Logo
image

লকডাউন, কাৰ্ফিউ বৃদ্ধি নহয়

প্ৰসূতি, অস্ত্ৰোপচাৰত ক’ভিড টেষ্ট বাধ্যতামূলক নহয়

আমাৰ অসম, ২০ জানুৱাৰীঃ উজনি-নামনি সৰ্বত্ৰ ক’ভিডে সংহাৰ ৰূপ ধাৰণ কৰিলেও ক’ভিডৰ বাবে লকডাউন বা নতুন এছ অ’ পি জাৰি কৰা নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত দৈনিক ৮ হাজাৰকৈ লোক আক্ৰান্ত হোৱাৰ পাছতো ক’ভিড কাৰ্ফিউ অধিক কঠোৰ কৰাৰ কোনো প্ৰয়োজনবোধ কৰা নাই স্বাস্থ্য বিভাগ তথা অসম চৰকাৰে৷ অৱশ্যে হাস্পতালসমূহৰ বিছনা ক’ভিড ৰোগীৰে ভৰি পৰিলেহে নতুন এছ অ’ পি জাৰি কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বুধবাৰে হাফলঙত কেবিনেট বৈঠকতে ৰাজ্যত বলৱৎ থকা ক’ভিড এছ অ’ পি বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– কেবিনেট বৈঠকত ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰা হয়৷ যদিও ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সেই অনুপাতে এতিয়াও ১২ শতাংশ ক’ভিড পজিটিভ ৰোগীহে হাস্পতালত ভৰ্তি হৈছে৷ যিহেতু ক’ভিড ৰোগীৰ হাস্পতালাইজেশ্বনৰ হাৰ কম৷ সেয়েহে ক’ভিডৰ নতুন বাধা-নিষেধাজ্ঞা আনিব খোজা নাই৷ পজিটিভ কেচ কিমান আৰু চিকিৎসাধীন কিমান হৈছে, এই দুটা বিষয়তহে চৰকাৰে গুৰুত্ব দিছো৷ যেতিয়া ক’ভিড ৰোগীৰ বাবে হাস্পতালৰ বিছনা কম হ’ব, তেতিয়া নতুন এছঅ’পি জাৰি কৰা হ’ব৷ এতিয়া ১০০খন বিছনাৰ মাত্ৰ ১২খনহে ক’ভিড ৰোগীৰ বাবে ব্যৱহাৰ হৈছে৷ সেয়েহে এইমুহূৰ্তত নতুন এছঅ’পি আনিব খোজা নাই৷ আগতে ক’ভিড পজিটিভ হ’লে এজন চৰকাৰী কৰ্মচাৰী কিমান দিনত কাৰ্যালয়ত যোগদান কৰিব তাৰ সুনিৰ্দিষ্ট সময়সূচী নাছিল৷ এতিয়া ক’ভিড পজিটিভ হ’লে ৭ দিনহে ছুটী লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে৷ অৰ্থাৎ ৫ দিন হাস্পতাল আৰু দুদিন হোম আইছ’লেশ্বনৰ পাছত অষ্টম দিনটোত কাৰ্যালয়ত যোগদান কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে৷ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ ৰাজ্যৰ ২.২০ কোটি লোকৰ ইতিমধ্যে ১.৭২ কোটি লোকে দ্বিতীয় ড’জ গ্ৰহণ কৰিছে৷ বাকী থকাসকলক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷’ লক্ষণীয়ভাৱে ৰাজ্যত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ক’ভিড পৰীক্ষা, ক’ভিড ৰোগী আৰু অন্যান্য জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনা জাৰি কৰিছে৷ স্বাস্থ্য বিভাগে শেহতীয়াভাৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত অস্ত্ৰোপ্ৰচাৰৰ বাবে অহা ৰোগীৰ আৰু প্ৰসূতিৰ ক্ষেত্ৰত ক’ভিড পৰীক্ষাৰ ফলাফলৰ বাবে চিকিৎসাত পলম কৰিব নোৱাৰিব৷ চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত কোনো ধৰণৰ ক’ভিডৰ লক্ষণ নথকা ৰোগীৰ ক্ষেত্ৰত ক’ভিড পৰীক্ষাৰ ফলাফল অপেক্ষা কৰাৰ নামত চিকিৎসাত কোনোধৰণৰ পলম কৰিব নোৱাৰে৷ হাস্পতালত ক’ভিড পৰীক্ষাৰ বাবে অহা লোকক ক’ভিড পৰীক্ষা নকৰাকৈ ঘূৰাই পঠাব নোৱাৰিব৷ হাস্পতালসমূহত ক’ভিড পৰীক্ষা কৰা অথবা ক’ভিড পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰাৰ ব্যৱস্থা মজুত থাকিব লাগিব৷ স্বাস্থ্য সেৱাৰ লগত জড়িত সকলোৱে ক’ভিড প্ৰট’কল কঠোৰ বাবে পালন কৰাতো বাধ্যতামূলক৷ এই ক্ষেত্ৰত কোনোধৰণৰ অসাৱধানতা গ্ৰহণযোগ্য নহ’ব৷ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত চিকিৎসা গ্ৰহণ কৰা ক’ভিড ৰোগী পাঁচ দিন চিকিৎসা প্ৰদানৰ পিছত হাস্পতালৰ পৰা ঘৰলৈ যাব পাৰিব৷ আকৌ ঘৰত দুদিন হোম আইছ’লেশ্যনত থকাৰ পিছত ৰোগীজনক ক’ভিড মুক্ত বুলি বিবেচনা কৰা হ’ব৷ নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত চিকিৎসা গ্ৰহণ কৰা ক’ভিড ৰোগী পাঁচ দিন চিকিৎসা প্ৰদানৰ পিছত হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ সময়ত পুনৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক নহয়৷ আনহাতে হোম আইছ’লেশ্যনত থকা ক’ভিড ৰোগী সাত দিনৰ বাবে হোম আইছ’লেশ্যনত থকাটো বাধ্যতামূলক কৰা হৈছে৷ ইপিনে, মঙলবাৰৰ দৰে বুধবাৰেও ৰাজ্যত আঠ সহস্ৰাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৮,৩৩৯ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ বুধবাৰৰ দিনটোত পজিটিভিটীৰ হাৰ ১২.৮৯ শতাংশলৈ বৃদ্ধি পাইছে৷ উদ্বেগজনকভাৱে গুৱাহাটী মহানগৰীতে সৰ্বাধিক ৰ,৯২৯ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ তদুপৰি ডিব্ৰুগড়ত ৫১৩ জন, তিনিচুকীয়াত ৩৫৭ জন, যোৰহাটত ৪১৪ জন, নগাঁৱত ৩১০ জন, শোণিতপুৰত ২৬২ জন, কাছাৰত ৩৯৬ জন, শিৱসাগৰত ৩০৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ অতি উদ্বেগজনকভাৱে বুধবাৰেও ৰাজ্যত ১৫ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যত শেহতীয়াকৈ পুনৰ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পাবলৈ ধৰা চিকিৎসকসকলক চিন্তিত কৰি তুলিছে৷

কামৰূপ জিলাতো ক’ভিডৰ ত্ৰাস অব্যাহত

ৰাজ্যৰ বিভিন্ন ঠাইত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কামৰূপ জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা৷ নিতৌ তিনিশৰো অধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে জিলাখনত৷ বৰ্তমানলৈ কামৰূপ জিলাত ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছে ৩৩০৮জন লোক৷ নিতৌ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিলৈ চাই কামৰূপ জিলা প্ৰশাসনে ৰাজহুৱা স্থানত চলা-ফুৰাত কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰী কাৰ্যালয়বোৰত ক’ভিডৰ দুটা ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ অবিহনে ওলোৱা-সোমোৱা নিষেধ কৰা হৈছে, আনহাতে, কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ত আজিৰ পৰা এটা ক’ভিড পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে, পৰীক্ষণ কেন্দ্ৰত পৰীক্ষা কৰাৰ পাছতহে উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হয় বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে৷  ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো ব্যাধ্যতামূলক কৰা হৈছে৷ কোনোবাই নিয়ম ভংগ কৰিলে জৰিমনা লোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ আনহাতে, ৰোগীৰ চিকিৎসাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে আই আই টি গুৱাহাটীৰ দুটা বিল্ডিং অধিগ্ৰহণ কৰি তাত ৭৫০খন বিছনাৰে এটা বিশেষ চিকিৎসাকেন্দ্ৰ স্থাপন কৰা হৈছে যিহেতু আই আই টি গুৱাহাটীতে প্ৰথমে ক’ভিত ৰোগীৰ সংখ্যা বেছি হৈছে৷ তদুপৰি, শিঙিমাৰী মডেল হাস্পতালত ৭৬খন অক্সিজেন বিছনাযুক্ত ক’ভিত কেন্দ্ৰটো সাজু কৰি ৰখা হৈছে বুলি জিলা প্ৰশাসনৰ পৰা জানিবলৈ দিছে য’ত নেকি ১৮খন আই চি ইউ বিছনাও আছে৷ জিলা স্বাস্থ্য বিভাগে ক’ভিড ৰোগীৰ তৎকালীন যোগাযোগৰ বাবে এটা [০৩৬১-১০৭৭],২৪ ঘণ্টা সেৱাত থকা ট’ল ফ্ৰি নম্বৰো দিয়া হৈছে৷ ক’ভিড সম্পৰ্কীয় যি কোনো যোগাযোগ ২৪ ঘণ্টাই এইটো নম্বৰত কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা জনাইছে৷ কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজক ক’ভিডবিধি মানি চলিবলৈ আহ্বান জনাইছে৷

বৰপেটাত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

কৰ’না ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণে যেন ধীৰে ধীৰে বৰপেটা জিলাত খোপনি পুতিবলৈ আৰম্ভ কৰিছে৷ কিয়নো বিগত চাৰিদিনত জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাই সকলোকে চিন্তাণ্বিত কৰি তুলিছে৷ ইয়াৰ মাজতে আজি বৰপেটা জিলাত হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাই৷ মাত্ৰ বিগত সপ্তাহটোতে জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা হাজাৰ অতিক্ৰম কৰা ঘটনাত সৰ্বস্তৰৰ ৰাইজ হতচকিত হৈ পৰিছে৷ উল্লেখ্য, কালি ২৪০জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত আজিৰ দিনটোতে বৰপেটা জিলাত ২৭৫জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগে৷ বিগত কিছুদিনৰ পাছত আজি বৰপেটা জিলাত আজি পুনৰ ২৭৫ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰে জিলাখন যে ক’ভিড-১৯ আক্ৰান্তৰ জটিলতাৰ ফালে গতি কৰিছে সেয়া একপ্ৰকাৰ খাটাং হৈ পৰিছে৷ আজিৰ ২৭৫জন লোক আক্ৰান্ত হোৱাৰ লগে লগে বৰপেটা জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০৫৫জনলৈ বৃদ্ধি হোৱাৰ তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগে৷ ইয়াৰ মাজতে জিলাখনত আজি ক’ভিড-১৯ত আক্ৰান্ত কোনো লোকৰে মৃত্যু হোৱা নাই৷ অৱশ্যে, আজিৰ দিনটোতে ক’ভিড-১৯ আক্ৰান্তৰ ৭৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ ইফালে, ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত সকলোধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ আদিৰ উদ্‌যাপনত জিলা প্ৰশাসনে কেতবোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল যদিও জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে৷ জিলাখনত দৈনিক বৃহৎসংখ্যক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ থকাৰ পাছতো একাংশ লোকে অদ্যপি মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰি ৰোগবিধক আমন্ত্ৰণহে কৰা বুলি সচেতন ৰাইজে মন্তব্য  কৰিছে৷ আনকি মাস্ক পৰিধান নকৰা লোকক ১০০০ টকাপৰ্যন্ত জৰিমণা বিহা হ’ব বুলিও কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ টিঘিলঘিলাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷

ক’ভিডৰ বাবে স্থগিত লোক আদালত 

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ এক নিৰ্দেশ মৰ্মে অহা ২২জানুৱাৰীত অনুষ্ঠিত হব লগা ৰাজ্যিক লোক আদালত কভিডজনিত কাৰণত পৰৱৰ্তী নিৰ্দেশলৈ স্থগিত ৰখা হৈছে বুলি কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব চাতুৰ্য্য প্ৰসাদ তালুকদাৰে এক বিবৃতি যোগে জানিবলৈ দিছে৷

কলিয়াবৰত প্ৰথমজন ৰোগীৰ মৃত্যু

ক’ভিডৰ তৃতীয় লহৰত ক’ভিড আক্ৰান্ত হৈ কলিয়াবৰত আজি পুৱা প্ৰথমজন লোকৰ মৃত্যু হয়৷ মৃত লোকজনৰ নাম দলগাঁৱৰ বামুণভেটিৰ ভগৎ সৎনামী বুলি জানিব পৰা গৈছে৷ ৬৯ বছৰ বয়সত মৃত্যুবৰণ কৰা লোকজন সৎনামী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল৷ উল্লেখ্য যে, ক’ভিডৰ তৃতীয় লহৰত কলিয়াবৰত এইপৰ্যন্ত ৪০ ত কৈও অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত দিনকদিনে বৃদ্ধি পাব ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ তাৰ পাছতো একাংশ ৰাইজে পৰিধান নকৰে মাস্ক৷ মাস্ক পৰিধান নকৰাকৈ একাংশ লোকে ঘূৰি ফুৰিছে ৰাজহুৱা স্থানত৷ ইতিমধ্যে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ক’ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি স্বাস্থ্য বিভাগৰ লোকসকলে কৰি আছে পৰীক্ষা৷ ৰাইজক ক’ভিডৰ পৰা সুৰক্ষিত হৈ থাকিবৰ বাবে চৰকাৰে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছিল৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক কোনো গুৰুত্ব প্ৰদান নকৰি একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰাৰ অভিযোগ উঠিছে৷ যদি মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰে পৰৱৰ্তী সময়ত মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে সদৰি কৰিছে৷

দৰং জিলাৰ সকলো বনভোজস্থলী বন্ধ ঘোষণা

দৰং জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু জনসাধাৰণে সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম নমনাৰ লগতে মাস্ক সঠিকভাৱে পৰিধান নকৰাৰ পৰিপ্ৰেক্ষিতত দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট, ২০০৫ৰ অধীনত ৩৪[চি] ধাৰা অনুসৰি, জিলাখনৰ সকলো বনভোজ স্থলী বন্ধ ঘোষণা কৰিছে৷ ২০ জানুৱাৰীৰ পৰা বলবৎ হ’ব লগা এই নিৰ্দেশ অনুসৰি, জিলাখনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, লখিমপুৰ পুখুৰী, কুৰুৱা বনভোজ স্থলী, কাপোৰপুৰি মন্দিৰ বনভোজ স্থলী, চেৰেং চাপৰি বনভোজ স্থলী, গাধোৱা চাপৰি বনভোজ স্থলী, নাৰিকলি বনভোজ স্থলী, খটৰা বনভোজ স্থলীৰ লগতে আন সকলো বনভোজ স্থলী পৰৱৰ্তী জাননী নিদিয়ালৈ বন্ধ ঘোষণা কৰিছে৷ জানিব পৰা মতে, মঙলবাৰলৈ জিলাখনত ১৪৭জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু হৈছে৷

শোণিতপুৰ পুনৰ ২৮০জন আক্ৰান্ত

কৰ’নাৰ প্ৰকোপ সমগ্ৰ ৰাজ্যতে বৃদ্ধি পোৱাৰ লগতে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষই ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক লোক আদালত স্থগিত ৰখা হৈছে৷ আজি এই সন্দৰ্ভত প্ৰকাশিত এক বিজ্ঞপ্তিত বিষয়া, মোকৰ্দমাকাৰী আৰু সংশ্লিষ্ট সকলোৰে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে লোক আদালত স্থগিত ৰখা হৈছে বুলি প্ৰকাশ কৰিছে জিলা আৰু সত্ৰ ন্যায়াধীশ তথা শোণিতপুৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ অধ্যক্ষই৷ ইপিনে আজি শোণিতপুৰত মুঠ ২৮০জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ জিলাখনত আজি কৰ’নাত আক্ৰান্তৰ গড় ১৮.৩৪শতাংশ বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে, ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে জিলাখনৰ একাধিক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ একাংশ চিকিৎসক, ছাত্ৰ তথা স্বাস্থ্যকৰ্মীও কৰ’নাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে, এইবাৰ আকস্মিকভাৱে পূৰ্বৰ তুলনাত কৰ’নাৰ ঢৌ আগতীয়াকৈ বিয়পা দেশ তথা ৰাজ্যত এই লৈ পুনৰ শংকিত হৈছে সৰ্বসাধাৰণ৷ ইপিনে যোৱা এসপ্তাহে ৰাজ্যৰ লগতে তেজপুৰ তথা শোণিতপুৰত শীতৰ মাত্ৰা বৃদ্ধি পোৱাত ছৰ্দি-জ্বৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ এই সময়চোৱাত জিলাখনত সন্ধিয়া তাপমাত্ৰা ১৭ডিগ্ৰী চেলচিয়াচলৈ অৱনমিত হোৱাৰ বিপৰীতে পুৱা এই মাত্ৰা ১০ডিগ্ৰী চিলচিয়াচপৰ্যন্ত হ্ৰাস পায়৷ এনে অৱস্থাত ছৰ্দি-জ্বৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ উপৰি বদহজম তথা বায়ুৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ইপিনে সম্প্ৰতি কৰ’নাত আক্ৰান্ত হোৱা চিকিৎসাধীনসকলক পাঁচদিনৰ চিকিৎসাৰ পাছত তেওঁলোকৰ শাৰীৰিক অৱস্থা উন্নত হ’লেই চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে৷ তদুপৰি, কোনো কৰ’না আক্ৰান্তক চিকিৎসালয়লৈ নিয়া সহযোগীৰ দেহত যদিহে কোনোধৰণৰ লক্ষণ দেখা পোৱা হোৱা নাই তেনেহ’লে তেনে লোকৰ কৰ’না পৰীক্ষা কৰা হোৱা নাই বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে, শোণিতপুৰত বৰ্তমান কৰ’নাত আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পালেও এইপৰ্যন্ত অমিক্ৰনত কোনো লোকেই আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই আৰু এই পৰীক্ষাও অধিক মাত্ৰাত কৰা হোৱা নাই৷