিক্ৰনৰ আতংকই ৰাজ্যবাসীক শংকিত কৰি ৰখাৰ সময়তে বৰপেটা জিলাত ক’ভিড-১৯আক্ৰান্তৰ সংখ্যাই আজি সকলোকে চিন্তান্বিত কৰি তুলিছে৷ মাত্ৰ আজিৰ দিনটোতে বৰপেটা জিলাত ২৭০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সম্প্ৰতি বৰপেটা জিলাত ছশ পাৰ হৈ প্ৰায় সাতশৰ দুৱাৰডলিত পাইছে৷ বিগত কিছুদিনৰ পাছত আজি বৰপেটা জিলাত আজি সৰ্বাধিক ২৭০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰে জিলাখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ আজিৰ ২৭০জন লোক আক্ৰান্ত হোৱাৰ লগে লগে বৰপেটা জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৬৯৫ জনলৈ বৃদ্ধি হোৱাৰ তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগে৷ ইয়াৰ মাজতে জিলাখনত আজি ক’ভিড-১৯ আক্ৰান্ত কোনো লোকৰে মৃত্যু হোৱা নাই৷ অৱশ্যে, আজিৰ দিনটোতে ক’ভিড-১৯ আক্ৰান্ত আন ৬ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ ইফালে, ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত সকলোধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ আদি উদ্‌যাপনত কিছু প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ জিলাখনত দৈনিক বৃহৎসংখ্যক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ থকাৰ পাছতো বিভিন্ন স্থানত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷  উল্লেখ্য, কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনা অনুসৰি, বৰপেটা জিলা প্ৰশাসনে সৰ্বস্তৰৰ ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে৷ আনকি মাস্ক পৰিধান নকৰা লোকক ১০০০ টকাপৰ্যন্ত জৰিমণা বিহা হ’ব বুলিও কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ টিঘিলঘিলাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ 

ধেমাজিত ২৪ ঘণ্টাত ২০২জন পজিটিভ

আমাৰ অসমঃ বিশ্বজুৰি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা৷ বিগত দিনকেইটাৰ দৰে সোমবাৰৰ দিনটোতো ক’ভিড পজিটিভৰ সংখ্যাই উদ্বিগ্ন কৰি তুলিছে জিলাবাসীক৷ সোমবাৰৰ দিনটোত জিলাখনত মুঠ ২০২জন ক’ভিড ৰোগী চিনাক্ত হৈছে৷ দিনটোত মুঠ ১৪১০জন লোকক ৰেপিড্‌ এণ্টিজেণ্ট টেষ্ট আৰু আৰটিপিচিআৰ টেষ্ট কৰা হয় আৰু তাৰে ২০২জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি চিনাক্ত হয়৷ ইয়াকে লৈ এতিয়ালৈকে জিলাখনত বৰ্তমানলৈকে ৭৮১০গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে ৭১জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ ধেমাজি স্বাস্থ্য বিভাগে জনোৱা মতে, সোমবাৰৰ দিনটোতে ধেমাজি অসামৰিক চিকিৎসালয়ত নতুনকৈ ২জন ৰোগী ভত্তিৰ্ হৈছে আৰু বৰ্তমানলৈকে চিকিৎসালয়খনিত ৭৫জন চিকিৎসাধীন হৈ আছে৷ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা জিলাখনত ক’ভিড পজিটিভিটিৰ হাৰ ১৪.৩শতাংশলৈ বৃদ্ধি পাইছে৷ ইপিনে সোমবাৰৰ দিনটোলৈকে জিলাখনত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৫৯৭ জনলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে৷

চিৰাঙত ৮৩জন পজিটিভ

আমাৰ অসমঃ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙতো বৃদ্ধি পাবলৈ ধৰিছে কৰ’না সংক্ৰমণৰ সংখ্যা৷ আজি চিৰাং জিলাত মুঠ ১০৫৬জন লোকক পৰীক্ষণৰ সময়ত ৮৩জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ বিগত সপ্তাহটোত এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ সম্প্ৰতি কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত দুজন আক্ৰান্তই চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আটাইকেইজনকে হোম কোৱাৰেণ্টীনত ৰখা হৈছে৷ উল্লেখ্য, যোৱা মাৰ্চৰ পৰা জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মুঠ ৩৪জনে মৃত্যুক আঁকোৱালি লৈছে৷ জিলা প্ৰশাসনে সকলোকে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ লগতে ভিৰৰ পৰা আঁতৰি থাকিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে৷

বজালীৰ বাঘমাৰা আৰক্ষী চকীৰ ৫ আৰক্ষী পজিটিভ

আমাৰ অসমঃ সমগ্ৰ ৰাজ্যৰ লগতে শেহতীয়াকৈ বজালী জিলাতো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ আজি জিলাখনৰ বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত মুঠ আঠজন ব্যক্তিৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰে৷ ইয়াৰ ভিতৰত বাঘমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ লগতে চাৰিজন কনিষ্টবলৰ ক’ভিড ধৰা পৰে৷ আনহাতে, জিলাখনৰ নিত্যানন্দ আৰু ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোত মুঠ ৭২ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে জিলাখনৰ ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১১২জন আৰু পাঠশালা মেটাৰনিটি হাস্পতালত ৯জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰে৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে সকলোকে সজাগ-সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, যোৱা ১২ জানুৱাৰীত জিলাখনৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত গুৱাগাছাস্থিত সশস্ত্ৰ সীমাসুৰক্ষা বাহিনী কেম্পৰ ১৩জনকৈ জোৱানৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰে৷