Logo
image

কাজিৰঙাত নমা নাই ২৭ হাজাৰ জলচৰ পক্ষী

আমাৰ অসম, ১৯ জানুৱাৰীঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত দিনকদিনে বিশেষকৈ জলচৰ পক্ষীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰায় ২৭ হাজাৰ জলচৰ পক্ষী হ্ৰাস পোৱাৰ তথ্য আজি ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই   প্ৰকাশ কৰে৷ উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত জলাশয়বোৰত বিশেষকৈ জলচৰ পক্ষী গণনা কৰা হৈছিল৷ আজি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈ,  উপ-বন সংৰক্ষকদ্বয়, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা,  সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া আদিৰ উপস্থিতিত সঞ্চালক পি শিৱকুমাৰে আনুষ্ঠানিকভাৱে ২০২১-২২ বৰ্ষত কৰা জলচৰ পক্ষী গণনাৰ ফলাফল ঘোষণা কৰে৷ জানিব পৰা মতে, এইবাৰ গণনাত মুঠ ৬৬,৭৭৬টা জলচৰ পক্ষী পোৱা গৈছিল৷ তাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৬, ২৪৭টা বিশ্বনাথ বন সংমণ্ডল এলেকাত প্ত, ৯৫৮টা আৰু নগাঁও বন সংমণ্ডলৰ অধীনত ২৪, ৫৭১টা জলচৰ পক্ষী গণনাত পোৱা গৈছে৷  উল্লেখ্য যে, বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিবাৰকৈ জলচৰ পক্ষী গণনা কৰা হৈছিল৷ তথ্য মতে, ২০১৮-১৯ বৰ্ষত প্ৰথম জলচৰ পক্ষী কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰি ১০, ৪১২টা পক্ষী পোৱা গৈছিল৷ দ্বিতীয় জলচৰ পক্ষী গণনা ২০১৯-২০ ত কৰি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অধীনত ৩৪, ২৮৪টা আৰু ২০২০-২১ ৰ তৃতীয় গণনাত ৯৩, ৫৪৩টা জলচৰ পক্ষী পোৱা গৈছিল৷ এটা গুৰুত্বপূৰ্ণ কথা যে বিগত বৰ্ষত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অধীনত নগাঁও বন সংমণ্ডলৰ লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৭১, ৯৫৭টা জলচৰ পক্ষী পোৱা গৈছিল যদিও এইবাৰ মাত্ৰ ২৪, ৫৭১ টাহে পোৱা গ’ল৷ সাংঘাতিক ভাৱে হ্ৰাস পালে ৪৭,৩৮৬টা জলচৰ পক্ষী৷ কাজিৰঙাৰ জলাশয়, বিল, নদী আদিত প্ৰচুৰ পৰিমাণৰ মাছ থকাৰ বাবেই প্ৰতিবছৰ দেশৰ উপৰিও পৃথিবীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক জলচৰ পৰিভ্ৰমী চৰাই আগমন ঘটে৷ বিশেষকৈ হিমালয়ৰ পাদদেশত অত্যধিক শীত নামি আহিলে শীতৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে যথেষ্টসংখ্যক জলচৰ পৰিভ্ৰমী চৰাই কাজিৰঙালৈ আগমন ঘটে৷ অতি পৰিতাপৰ কথা যে দিনকদিনে শীতৰ প্ৰকোপ হ্ৰাস পোৱাৰ লগতে জলবায়ু সাংঘাতিকধৰণে পৰিৱৰ্তন হোৱা, পক্ষীৰ কাৰণে উপযুক্ত জলাশয়, খাল, বিল আদিবোৰ হ্ৰাস পাই অহা আদি বিভিন্ন কাৰণৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভলৈ জলচৰ পক্ষীৰ আগমন হ্ৰাস পাব পাৰে বুলি পক্ষীবিদে মতপ্ৰকাশ কৰিছে৷