Logo
image

এয়া ঘৰৰ গৰু বামুণক দান দিয়া কথা নহয়ঃ অখিল

আমাৰ অসম, ২১ জানুৱাৰীঃ ব্ৰাহ্মণক ক’লা গৰু দান দিয়া আৰু চুবুৰীয়া ৰাজ্যক নিজৰ মাটি এৰি দিয়া একে কথা নহয়৷– এই ভাষ্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ৷ অসমৰ ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি মেঘালয়ক এৰি দিব বুলি সৰ্বদলীয় বৈঠকৰ অন্তত অসম চৰকাৰে কৰা ঘোষণাৰ আঁত ধৰি এই মন্তব্য কৰে অখিল গগৈয়ে৷ এই সন্দৰ্ভত অসমৰ ৰাইজলৈ মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ ‘অসমৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে’ শীৰ্ষক চিঠিখনৰ হুবহু প্ৰকাশ কৰা হ’ল– ‘শ্ৰদ্ধেয় অসমবাসী ৰাইজ, প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব৷ এটি জৰুৰী বিষয়ত আপোনালোকলৈ এই পত্ৰখন লিখিলো৷ যোৱা ১৮ জানুৱাৰী, ২০২২ তাৰিখে অসম চৰকাৰে সবৰ্দলীয় বৈঠক পাতি ঘোষণা কৰিছে যে অসমৰ ১৮.২৮ বৰ্গ কিলোমিটাৰ ভূমি ৰাজ্য চৰকাৰে মেঘালয়ক এৰি দিব৷ এয়া অসমে মেঘালয়ক এৰি দিব খোজা মুঠ মাটিৰ মাত্ৰ এটা অংশ বুলি কোৱা হৈছে৷ ১২ টা ‘বিবদমান’ এলেকাৰ ভিতৰত ৬ টা এলেকাৰ পৰা এই ১৮.২৮ বৰ্গ কিলোমিটাৰ দান দি আন ৬ টা এলেকাৰ সিদ্ধান্ত পৰৱৰ্তী সময়ত ল’ব খোজা হৈছে বুলি ৰাজ্য চৰকাৰৰ পৰা কোৱা হৈছে৷ অৰ্থাৎ, পৰৱৰ্তী সময়ত আন একাংশ মাটি অসম চৰকাৰে মেঘালয় চৰকাৰক এৰি দিব৷ সবৰ্দলীয় বৈঠকৰ পাছত চৰকাৰে আছু, বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ সৈতেও বৈঠকত বহিছে৷ এতিয়া প্ৰশ্ন হ’ল এনেকৈ ৰাজ্য চৰকাৰ এখনে আন এখন ৰাজ্য চৰকাৰক নিজৰ সাংবিধানিক ভূমি এৰি দিব পাৰেনেঞ্জ এয়া ঘৰৰ ক’লা গৰুজনী ব্ৰাহ্মণক দান দিয়াৰ দৰে ঘটনা হয়নেঞ্জ এই সন্দৰ্ভত ৰাজ্যবাসীৰ মতামত লোৱাটো জৰুৰী নহয়নেঞ্জ ভাৰতৰ সংবিধানৰ ৩ নং অনুচ্চেদত ভাৰতৰ সংসদক এখন নতুন ৰাজ্য সৃষ্টি আৰু এখন ৰাজ্যৰ সীমা সলনিৰ অধিকাৰ দিয়া হৈছে৷ এখন ৰাজ্যৰ সীমা বৃদ্ধি, সীমা হ্ৰাস, সীমাৰ সালসলনিৰ একমাত্ৰ অধিকাৰ সংসদক প্ৰদান কৰা হৈছে৷ কিন্তু সংসদত এনে বিধেয়ক উঠাৰ পূবেৰ্ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাটো বাধ্যতামূলক৷আনহাতে, সংবিধানৰ ২৬৩ নং অনুচ্চেদত আন্তঃৰাজি্যক পৰিষদ [Inter-State Council] গঠনৰ কথা উল্লেখ আছে৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুখন ৰাজ্যৰ মাজত সীমা বিবাদ হ’লে তদন্ত বা উপদেশৰ বাবে অথবা অনুমোদনৰ বাবে এনে পৰিষদ গঠনৰ কৰ্তৃত্ব লাভ কৰিছে৷ কিন্তু এখন ৰাজ্যই ওচৰৰ আন এখন ৰাজ্যক নিজৰ সাংবিধানিক ভূমি স্ব-ইচ্চাই এৰি দিয়াৰ ঘটনা এয়ে প্ৰথম৷ এনে কথা কোনো সংবিধান অথবা আইনত উল্লেখ নাই৷ অসম-মিজোৰামক বাদ দি অসম-নাগালেণ্ড, অসম-মেঘালয়, অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ ঘটনা পুৰণি৷ আচলতে নতুনকৈ গঠিত তিনিওখন পাহাৰীয়া ৰাজ্যই অসমৰ মাটি বেদখল কৰি আহিছে৷   মিজোৰামৰ বেদখল শেহতীয়া, যোৱা কাৰ্যকালৰ বিজেপি চৰকাৰৰ দিনত আৰম্ভণি৷ ১৯৮৫ চনৰ মেৰাপানী সংঘৰ্ষ অসম-নাগালেণ্ডৰ সংঘাতৰ আটাইতকৈ ডাঙৰ মাইলৰ খুটি৷ নাগালেণ্ডে ইতিমধ্যে গোলাঘাট জিলাত ক’হ’ব’ট’ নামৰ এটা মহকুমাকে স্থাপন কৰিছে৷ নাগালেণ্ডে অসমৰ মাটি বেদখলৰ বাবে আটাইতকৈ বেছি সংঘাতৰ সৃষ্টি কৰি আহিছে৷ অসম চৰকাৰে অসম বিধানসভাত দিয়া তথ্য অনুসৰি এই চাৰিখন ৰাজ্যই অসমৰ তলৰ পৰিমাণৰ মাটি বেদখল কৰি আছেঃ

ৰাজ্য  অসমৰ মাটি বেদখল 

অৰুণাচলঃ   ৮৩.৯৫ বৰ্গ কিঃ মিঃ [৮৩৯৫.২৫৪৫ হেক্টৰ]

নাগালেণ্ডঃ   ৫৫৩.৯৬ বৰ্গ কিঃ মিঃ [৫৫৩৯৬.১২৯৬ হেক্টৰ]

মেঘালয়ঃ    ৩৪.৪২বৰ্গ কিঃ মিঃ [৩৪৪১.৮৬০১ হেক্টৰ]

মিজোৰামঃ   ১৭.৭৮ বৰ্গ কিঃ মিঃ [১৭৭৭.৫৮ হেক্টৰ]

সবৰ্মুঠঃ       ৬৯০.ৰৰবৰ্গ কিঃ মিঃ [৬৯,০১০.৮২৪২ হেক্টৰ]

উৎসঃ বিধানসভাত দিয়াৰ প্ৰশ্নৰ উত্তৰ

এয়া চৰকাৰী হিচাপ৷ কাৰ্যতঃ ইয়াতকৈ যে অধিক মাটি চুবুৰীয়া ৰাজ্য চৰকাৰ বা সেইবোৰৰ জনগণে বেদখল  কৰি আছে সেয়া সকলো অভিজ্ঞ লোকে জানে৷ আটাইতকৈ আমোদজনক ঘটনাটো হ’ল– অসমৰে মাটি চুবুৰীয়া ৰাজ্যৰ মহাজনে দখল কৰি সেই মাটি অসমীয়া মানুহকে আধি বা লীজত দি থৈছে ধানখেতি বা চাহ খেতি কৰিবলৈ৷ তাকে লৈ সংঘাতৰো সৃষ্টি হৈ আহিছে৷ অসমে আন ৰাজ্যৰ মাটি বেদখল কৰিছেনে নাই, নাই কৰা৷ অসমীয়া মানুহে অসমৰ সাংবিধানিক সীমা অতিক্ৰমি এক ইঞ্চিও মাটি দখল কৰা নাই৷ অসমৰ মানুহে সীমান্তৰ মাটি দখল কৰিছে, কিন্তু আন ৰাজ্যৰ নহয়, অসমৰ সাংবিধানিক সীমাৰ মাটিহে দখল কৰিছে৷ অসম চৰকাৰে অসমৰ সীমান্তত অসমীয়াই ভোগ দখল কৰা মাটিবোৰত উচ্চেদ কৰিছে আৰু বহিঃৰাজ্যৰ লোকে দখল কৰাসকলক একো কৰা নাই৷ এতিয়া সেই বহিঃৰাজ্যৰ দখলৰ মাটিখিনিকে এৰি দিব খুজিছে৷ মেঘালয়ক ১৮.২৮ বৰ্গ কিঃ মিঃ মাটি এৰি দিব খোজা কথাটো এনেধৰণৰ৷ ধৰক, মই আপোনাৰ ১০ বিঘা মাটি জোৰ জবৰদস্তি দখল কৰিলো৷ সেইটোক লৈ হুলস্থূল লাগিল৷ মাটিখিনি ‘বিবদমান’ ঘোষণা কৰা হ’ল৷ তাৰ পাছত স্থিতাৱস্থা [Status quo] বাহাল ৰাখিবলৈ কোৱা হ’ল৷ অৰ্থাৎ, ঘটনাৰ দিনা যাৰ যি দখলত আছে তাৰ দখলত থাকিব৷ তাৰ পাছত আলোচনা হ’ল৷ আলোচনাত প্ৰশাসনে মোক আহি সুধিলে মাটিখিনি সন্দৰ্ভত মোৰ মত কিঞ্জ মই ক’লো– মোৰ দখলৰ মাটি মোক লাগে৷ এয়াই অসম-মেঘালয়ৰ সীমা সমস্যাৰ   চৰকাৰী সমাধানসূত্ৰ৷ প্ৰথমে দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে গৈ সীমান্তত মিটিং কৰিলে৷ কোন গাঁও কোনফালে থাকিব– অসমৰ লগত নে মেঘালয়ৰঞ্জ মেঘালয়ৰ অসমৰ মাটি দখল কৰা লোকসকলে ক’লে– আমি মেঘালয়ৰ লগত থাকিম৷ বচ৷ বুজাবুজি হৈ গ’ল৷ এদিন সবৰ্দলীয় সভা হ’ল, ১৮ জানুৱাৰী, ২০২২ সভাত বিৰোধীদলসমূহে কি ক’লেঞ্জ জাতীয় সংগঠনে একাঞ্জ কি ক’লে প্ৰয়োজন নাই৷ ১৯ জানুৱাৰীত কেবিনেট সভা হ’ল৷ প্ৰস্তাৱ পাছ৷ ২০ জানুৱাৰীত দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱ দাখিল কৰিলে৷ তাৰ পাছতঞ্জ তাৰ পাছত আৰু কিঞ্জ  সংসদত বিধেয়ক উঠিব আৰু অসমৰ সাংবিধানিক সীমা বদলি হ’ব৷ প্ৰথম পৰ্যায়ত ১৮.২৮ কিঃমিঃ মাটি মেঘালয়ক  চমজোৱা হ’ব৷ তাৰ পাছত চমজাব আন আন দখলী ভূমি৷ মেঘালয়ৰ পাছত অৰুণাচল, তাৰ পাছত নাগালেণ্ড আৰু শেষত মিজোৰাম৷ সবৰ্মুঠ চৰকাৰী হিচাপ মতে ৬৯০ বৰ্গ কিলোমিটাৰ,  মাটি এৰি দিয়া হ’বঞ্জ ফলত অসমৰ বৰ্তমানৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ পৰা ৬৯০ বৰ্গ কিঃমিঃ কমি ৭৭,৭৪৮ বৰ্গ কিঃমিঃলৈ হ্ৰাস পাব | জানিব পৰা মতে, সবৰ্দলীয় সভাত মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমে সকলো ওচৰ-চুবুৰীয়া ৰাজ্যৰ লগত সদায়ে কাজিয়াত লিপ্ত হয় বুলি তেওঁ সদায়ে কথা শুনিবলগীয়া হৈছে৷ গতিকে ‘বিবদমান’ এলেকাৰ মাটিত যি গাঁও যি য’ত থাকিব  বুলি গাঁওবাসীয়ে কৈছে সেইমতে সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তৰ পাছত মেঘালয়ে অতিৰিক্ত মাটি দাবী নকৰে বোলে/ এতিয়া প্ৰশ্নটো হ’লঃ মুখ্যমন্ত্ৰীক অসমীয়া মানুহ কাজিয়াখোৰ বুলি কোনে সমালোচনা কৰিলেঞ্জ দিল্লীৰ ‘বছ’ সকলেঞ্জ দিল্লীৰ বছসকলৰ নিৰ্দেশতে এনে জাতিদ্ৰোহী সিদ্ধান্ত লোৱা হৈছেঞ্জ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’লঃ ৰাজ্য এখনৰ সাংবিধানিক সীমা নিবৰ্াচিত চৰকাৰ এখনে একে ৰাতিৰ ভিতৰতে সলাই দিব পাৰেনেঞ্জ আজিলৈকে পৃথিৱীৰ কোনো দেশযৰাজ্য এখনৰ ইতিহাসত নিজৰ সাংবিধানিক সীমাৰ ভিতৰৰ ভূমি আনক চমজাই দিম বুলি নিজে প্ৰস্তাৱ লৈ চমজাই  দিয়া দেখিছেনে নে শুনিছেঞ্জ এয়া কিহৰ ইংগিতঞ্জ অসমখন কাৰঞ্জ কাৰোবাৰ বাপেকৰ সম্পত্তিঞ্জ মুখ্যমন্ত্ৰীৰ চিন্তাত যদি কিবা সদ্দিচ্চা আছেও, তেওঁৰ বা তেওঁলোকৰ চৰকাৰৰ মাটি গতাই দিয়াৰ এই ধৰণ কোনোপধ্যে গ্ৰহণযোগ্য নহয়৷  নিজে নিজে ভাবিব, নিজে নিজে সিদ্ধান্ত ল’ব আৰু ৰাতি ভবা কথা জনতাৰ ওপৰত, জাতিৰ ওপৰত পুৱা জাপি দিব৷ তাত জনগণৰ মতামতৰ কোনো ব্যৱস্থা নাথাকিব৷ কোনেও কোৱাৰ সুযোগ নাপাব৷ আনকি ৰাজ্যৰ মাটি আনক গতাই দিয়াৰ ভয়ংকৰ সিদ্ধান্ত এটাতো৷ এয়া অগণতান্ত্ৰিকতা৷ এয়া স্বৈৰাচাৰ৷ এয়া হিটলাৰীতন্ত্ৰ৷ সমগ্ৰ জনগণৰ মতামত বা গণভোট নোলোৱাকৈ এনেকৈ কোনোবাই নিজৰ ৰাজ্যৰ মাটি এৰি দিব পাৰেনেঞ্জ এয়া এজন ব্যক্তিৰ মাটি আন এজনক এৰি দিয়াৰ ঘটনা নহয়৷ বিজেপি চৰকাৰৰ অসমৰ ভূমি মেঘালয় অথবা অন্য ৰাজ্যক এৰি দিয়াৰ সিদ্ধান্ত কোনোপধ্যেই মানি ল’ব নোৱাৰি৷ এয়াই নেকি বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানঞ্জ কেতিয়াবা বাংলাদেশক মাটি দিব, কেতিয়াবা হিন্দু বাংলাদেশীক আইন কৰি মাতি আনিব, কেতিয়াবা অসমৰ তৈলখাদসমূহ, কয়লা খনিসমূহ কোম্পানীক  দি দিব/ আৰু কেতিয়াবা ৰাজ্যখনৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোকে ব্যক্তিগত খণ্ডক গতাই দিব// এয়া বিশ্বাসঘাতকতা৷ এয়া প্ৰতাৰণা৷ এয়া চৰম ঠগ্ৰামি৷ আমি ইয়াৰ বিৰুদ্ধে মাতিব লাগিব৷ লাগিব গৰজি উঠিব৷ ৰাইজ সজাগ হওক৷ ৰাইজ ওলাই আহক৷ ৰাইজে সিদ্ধান্ত লওক৷ এয়া যে ইতিহাসৰ আটাইতকৈ বেয়া সময়৷’