Logo
image

অসীমত যাৰ হেৰাল সীমা...

আমাৰ অসম, ২১ জানুৱাৰীঃ কেতিয়া অন্ত পৰিব চুবুৰীয়া ৰাজ্যৰে থকা অসমৰ সীমা সমস্যা? এৰা-ধৰাৰ মাজেদি অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যা সমাধান কৰিবলৈ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়াও চুবুৰীয়া ৰাজ্যখনৰে থকা বহুদিনীয়া সীমা সমস্যা সম্পূৰ্ণৰূপে সমাধান হ’বলৈ বহু বাকী৷ আজিও মিজোৰাম, অৰুণাচল, নাগালেণ্ডৰ সৈতে অব্যাহত থকা সীমা সমস্যাৰ কোনোধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই৷ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যাক লৈ আজি নতুন দিল্লীলৈ যোৱাৰ সময়তে অসম আৰু অৰুণাচলৰ মাজত অব্যাহত থকা সীমা সমস্যাক লৈ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰ আৰু মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু এখন জৰুৰী বৈঠকত মিলিত হয়৷ আজিপৰ্যন্ত অৰুণাচলে অসমৰ ভূমি আগ্ৰাসন অব্যাহত ৰাখিছে৷ অসম-মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ তিনিটা পয়েণ্টত বৰ্তমানো সমাধান হোৱা নাই৷ বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ দুটা অঞ্চলক কেন্দ্ৰ কৰি অব্যাহত আছে জটিলতাৰ৷ নাগালেণ্ড আৰু অসমৰ সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে একো সমাধান সূত্ৰ উলিয়াব নোৱাৰি অৱশেষত উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ ন্যায়ালয়ৰ মজিয়াতহে সমাধান হ’ব অসম নাগালেণ্ডৰ সীমা সমস্যা৷ আনহাতে, অসম-মিজোৰাম সীমা সমস্যা মীমাংসাৰ ক্ষেত্ৰতো এইপৰ্যন্ত দুয়োখন ৰাজ্য কোনোধৰণৰ ঐকমত্যত উপনীত হ’ব পৰা নাই৷ দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে এখন দ্বিপাক্ষিক কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ দুখনে৷ বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্ত ৰক্তাক্ত হোৱাৰ পিছত বৰ্তমানো অব্যাহত আছে উত্তেজনা৷ অসম-অৰুণাচল,অসম-নাগালেণ্ড, অসম-মেঘালয় আৰু অসম-মিজোৰামৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তৎপৰতাত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ পৃথকে পৃথকে কেইবালানি বৈঠক অনুষ্ঠিত হৈছে যদিও এইপৰ্যন্ত বিশেষ সুফল লাভ কৰা নাই এই বৈঠকসমূহে৷ অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম চৰকাৰে পিলিংকাটা, লাম্পী আৰু গড়ভঙা এৰি দিব বিচাৰিছে চুবুৰীয়া ৰাজ্যখনক৷ চৰকাৰে এই ঠাইসমূহ মেঘালয়ক দিব বিচাৰিছে যদিও তাৰে স্থানীয় লোকে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি ল’ব বিচৰা নাই৷ অন্য ছটা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, বখলাপাৰা, ৰাতাচাৰা, হাহিম আদি বিবদমান স্থানৰ সমাধান সূত্ৰ এইপৰ্যন্ত ওলোৱা নাই৷ যাৰ ফলত চুবুৰীয়া ৰাজ্যকেইখনৰে অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধান সূত্ৰ যে অতি সহজে নোলাব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ একাধিক জটিল সমস্যাৰ মাজেদি গৈ থকা অসমৰ বাবে সীমা সমস্যা অন্য এক অন্ত নপৰা বিষয় হৈ পৰিছে৷ আজিৰ দিনটোত অসমৰ ভূখণ্ডৰ প্ৰায় তিনি কিলোমিটাৰ ভিতৰত মিজোৰামৰ আৰক্ষীয়ে অৱস্থান কৰিছে৷ ধলাই খালগাঁৱত সংঘটিত হৈছে এই ঘটনা৷ দুই মিজো দুবৃৰ্ত্তই গাঁওখনত তাণ্ডৱো চলাইছে৷ গাঁওখনত উৎপাদিত সামগ্ৰীৰ ওপৰত টেক্স সংগ্ৰহ কৰি আছে দুবৃৰ্ত্তই৷ ধলাই খালগাঁও নিজৰ বুলি দাবী কৰিছে মিজোৰামে৷

লাম্পি, পশ্চিম কাৰ্বি আংলঙৰ সীমা বিবাদ জটিলঃ মুখ্যমন্ত্ৰী

অসম চৰকাৰৰ দিছপুৰৰ বাহিৰৰ তৃতীয়খন কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে ১৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও জিলা সদৰ হাফলঙত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা হাফলঙৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে হাফলং মহাবিদ্যালয়ৰ দুটা উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি পুৱা ৯ বজাত ১৯৮৩ চনত স্থাপিত হাফলঙৰ একমাত্ৰ নামঘৰটোত উপস্থিত হৈ সেৱা লোৱাৰ লগতে শংকৰী কৃষ্টি বিকাশ সংঘৰ লগতে অসম সাহিত্য সভাৰ কাৰ্যালয় থকা একমাত্ৰ নামঘৰটোৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হাফলং চৰকাৰী মহাবিদ্যালয়ত উপস্থিত হৈ নিৰ্মাণ সমাপ্ত হোৱা ছাত্ৰাবাস উদ্বোধন কৰাৰ লগতে বাস্কেট বল আৰু বেডমিণ্টন ৰ্কট উদ্বোধন কৰে৷ পুৱাই মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰীক কাষতে পাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো উৎফুল্লিত হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে চেল্‌ফি উঠাৰ বাবে হেতা-ওপৰা লগা পৰিলক্ষিত হয়৷ এক চমু অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ১৯৮০ চনত কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে এটা সঁজাতি দলৰ নেতৃত্ব লৈ হাফলং মহাবিদ্যালয়লৈ অহাৰ স্মৃতি ৰোমন্থন কৰে৷  মুখ্যমন্ত্ৰীয়ে হাফলং মহাবিদ্যালয়খন আৰু অধিক ডাঙৰকৈ নিৰ্মাণ কৰাৰ লগতে সকলো বিষয়তে মহাবিদ্যালয়খনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পৰাকৈ নিৰ্মাণ হ’ব লাগে বুলি মত প্ৰকাশ কৰে৷ মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০ কোটি টকা প্ৰদান কৰাৰো ঘোষণা কৰে  মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচাক মহাবিদ্যালয়খনৰ পৰিসৰ বৃদ্ধিৰ বাবে আন স্থানত হ’লেও ৫০ বিঘা মাটি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷  মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, আজি সময়ৰ নাটনি হেতুকে তেওঁ এই চমু অনুষ্ঠানত অংশগ্ৰহণ কৰিছে যদিও তেওঁ পুনৰ মহাবিদ্যালয়খনলৈ আহিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব৷ তেওঁ লগতে কয় যে, বিজ্ঞান ভৱন নিৰ্মাণৰ কাম দুটা বছৰত শেষ হ’ব লাগিব আৰু ইয়াৰ শিলান্যাসো মই কৰাৰ লগতে উদ্বোধনো মই কৰিম বুলি  মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ আজি ঘোষণা কৰে৷ উল্লেখ্য যে, আজি পুৱা প্ৰথমটো কাৰ্যসূচীৰূপে হাফলং নামঘৰত উপস্থিত হোৱাৰ পাছত  মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আজি অসম-মেঘালয় সীমা সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দি কয় যে, অসম-মেঘালয় সীমা বিবাদৰ ১২টা পইণ্টৰ ভিতৰত ৯টা প্ৰায় সমাধানৰ দিশত৷ ইয়াৰ বিপৰীতে তিনিটা বিষয় জটিল বুলি উল্লেখ কৰি কয় যে লাম্পি, পশ্চিম কাৰ্বি আংলং জিলাৰ দুটা অঞ্চল কিছু জটিল৷ এই অঞ্চলকেইটাৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু  দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ সেয়া এতিয়াই কোৱাটো সম্ভৱ নহয়৷ নাগালেণ্ডৰ সৈতে সীমা বিবাদ সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰীভাৱে এই সমস্যা সমাধান সম্ভৱ নোহোৱা বাবে আমি উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু ন্যায়ালয়ে ইয়াৰ মীমাংসা কৰিলে আমি ভাল পাম৷  মুখ্যমন্ত্ৰীয়ে অসম-অৰুণাচল আৰু অসম-মিজোৰাম সীমা বিবাদ মীমাংসাৰ বাবেও এখন আঞ্চলিক কমিটী গঠন কৰা  হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে৷ আনহাতে, কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই মেঘালয়ৰ সৈতে সীমা বিবাদ সমাধানক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমি সকলো দল-সংগঠনৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লৈছোঁ৷ কংগ্ৰেছ সভাপতিজনে এইক্ষেত্ৰত ৰাজনীতি কৰা বুলিও  মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে৷

অসম-অৰুণাচলৰ সীমা সমস্যা লৈ তৎপৰ অৰুণাচল চৰকাৰ

অসম-মেঘালয়ৰ বিবদমান এলেকাৰ সমাধানৰ আলোচনা অব্যাহত থকাৰ মাজতে অৰুণাচল চৰকাৰে অসমৰ সীমা বিবাদক লৈ বিশেষ তৎপৰতা আৰম্ভ কৰিছে৷ বুধবাৰে ইটানগৰৰ ৰাজভৱনত অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰ আৰু মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে সীমা সমস্যা, সীমান্ত উন্নয়ন সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এখন আলোচনা সভা অনুষ্ঠিত কৰে৷ বিশেষকৈ অসমৰ শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তৱতী বিবদমান এলেকাত পূৰ্বতকৈ অধিক আঁচনিৰ ধন বিনিয়োগ কৰি আধুনিক ৰাস্তা, বিদ্যালয়,  চিকিৎসালয়, ইণ্টাৰনেট সেৱাৰ সুবিধাৰে অৰুণাচলৰ সীমান্তবাসী ৰাইজক সুবিধা প্ৰদান কৰিছে৷ ইফালে, অৰুণাচল চৰকাৰে সীমান্তৱতী এলেকাসমূহত এটাৰ পাছত এটাকৈ নতুন আঁচনিৰে অসমৰ ভূমি দখল কৰাৰ প্ৰয়াস চলাইছে৷ এইক্ষেত্ৰত অসম চৰকাৰে অসমৰ সীমান্তৱতী ৰাইজক সকলো দিশৰ পৰা প্ৰতাৰিত, লাঞ্ছিত, বঞ্চিত কৰি আহিছে৷ অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে আবণ্টিত সীমান্ত উন্নয়ন পুঁজি আচলতে ক’ত ব্যৱহাৰ হৈছে মুখ্যমন্ত্ৰী আৰু সীমান্ত উন্নয়নমন্ত্ৰীয়ে অসমৰ সীমান্তবাসী ৰাইজক উত্তৰ দিয়ক৷ এই আহ্বান সীমান্তবাসী ৰাইজৰ৷  পৰিতাপৰ বিষয় এই যে, অসমৰ লখিমপুৰ, শোণিতপুৰ, আৰু ধেমাজি জিলাৰ সীমাত বিগত পাঁচটা বছৰত অৰুণাচল চৰকাৰৰ সহযোগত ১৬খন  ক্ষুদ্ৰ চাহ বাগিচা, ৭টাকৈ আপেল, নাচপতি, ১১খন কমলা বাগিচাৰ লগতে বহু বিদ্যালয়, চিকিৎসালয় আৰু ৰাস্তা-ঘাট বনাই সীমান্তবাসী ৰাইজক সকলো সুবিধা প্ৰদান কৰি আহিছে৷ অসম চৰকাৰৰ ব্যৰ্থতাৰ সুবিধা লৈ অৰুণাচল চৰকাৰে অতি কৌশলেৰে অসমৰ ভূমি আগ্ৰাসনত নামিছে৷