Logo
image

ক্ৰিং ক্ৰিং... আপোনাৰ ফোন টেপ হৈ আছে

 ফোনটেপিং বে-আইনী/ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো শীৰ্ষ আৰক্ষীৰ উদ্যোগত নেতা-সাংবাদিকৰ ফোন ৰেকৰ্ড

আমাৰ অসম, ২৩ জানুৱাৰীঃ ৰাজ্যৰ একাংশ লোকৰ ব্যক্তিগত বাৰ্তালাপ গোপনে ৰেকৰ্ডিং কৰা হৈছে৷ তেওঁলোকৰ মোবাইল আৰক্ষীৰ স্কেনাৰত৷ এইসকল লোকে কাৰ লগত কি কথা পাতি আছে সেই সকলোবোৰ তথ্য আহৰণ কৰি আছে আৰক্ষীয়ে৷ মূলতঃ ৰাজ্যৰ একাংশ সংগঠন আৰু ৰাজনৈতিক দলৰ নেতা, সাংবাদিক আৰু বুদ্ধিজীৱীৰ মোবাইল ফোনৰ বাৰ্তালাপ গোপনে ৰেকৰ্ডিং কৰি আছে অসম আৰক্ষীয়ে৷     লক্ষণীয়ভাৱে অসম আৰক্ষীয়ে এনেদৰে গোপনে একাংশ লোকৰ মোবাইল বাৰ্তালাপ গোপনে ৰেকৰ্ডিং কৰি থাকিলেও গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মোবাইলৰ কথা-বতৰা গোপনে ৰেকৰ্ডিং কৰা কাৰ্যক আইন বিৰুদ্ধ বুলি ইতিমধ্যে অভিহিত কৰিছে৷ বিহপুৰীয়াৰ বিধায়ক ডঃ অমিত ভূঞা আৰু আৰক্ষী বিষয়া জোনমণি ৰাভা তথা পুষ্পকমল বৰাৰ মাজৰ বাৰ্তালাপ ভাইৰেল হোৱাৰ পিছতে এইক্ষেত্ৰত অতি কঠোৰ মনোভাব প্ৰদৰ্শন কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ আনকি ইয়াৰ বাবে আৰক্ষী বিষয়া পুষ্পকমল বৰাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰাও হয়৷ গোপনে ফোন ৰেকৰ্ডিং কৰি ভাইৰেল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ক্ষোভ প্ৰকাশ কৰি কৈছিল– ‘গোপনে ৰেকৰ্ডিং কৰাটো ভাৰতৰ সংবিধানৰ বিৰোধী৷ সংবিধান আৰু আইনে ফোন ৰেকৰ্ডিঙৰ অনুমতি নিদিয়ে৷ ফোন ৰেকৰ্ডিং অবৈধ কাৰ্য৷ এটা অনৈতিক কাম৷ তেনেকুৱা হ’লে কোনেও কাকো ফোন কৰিব নোৱাৰিব৷ ফোন ৰেকৰ্ডিঙৰ অশুভ পৰম্পৰা আৰম্ভ হ’ব নালাগে৷’ মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ পিছতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ অনানুষ্ঠানিক নিৰ্দেশ প্ৰেৰণ কৰি সকলো পৰ্যায়ৰ আৰক্ষী-বিষয়া কৰ্মচাৰীৰ মোবাইলত থকা অটো কলৰেকৰ্ডিঙৰ ব্যৱস্থা নাইকিয়া কৰিবলৈ কয়৷ ফোন ৰেকৰ্ডিঙৰ বিৰুদ্ধে আৰক্ষীয়ে এনে কঠোৰ স্থিতি প্ৰদৰ্শন কৰাৰ বিপৰীতে এতিয়া স্বয়ং আৰক্ষীয়ে ৰাজ্যৰ একাংশ দলৰ ৰাজনৈতিক দল-সংগঠন আৰু নেতা, সাংবাদিক আৰু বুদ্ধিজীৱীৰ ফোন ৰেকৰ্ডিঙৰ দৰে কাৰ্যত নামি পৰিছে৷ এই সন্দৰ্ভত আজি গুৰুতৰ অভিযোগ উত্থাপন কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– টেলিফোন টেপিঙৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ ৰায় দিয়া আছে৷ কিন্তু ইয়াৰ পিছতো অসমত টেলিফোন টেপিং হৈ আছে৷ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, নিজৰ দলৰে একাংশ সতীৰ্থৰ অংগক্ষত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে  টেলিফোন টেপিঙৰ কাম কৰাই আছে৷ আৰক্ষীয়ে মোৰ ফোনো টেপিং কৰি থকা বুলি সন্দেহ হৈছে৷ বিৰোধী দলৰ নেতা, সাংবাদিক, বুদ্ধিজীৱী, অসমৰ স্বাৰ্থত মাত মতা বিভিন্ন নাগৰিকৰ টেলিফোন টেপিং পুলিচ প্ৰশাসনৰ হতুৱাই ড॰ হিমন্ত বিশ্ব শৰ্মাই অনৈতিকভাৱে কৰি আছে৷’আৰক্ষীয়ে এনেদৰে গোপনে বিভিন্নজনৰ ব্যক্তিগত বাৰ্তালাপ ৰেকৰ্ডিং কৰা বুলি উত্থাপিত অভিযোগে কিছুদিন পূৰ্বে সংঘটিত পেগাছাছ কাণ্ডৰ কথা ৰাজ্যবাসীক মনত পেলাই দিছে৷ ফোন টেপিঙৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে আইনী বিশেষজ্ঞসকলেও এনে গোপন কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷ ভাৰতীয় টেলিগ্ৰাম আইনমতে চৰকাৰে তৃতীয় পক্ষ হিচাপে যিকোনো দুই পক্ষৰ বাৰ্তালাপ ৰেকৰ্ডিং কৰিব পাৰে কেৱল বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত৷ অৱশ্যে উচ্ছতম ন্যায়ালয়ে ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি কৈছে৷ গতিকে তৃতীয় পক্ষই দুই পক্ষৰ মাজত হোৱা বাৰ্তালাপত গোপনে হস্তক্ষেপ কৰিব নোৱাৰে যত দেশৰ সাৰ্বভৌমত্বৰ প্ৰসংগ জড়িত নাই৷ ‘আমাৰ অসম’-এ লাভ কৰা তথ্য অনুসৰি অসম আৰক্ষীৰ এক শীৰ্ষ বিষয়াৰ নেতৃত্বত চলিছে ফোন টেপিং কাৰ্য৷ চাৰিজন ছাত্ৰনেতা, জাতীয় সংগঠনৰ ৪ জন নেতা, ৭জন বিধায়ক, তিনিজন সাংসদ, ৩ বিৰোধী দলৰ মুৰব্বী, ৭জন জ্যেষ্ঠ সাংবাদিক, ৫ জন বিশিষ্ট নাগৰিক আৰু ৪ জন জনজাতীয় নেতাক নিজৰ স্কেনাৰত ৰাখিছে আৰক্ষীয়ে৷ এই তালিকাত বিজেপি দলৰ ৬জন নেতাৰ নামো স্থান লাভ কৰিছে৷ এইসকল লোকৰ প্ৰতিটো বাৰ্তালাপৰ ওপৰত বৰ্তমান আৰক্ষীৰ তীক্ষ্ণ নজৰ আছে৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনৰ সময়তো ফোন ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষীয়ে আন্দোলনৰ সৈতে জড়িত বহু নেতা-কৰ্মী আনকি সাংবাদিককো জেৰাৰ বাবে তলব কৰিছিল৷