Logo
image

অ’চি পুষ্পকমলক তলব জোনমণিকো মতাৰ কথা ভাবিছে হেড কোৱাৰ্টাৰে

আমাৰ অসম, ১৯ জানুৱাৰীঃ ক্ষমতাত বলীয়ান বিজেপি বিধায়ক অমিয় ভূঞাৰ ভাবুকি ভৰা ফোন কলৰ ৰেকৰ্ডিং ফাদিল কৰি এইবাৰ গৃহ বিভাগৰ ৰোষত পৰিছে নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰা৷ কাইলৈ অৰ্থাৎ বুধবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত সোঁ-শৰীৰে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে উধবৰ্তন কতৃৰ্পক্ষই৷  সেই সূত্ৰেই মঙলবাৰে বিহপুৰীয়াৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে নাৰায়ণপুৰ থানাৰ অ’ চি পুষ্প কমল বৰা৷ উল্লেখ্য, উৰুকাৰ নিশা নিৰ্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগত স্থানীয় বিধায়কৰ অমিয় ভূঞাৰ ঘনিষ্ঠ দুই যুৱকক আটক কৰিছিল নাৰায়ণপুৰ থানাৰ আৰক্ষীয়ে৷ কিন্তু অভিযুক্ত যুৱকদ্বয়ক মোকলাই দিয়া বাবে বিধায়ক অমিয় ভূঞাই থানাখনৰ অ’ চি পুষ্প কমল বৰাক ভাবুকি প্ৰদান কৰিছিল৷ আনকি ক্ষমতাই মূৰত ধৰা জনপ্ৰতিনিধিজনে চৰকাৰী দায়িত্ব পালন কৰা আৰক্ষী বিষয়াজনক পুলিচগিৰী নেদেখুৱালৈ সকীয়াই দি সমষ্টিৰ ৬০ হাজাৰ মানুহে পিটিকি মাৰি পেলাব বুলিও ভয়-ভাবুকি প্ৰদান কৰিছিল৷ কিন্তু সাহসী আৰক্ষী বিষয়াজনে বিধায়কৰ ভাবুকিত কেৰেপ নকৰি দুয়োজন অভিযুক্তকে জে’ললৈ নিক্ষে¸প কৰিছিল৷ পৰৱৰ্তী সময়ত বিধায়ক অমিয় ভূঞাই অ’ চিক ভাবুকি দিয়া ফোন কলৰ ৰেকৰ্ডিং ভাইৰেল হৈ পৰাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একে সময়তে বিধায়ক অমিয় ভূঞাই ৪-৫ মাহ পূৰ্বে মাজুলী থানাত কৰ্মৰত মহিলা এছ আই জোনমণি ৰাভাক ফোনযোগে ভাবুকি দিয়া আন এটা অডিঅ’ ক্লিপিং ভাইৰেল হৈ পৰিছিল৷ য’ত নেকি বিধায়ক ভূঞাই জব্দকৃত এখন ভূটভূটী নাও মোকলাই দিবলৈ ভাবুকি দিছিল যদিও ওলোটাই আৰক্ষী বিষয়া জোনমণি ৰাভাই জনপ্ৰতিনিধিজনক ধমক দি নীতি জ্ঞান দিছিল৷ এই দুই ফোন কলৰ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত বিভিন্নজনে সাহসী আৰক্ষী বিষয়াদ্বয়ক প্ৰশংসাই উপচাই পেলাইছিল যদিও বিধায়কজনৰ একাংশ অনুগতই অ’ চি পুষ্প কমল বৰাৰহে অপসাৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে বিধায়কৰ অডিঅ’ ক্লিপিং ৰাজহুৱা হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ বিধায়ক অমিয় ভূঞাক ভৱিষ্যতে এনে ভুল নকৰিবলৈ সকীয়াই দিয়া বুলিও মন্তব্য কৰিছিল৷ আচৰ্যজনকভাৱে পিছ মুহূৰ্ততেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি সলনি কৰি আৰক্ষীক আইন বিৰুদ্ধ কাম কৰিবলৈ ভাবুকি দিয়া বিজেপি বিধায়কজনৰ পক্ষতহে থিয় দিয়ে৷ মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধিৰ ফোন কলৰ ৰেকৰ্ডিং কৰা কাৰ্য বে-আইনী বুলি অভিহিত কৰি সংশ্লিষ্ট আৰক্ষী বিষয়াৰ বিৰুদ্ধে  পৰোক্ষভাৱে ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়ে৷ ইপিনে ৰাজ্যবাসীৰ ককৰ্থনাৰ পাছতো কোনো লজ্জাবোধ নকৰা বিহপুৰীয়াৰ বিজেপি বিধায়ক অমিয় ভূঞাই তেওঁৰ ফোন কলৰ ৰেকৰ্ডিং ভাইৰেল কৰা আৰক্ষী বিষয়াজনক ভৱিষ্যতৰ দীঘলীয়া কাৰ্যকালত উজুটি খাব লাগিব বুলি কৈ প্ৰতিশোধ লোৱাৰ ভাবুকি প্ৰদান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে৷ আনকি বিধায়ক ভূঞাই ফোন কলৰ ৰেকৰ্ডিং ভাইৰেল কৰা বিষয়টোত আইনে নিজৰ গতি নিজেই ল’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ স্বাভাৱিকতেই এতিয়া মুখ্যমন্ত্ৰী আৰু বিধায়ক ভূঞাৰ ইংগিত যেন সঁচা প্ৰমাণিত হ’ল৷ ফোন কলৰ ৰেকৰ্ডিং ভাইৰেল কৰাৰ অভিযোগত ডিজিপি কাৰ্যালয়লৈ তলব কৰা হ’ল নাৰায়ণপুৰ থানাৰ অ’ চি পুষ্প কমল বৰাক৷ লখিমপুৰৰ এছ পিৰ নিৰ্দেশ মৰ্মে কাইলৈ অৰ্থাৎ বুধবাৰে সোঁ-শৰীৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত হাজিৰ হৈ স্থিতি স্পষ্ট কৰিব লাগিব অ’ চি পুষ্প কমল বৰাই৷ অৱশ্যে উধবৰ্তন কতৃৰ্পক্ষই পুষ্প কমল বৰাৰ বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা ল’ব নেকি, সেয়া বৰ্তমানেও অনিশ্চিত৷ পুষ্পকমল বৰাক ডিজিপি কাৰ্যালয়লৈ তলব কৰিলেও আনগৰাকী আৰক্ষী বিষয়া জোনমণি ৰাভালৈ তেনে কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি জানিব পৰা গৈছে৷ সেয়া হ’লেও এছ আই জোনমণি ৰাভাকো হেড কোৱাৰ্টাৰলৈ তলব কৰাৰ কথা ভাবিছে বুলি ডিজিপি কাৰ্যালয়ৰ এটা শীৰ্ষ সূত্ৰই সদৰী কৰিছে৷ অৱশ্যে ৰাইজৰ ককৰ্থনাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিজেপি বিধায়কজনৰ পক্ষত থিয় দিলেও দুদিন আগলৈকে একেজন মুখ্যমন্ত্ৰীয়ে আৰক্ষীক অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ‘ফ্ৰী হেণ্ড’ দিয়া বুলিও মুকলিকৈ প্ৰকাশ কৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়েও যদিও কিবা ভুল নিৰ্দেশ দিয়ে, তেনেহ’লেও আৰক্ষীক উক্ত বেয়া কামৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল৷ কিন্তু অভিযুক্ত আৰু জব্দকৃত ভূটভুটী নাও এৰি দিবলৈ আৰক্ষী বিষয়াক ভাবুকি দিয়া সতীৰ্থ বিধায়কজনক মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বীট দিব বিচৰা কাৰ্যক সহজভাৱে লোৱা নাই সচেতন ৰাইজে৷ যদিহে বিজেপি বিধায়ক নহৈ, বিৰোধী কংগ্ৰেছ বা এ আই ইউ ডি এফৰ বিধায়কে আৰক্ষীক ভাবুকি দিয়া হ’লে– মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল’লেহেঁতেন নে নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে৷

 নাৰায়ণপুৰত আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত থানা ঘেৰাও

আমাৰ অসমঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আজি  একাংশ পুৰুষ-মহিলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নাৰায়ণপুৰ আৰক্ষী বিষয়া পুষ্প কমল বৰুৱাক নিলম্বন তথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ একাংশ দেউৰী জনগোষ্ঠীৰ লোকে নাৰায়ণপুৰ থানাৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে৷  ৩জানুৱাৰীত হোমেন দেউৰী নামৰ ছাত্ৰজনক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত সন্ধিয়া কাজিয়া আৰু উৎপাত কৰাৰ সন্দেহত নাৰায়ণপুৰ আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে নাৰায়ণপুৰত কেইবাবাৰো আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে নাৰায়ণপুৰৰ আৰক্ষী বিষয়া পুষ্পকমল বৰুৱাক নিলম্বনৰ দাবী জনাই আহিছিল৷ চৰকাৰ তথা প্ৰশাসনে আজিপৰ্যন্ত কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাত আজি দেউৰী জনজাতিৰ শতাধিক লোকে নাৰায়ণপুৰ থানা ঘেৰাও কৰাৰ লগতে থানাৰ সন্মুখৰ ৰাজপথ অৱৰোধ কৰি আৰক্ষী বিষয়াজনৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ জনায়৷ প্ৰতিবাদকাৰীসকলৰ সন্মুখত বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ তদন্তৰ আশ্বাস দিয়াত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷