Logo
image

কিমানবাৰ ব্যৱহাৰ কৰিব পাৰি মাস্ক এন ৯৫ কিমানবাৰ

কৰ’না এতিয়া এটা সন্ত্ৰাসৰ নাম৷ কেৱল অসমেই নহয় দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাৰ প্ৰকোপ৷ এই  পৰিস্থিতিত চিকিৎসক-চিকিৎসা কৰ্মীয়ে বাৰে বাৰে কৈ আছে মাস্ক ব্যৱহাৰৰ কথা৷ কৰ’না ভাইৰাচৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত আটাইতকৈ উপযোগী বুলি বিবেচিত হৈ আছে এন ৯৫ মাস্ক৷ এই মাস্কৰ চাহিদা যিমান বেছি তাৰ সমান্তৰালভাৱে দামো বেছি৷ কাজেই নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ লোকে নিতৌ নতুন নতুন এন ৯৫ মাস্ক যোগাৰ কৰাতো সহজ সাধ্য নহয়৷ 

বিশেষজ্ঞসকলৰ মতে এবাৰ নহয়, এন ৯৫ মাস্ক কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰি৷ এন ৯৫ মাস্কত এবাৰ মাত্ৰ ব্যৱহাৰ কৰিব পাৰি বুলি লিখাৰ কাৰণ হৈছে চিকিৎসকসকলে এন ৯৫ মাস্ক পিন্ধি এজন কৰ’না আক্ৰান্ত লোকক চিকিৎসা কৰাৰ পাছত যদি একেখন মাস্ক পিন্ধি আন ৰোগত আক্ৰান্ত লোককো চিকিৎসা কৰিবলৈ লয়৷ তেতিয়া কৰ’না সেইজন ৰোগীৰ গালৈও বিয়পিব পাৰে৷ গতিকে চিকিৎসকে ব্যৱহাৰ কৰা মাস্কৰ ক্ষেত্ৰত এন ৯৫ মাস্ক হ’লেও এবাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়৷ কিন্তু সাধাৰণ লোকে এন ৯৫ মাস্ক বাৰম্বাৰ কৰাৰ উদ্দেশ্য হৈছে কৰ’না ভাইৰাচৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱা৷ গতিকে সাধাৰণ লোকে এন ৯৫ মাস্ক একাধিক বাৰ ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই৷ অৱশ্যে চাৰ্জিকেল মাস্ক বা আন সাধাৰণ মাস্ক একাধিকবাৰ ব্যৱহাৰ কৰিব নোৱাৰি৷ বিজানুমুক্তত কৰি ল’লেও এনে সাধাৰণ মাস্ক একাধিকবাৰ ব্যৱহাৰ কৰি কৰ’না সংক্ৰমণ ৰোধ কৰা সম্ভৱ নহয়৷