Logo
image

অসম পুলিচ আক্ৰান্ত

কনিষ্টবলৰ পৰা এছপিলৈ... জিলাই জিলাই গণসংক্ৰমণ  গুৱাহাটীও শোচনীয়

আমাৰ অসম, ১৯ জানুৱাৰীঃ অতিমাৰী ক’ভিডৰ সন্ত্ৰাসত বিধবস্ত অসম আৰক্ষী৷ স্মাৰ্ট অসম আৰক্ষীক ক’ভিডে এতিয়া যেন কোঙা কৰি পেলাইছে৷ কিয়নো জিলাই জিলাই আৰক্ষী বাহিনীত ক’ভিড ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে৷ দুলীয়াজানৰ মুখ্যমন্ত্ৰীৰ এছ পি সন্মিলনৰ পাছৰে পৰাই ক’ভিডৰ গ্ৰাসত পৰিছে সমগ্ৰ   আৰক্ষী বিভাগ৷ এছ পি সন্মিলনত ভাগ লোৱা একাধিক আৰক্ষী অধীক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এতিয়া জিলাই জিলাই শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা কনিষ্টবলৈ অধিকাংশ আৰক্ষীয়েই ক’ভিডত আক্ৰান্ত হৈছে৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়তে বিগত এসপ্তাহত ৪০জনৰো অধিক বিষয়া-কনিষ্টবল ক’ভিডৰ চিকাৰ হৈছে৷ এ ডি চি পি শুভাশীষ বৰুৱা, এ ডি চি পি পল্লৱ তামুলী, এ ডি চি পি দেৱাশীষ বৰা, এ চি পি পৃথ্বিৰাজ ৰাজখোৱা, জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা, উপ-পৰিদৰ্শক পৰিমল সৰকাৰ, উপ-পৰিদৰ্শক মানিক সৰকাৰ, পৰিদৰ্শক ৰুস্তম ৰাজ ব্ৰহ্ম, সহকাৰী উপ-পৰিদৰ্শক ভৱেন মেধিকে ধৰি একাধিক কনিষ্টবল আৰু হোম গাৰ্ডৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ কেৱল গুৱাহাটীতে নহয়, প্ৰতিখন জিলাতে আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকো ক’ভিডত আক্ৰান্ত হৈছে৷ শীৰ্ষ আৰক্ষী বিষয়াসকল ক’ভিডত আক্ৰান্ত হোৱাত জিলাসমূহ মুৰব্বী বিহীন হৈ পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত গোচৰৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰা দেখা গৈছে৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় হৈছে গৈ যে কোনো কোনো জিলাত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে আৰক্ষীক নেতৃত্ব দিবলৈও বিষয়া নোহোৱা হৈ পৰিছে৷ নগাঁও জিলাতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকো ক’ভিডত আক্ৰান্ত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিত মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ সময়ত যান-বাহন নিয়ন্ত্ৰণত নামিবলগীয়া হৈছিল খোদ উপায়ুক্ত৷ উক্ত দিনা ৰাজপথত বহু সময় ধৰি যান-বাহন আৱদ্ধ কৰি ৰখাত মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ উপায়ুক্তজনক ৰাজহুৱাকৈ গালি গালাজো কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এনে ৰূঢ় ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে৷ ইপিনে দুলীয়াজানৰ মুখ্যমন্ত্ৰীৰ এছ পি বৈঠকৰ অংশ লোৱা গৃহ বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথ, মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা, চি আই ডিৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাগ্‌সাৰ এছ পি ৰাজেন সিং, গোৱালপাৰাৰ এছ পি ভি ৰাকেশ ৰেড্ডী, শোণিতপুৰৰ এছ পি ধনঞ্জয় ঘনাৱট, শদিয়াৰ এছ পি মোহনলাল মীনা, ডিমা-হাচাও এছ পি জয়ন্ত সিং, হোজাই এছ পি বৰুণ পুৰকায়স্থ আৰু বিশেষ শাখাৰ এছ পি ৰিপুল দাসো ক’ভিডত আক্ৰান্ত হৈছিল৷ কেৱল অসম আৰক্ষীৰ ভিতৰচ’ৰাতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে ক’ভিডৰ গণ সংক্ৰমণে চূড়ান্ত ৰূপ লৈছে৷ ক’ভিডৰ গণ সংক্ৰমণৰ বাবেই বহু সংখ্যক শিক্ষানুষ্ঠান, বেংকৰ শাখা কাৰ্যালয় তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ কৰি দিবলগীয়া হৈছে৷ স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৮,০৭২ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ সোমবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ১০.৭৫ শতাংশ আছিল যদিও মঙলবাৰে পজিটিভিটীৰ হাৰ ১২.৬২ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে মঙলবাৰে গুৱাহাটী মহানগৰীতে ৰ,৯৯৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিওটা ঢৌতে দৈনিক এককভাৱে মঙলবাৰৰ দিনটোত সৰ্বাধিক সংখ্যক লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণত স্বাস্থ্য বিভাগকো চিন্তিত কৰি তুলিছে৷ যাৰ বাবে ক’ভিড কাৰ্ফিউ পুনৰ কঠোৰ কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে৷ কাইলৈ হাফলঙত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বেঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ লক্ষণীয়ভাৱে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই গুৱাহাটীৰ ৪০ শতাংশ মানুহে মাস্ক পৰিধান নকৰাৰ বাবেই মহানগৰীত সংক্ৰমণৰ হাৰ অধিক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ চিকিৎসকজনে জ্বৰৰ উপসৰ্গ নাথাকিলেও যিকোনো লোক ক’ভিডত আক্ৰান্ত হ’ব পাৰে বুলিও সদৰী কৰি ৰাইজক ক’ভিড বিধি মানি চলিবলৈ আহ৩ান জনাইছে৷ ইপিনে ৰাজ্যত শেহতীয়াকৈ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পাবলৈ ধৰাত স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে৷ সোমবাৰে ৰাজ্যত ১১ জন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে মঙলবাৰৰ দিনটোত ১৬ জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷

নলবাৰীত একেদিনাই আক্ৰান্ত ২২৯জন 

আমাৰ অসমঃ  নলবাৰী জিলাত দিনকদিনে বৃদ্ধি পাইছে ক’ভিড পজিটিভিটীৰ হাৰ৷ আজিৰ দিনটোত ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ২২৯জন৷ ইয়াৰ ভিতৰত কেৱল নলবাৰী চহৰতেই ১৩১জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ আজিৰ দিনটোত জিলাখনত মুঠ ২১৩৫জন ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হয়৷ আজি ২০৮জ্জজন ব্যক্তিৰ ৰেট পৰীক্ষা কৰাৰ বিপৰীতে ৪৮জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়৷ আজি ক’ভিড পজিটিভিটীৰ হাৰ হৈছে ১০.৭৩ শতাংশ৷ আজিৰ দিনটোলৈকে সমগ্ৰ জিলাখনত ক’ভিড সক্ৰিয় হৈ থকা ব্যক্তিৰ সংখ্যা হৈছে ৬২৭জন৷ ইয়াৰে ৫২০জন হোম আইছ’লেছনত থকাৰ বিপৰীতে ১০৭জন চিকিৎসালয়ত ভৰ্তি হৈ আছে৷ ইয়াৰে জিলাখনৰ বেলশৰ আদৰ্শ চিকিৎসাালয়ত ৪৫জন, অসামৰিক চিকিৎসালয়ত ২১জন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, সৰুসজাই ক’ভিড হাস্পতাল আৰু অন্যান্য হাস্পতালত ৪১জন ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে৷

বৰপেটাত আক্ৰান্তৰ সংখ্যা ৮৫৬জনলৈ বৃদ্ধি

আমাৰ অসমঃ কৰ’না ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণে যেন ধীৰে ধীৰে বৰপেটা জিলাত খোপনি পুতিবলৈ আৰম্ভ কৰিছে৷ কিয়নো বিগত চাৰিদিনত জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাই সকলোকে চিন্তিত কৰি তুলিছে৷ মাত্ৰ কালি ২৭০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত আজিৰ দিনটোতে বৰপেটা জিলাত ২৪০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সম্প্ৰতি বৰপেটা জিলাত আঠশ পাৰ হৈ প্ৰায় নশৰ দুৱাৰডলিত ভৰি দিছে৷ বিগত কিছুদিনৰ পাছত বৰপেটা জিলাত আজি পুনৰ ২৪০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰে জিলাখন যে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যাই জটিলতাৰ ফালে গতি কৰিছে তেনে সম্ভাৱনাই দেখা দিছে৷ আজিৰ ২৪০জন লোক আক্ৰান্ত হোৱাৰ লগে লগে বৰপেটা জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৮৫৬ জনলৈ বৃদ্ধি হোৱাৰ তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগে৷ ইয়াৰ মাজতে জিলাখনত আজি ক’ভিড-১৯ত আক্ৰান্ত কোনো লোকৰে মৃত্যু হোৱা নাই৷ অৱশ্যে, আজিৰ দিনটোতে ক’ভিড-১৯ত আক্ৰান্ত বিগত দিনসমূহৰ ভিতৰত সৰ্বাধিক ৭৯জন লোকে আৰোগ্য লাভ কৰিছে৷ ইফালে, ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত সকলোধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ আদিৰ উদ্‌যাপনত জিলা প্ৰশাসনে কেতবোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ জিলাখনত দৈনিক বৃহৎসংখ্যক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ থকাৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰি ৰোগবিধক আমন্ত্ৰণহে কৰা বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে৷ আনকি মাস্ক পৰিধান নকৰা লোকক ১০০০ টকাপৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ টিঘিলঘিলাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷