Logo
image

কোন হ’ব কোহলিৰ উত্তৰসূৰী

এমাহ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] এদিনীয়া দলৰ নতুন অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নাম ঘোষণা কৰিছিল৷ সেই সময়ত হয়তো ব’ৰ্ডৰ কোনো এজন বিষয়ববীয়াই ধাৰণা কৰিব পৰা নাছিল তাৰ তেনেই কম সময়ৰ ভিতৰত তেওঁলোকে নতুন টেষ্ট অধিনায়কৰ বিষয়েও ভাবিবলগীয়া হ’ব পাৰে৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ভাৰত সাত উইকেটত পৰাস্ত হোৱাৰ পাছত আচম্বিতে বিৰাট কোহলিয়ে  টেষ্ট দলৰ নেতৃত্বৰ পৰা অব্যাহতি লোৱাৰ পাছতে  ক্ৰিকেট ব’ৰ্ডে এতিয়া নতুন অধিনায়কৰ সন্ধান চলাবলগীয়া হৈছে৷ কোন হ’ব পাৰে ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক? ভাৰতীয় ক্ৰিকেটত এয়া এটা ডাঙৰ প্ৰশ্ন৷ ফেব্ৰুৱাৰী-মাৰ্চত টীম ইণ্ডিয়া স্বদেশত শ্ৰীলংকাৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাত অৱতীৰ্ণ হোৱাৰ কথা৷ উক্ত শৃংখলাটোত কাক অধিনায়কৰ দায়িত্ব দিয়া হয়, সেয়া হ’ব লক্ষ্যণীয়৷ বিৰাট কোহলিৰ উত্তৰসূৰী হিচাপে এই মুহূৰ্তত চৰ্চালৈ আহিছে তিনিটা নাম৷ এক নম্বৰত আছে ভাৰতীয় সীমিত অভাৰৰৰ দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নাম৷ হেমষ্টি˜ঙৰ  আঘাতৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত খেলিব পৰা নাছিল৷ ৩৪ বছৰীয়া বেটাৰজনে ভাৰতীয় দলৰ হৈ এতিয়ালৈকে খেলিছে ৪৩খন টেষ্টৰ লগতে ২২৭ খন এদিনীয়া আৰু ১১৯ খন টুৱেণ্টী২০৷ অভিজ্ঞতাৰ ফালৰ পৰা চালে ৰোহিত শৰ্মা টেষ্ট দলৰ অধিনায়ক হোৱাৰ যোগ্য৷ কিন্তু  ইতিমধ্যে ভাৰতীয় এদিনীয়া আৰু টুৱেণ্টী২০ দলৰ নেতৃত্বত থকা ৰোহিতৰ ওপৰত অধিক বোজা আহি পৰিলে তেওঁৰ প্ৰদৰ্শনত তাৰ প্ৰভাৱ পৰিব পাৰে৷ তাৰ উপৰি বি চি চি আয়ে টেষ্ট আৰু সীমিত অভাৰৰ ক্ৰিকেটৰ বাবে দুজন পৃথক অধিনায়কৰ নীতি অনুসৰণৰ পক্ষপাতী৷ ৰোহিত শৰ্মাৰ পাছতে চৰ্চালৈ অহা আন দুটা নাম হৈছে কে এল ৰাহুল আৰু উইকেটকীপাৰ ঋষভ পণ্ট৷ অজিংক্য ৰাহানেৰ স্থানত ৰোহিত শৰ্মাক ভাৰতীয় এদনীয়া দলৰ সহঃ অধিনায়কৰ দায়িত্ব দিয়া হ’লেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাটোত তেওঁ খেলিব নোৱৰাৰ  বাবে  ৰাহুলক সহঃ অধিনায়ক নিৰ্বাচন কৰা হৈছিল৷ পিঠিৰ আঘাতৰ বাবে জোহানেছবাৰ্গৰ দ্বিতীয় টেষ্টত কোহলিয়ে খেলিব নোৱৰাৰ বাবে ভাৰতীয় দলক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল ৰাহুলে৷ অৱশ্যে, অধিনায়ক হিচাপে ৰাহুলৰ সেই অভিজ্ঞতা সুখকৰ নহ’ল৷ ভাৰত পৰাস্ত হৈছিল সাত উইকেটত৷ ভাৰতৰ শেহতীয়া ইংলেণ্ড ভ্ৰমণত ৰাহুলৰ প্ৰদৰ্শন আছিল যথেষ্ট সন্তোষজনক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এইবাৰৰ টেষ্ট শৃংখলাটোৰ কেপটাউনৰ প্ৰথম টেষ্টত তেওঁ খেলিছিল শতকীয় ইনিংছ৷ ২৯ বছৰীয়া ৰাহুলে এতিয়ালৈকে ৪৩ খন টেষ্টৰ লগতে খেলিছে ৩৮খন এদিনীয়া আৰু ৫৬খন টুৱেণ্টী২০৷ অভিজ্ঞতাৰ দিশত ৰোহিত শৰ্মাৰ পাছতে নাম আহিব ৰাহুলৰ৷ ৰোহিত শৰ্মাৰ অনুপস্থি্‌তিত ৰাহুলেই দক্ষিণ আুফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাত ভাৰতক নেতৃত্ব দিব৷

ঋষভ পণ্টক যদি এই সময়ত ভাৰতীয় চেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হয়, তেন্তে সেয়া  বহুতৰে বাবে হ’ব অপ্ৰত্যাশিত৷ ২৪ বছৰীয়া পণ্টে ছিনিয়ৰ পৰ্যায়ত এতিয়ালৈকে ৰাষ্ট˜ীয় দলক নেতৃত্ব দিয়াৰ সুযোগ পোৱা নাই৷ ভাৰতৰ হৈ এতিয়ালৈকে ২৮খন টেষ্ট, ১৮খন এদিনীয়া আৰু ৪১খন টুৱেণ্টী২০ খেলা পণ্টক ভাৰতীয় টেষ্টৰ অধিনায়ক নিৰ্বাচন কৰাৰ পোষকতা কৰিছে প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে৷ কিন্তু তেওঁক এতিয়াই তেনে এটা দায়িত্ব দিয়াৰ বিষয়ে সম্ভৱতঃ ক্ৰিকেট ব’ৰ্ডে চিন্তা-চৰ্চা চলোৱা নাই৷ কিন্তু ভৱিষ্যতৰ কথা ভাবি তেওঁক দলৰ সহঃ অধিনায়কৰ দায়িত্ব দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ হিচাপে পৰিচিত চেটেশ্বৰ পূজাৰাৰ লগতে অজিংক্য ৰাহানেৰ নাম অধিনায়ক পদৰ বাবে বিবেচনালৈ নহাৰ কাৰণটো হৈছে তেওঁলোকৰ শেহতীয়া ফৰ্ম৷ দীৰ্ঘ সময় ধৰি পূজাৰা  আৰু ৰাহানেই স্বাভাৱিক প্ৰদৰ্শন ধৰি ৰাখিব পৰা নাই৷ ফলত তেওঁলোক টেষ্ট দলৰ পৰা বাদ পৰাৰো সম্ভাৱনা দেখা গৈছে৷ ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টিত এই মুহূৰ্তত বিৰাট কোহলিৰ যোগ্য উত্তৰাধিকাৰী হিচাপে ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ সম্ভাৱনা অধিক৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে বি চি চি আইৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে নিৰ্বাচক কমিটীয়ে  বিষয়টেত  অধিক চিন্তা-চৰ্চা চলাব৷