Logo
image

বৰষুণে ধৰি ৰাখিলে গুছি যাব খোজা শীত

 আমাৰ অসম, ২১ জানুৱাৰীঃ দীৰ্ঘদিন ধৰি ৰাজ্যবাসীয়ে প্ৰতীক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে৷ কেইবা মাহ ধৰি নাছিল বৰষুণ৷ চৌদিশে কেৱল ধূলিয়ৰি পৰিৱেশ৷ ৰাজপথেৰে এখন যান-বাহন গ’লেই ৰাজপথৰ কাষত থকা মানুহে       ধূলিময় পৰিৱেশৰ মাজত কটাবলগীয়া হয়৷ এনে সময়ত হঠাৎ অহা এজাক বৰষুণৰ পাছত ৰাজ্যবাসীয়ে হঠাৎ যেন গুণগুণাইছে ‘‘ক’ৰ এজাক সপোন যেন বৰষুণ...’’৷ হয়, দীৰ্ঘদিন ধৰি এজাক বৰষুণ হৃদয়ৰ কামনা কৰি থকাৰ সময়ত প্ৰকৃতিৰ কোলালৈ নামি আহিল ‘‘ক’ৰ এজাক সপোন  যেন বৰষুণ’’ অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ৱেষ্টাৰ্ন ডিষ্টাৰবেন্সৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ নামিছে৷ ২৪ জানুৱাৰী পৰ্যন্ত এনে বতৰ অব্যাহত থাকিব৷ ৰাজ্যত কিছু পৰিমাণে শীত প্ৰৱাহো থাকিব৷ অসমত সাধাৰণতে অক্টোবৰ মাহতে শীতৰ আগমন ঘটে৷ ছেপ্টেম্বৰ-অক্টোবৰ মাহত অহা বৰষুণে বৰকৈ নমাই আনে শীতৰ আৱেশ৷ কিন্তু এই বেলি জানুৱাৰীৰ মাজভাগলৈ বৰষুণ নহাত চৌদিশে শুকান ধূলিয়ৰি  পৰিৱেশৰ সৃষ্টি হৈছিল৷ শুকাই গৈছিল গছ-লতা৷ চ’ত মাহৰ দৰে প্ৰায় লঠঙা হৈ গৈছিল গছ-লতা৷ নৱেম্বৰ-ডিচেম্বৰতো বিশেষ ঠাণ্ডা পৰা নাছিল৷ প্ৰকৃতিয়ে বিচাৰি আছিল ধৰালৈ নামি আহক সপোন যেন বৰষুণ৷ অৱশ্যে ভোগালীৰ উৰুকাৰ নিশা ঠায়ে ঠায়ে হৈছিল কিছু বৰষুণ৷ কিন্তু বৃহস্পতিবাৰে অহা বৰষুণে ৰাজ্যত কিছু ঠাণ্ডাও নমাই আনিছে৷ ইতিমধ্যে শুকান হৈ পৰা ধৰাত বৃহস্পতিবাৰে হঠাৎ অহা বৰষুণজাকে কিছু ঠাণ্ডা নমাই আনিছে যদিও সকলোৰে মুখত যেন সন্তুষ্টিৰ হাঁহি৷ সেইবাবেই দুই-একে মনতে গুণগুণাইেছ –‘টোপাল টোপাল বৰষুণে আহি চকুৰ পতাত চুমা সিঁচি দি যায়...’৷