পুৱাই এনকাউণ্টাৰ
নিশা হেৰ’ইনসহ ধৃত সৰবৰাহকাৰী
আমাৰ অসম, ১৮জানুৱাৰীঃ কাৰ্বি আংলং আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগ্ছ আৰু ড্ৰাগ্ছ মাফিয়াৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান গঢ়ি তোলাৰ সময়তে আজি পুনৰ বোকাজানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে এটা ড্ৰাগ্ছ সৰবৰাহকাৰী৷ উল্লেখ্য যে, বিগত মাথোঁ কেইটামান দিনত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ আৰক্ষীয়ে ভালেকেইটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ্ছ মাফিয়াক গ্ৰেপ্তাৰ কৰি কেইবাকোটি টকা মূল্যৰ ৩.৯০০ কেজি ড্ৰাগ্ছ জব্দ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, ড্ৰাগ্ছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰখা বোকাজান মহকুমাৰ আৰক্ষীয়ে আজি পুৱতি নিশা এক ড্ৰাগ্ছ সৰবৰাহকাৰী চক্ৰই মণিপুৰৰ পৰা বোকাজানলৈ ড্ৰাগ্ছ সৰবৰাহৰ পৰিকল্পনা কৰাৰ খবৰ লাভ কৰে৷ সেইমতে, মহকুমা আৰক্ষী বিষয়াজনে নিশাই বোকাজান আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে নিশাই খটখটি নিয়মীয়া নাকা তালাচী গেটত অৱস্থান কৰে৷ পুৱতি নিশা মণিপুৰৰ পৰা অহা এম জেদ ৮/৩৫৪৮ নম্বৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি তালাচী চলাই ট্ৰাকখনৰ কেবিনত ১১৫টা চাবোনৰ বাকচত থকা ১.৬ কেজি ড্ৰাগ্ছ জব্দ কৰে৷ ড্ৰাগ্ছখিনিৰ বজাৰ মূল্য ১০ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷ ড্ৰাগ্ছৰ সৈতে দুটাকৈ সৰবৰাহকাৰী মণিপুৰৰ আমিৰ হুছেইন আৰু চালাও ৰহমানক আটক কৰে আৰক্ষীয়ে৷ ড্ৰাগ্ছখিনি বোকাজান আৰক্ষীৰ তালাচী গেটসমূহ পাৰ কৰি দিয়াৰ পাছত বোকাজানৰ কোনো এক গোপন স্থানত অন্য এক অজ্ঞাত ড্ৰাগ্ছ ব্যৱসায়ী চক্ৰক যোগান দিয়াৰ কথা আছিল৷ ইতিমধ্যে আৰক্ষীৰ সোধা-পোছাত সেই কথা স্বীকাৰ কৰিছে দুই সৰবৰাহকাৰীয়ে আৰু আৰক্ষীক সেই স্থান দেখুৱাবলৈ নিওতেই সৰবৰাহকাৰী আমিৰ হুছেইনে নিজৰ শাৰীৰিক অসুস্থতা দেখুৱাই গাড়ীৰ পৰা নামিবলৈ খুজিছিল আৰু আৰক্ষীয়ে ধৃত আমিৰক নমাই দিয়াৰ লগে লগেই আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল সৰবৰাহকাৰীটোৱে৷ আৰক্ষীয়ে ড্ৰাগ্ছ সৰবৰাহকাৰীটোলৈ লক্ষ্য কৰি গুলীচলনা কৰাত ভৰিত গুলী লাগি গুলীবিদ্ধ হয় সৰবৰাহকাৰীটো৷ ইতিমধ্যে ধৃত আমিৰক চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে৷
মৰিগাঁৱত ড্ৰাগ্ছসহ দুজনক গ্ৰেপ্তাৰ
‘আমাৰ অসমঃ মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীয়ে দেওবাৰৰ নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ড্ৰাগ্ছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দেওবাৰৰ নিশা ধৰমতুল আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলোৱা অৱস্থাত বিনোদ বড়ো আৰু দুদুল আহমেদ নামৰ লোক দুজনে এএছ০৯এইছ৬৭৮৭নম্বৰৰ এখন ষ্কুটীৰ ডিগিত ২২টা চাবোন কেচত ৩০৯ গ্ৰাম হেৰ’ইন ভৰাই গুৱাহাটীলৈ নি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়৷ লোক দুজন কাৰ্বি আংলং জিলাৰ বোকাজানৰ পৰা ড্ৰাগ্ছখিনি গুৱাহাটীলৈ নি থকা বুলি স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে লোকদুজনৰ পৰা দুটা স্মাৰ্টফোনো জব্দ কৰিছে৷