Logo
image

আমি অসমতে থাকিম! মেঘালয় সীমান্তত গাৰো লোকৰ প্ৰতিবাদ

আমাৰ অসম, ২৩ জানুৱাৰীঃ ‘আমি অসমতে থাকিম’–মেঘালয় সীমান্তৰ লাম্পীৰ একাংশ গাৰো আৰু নেপালী লোকে আজি পুনৰ এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য, অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধান সূত্ৰক লৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ মুঠেই সন্তুষ্ট নহয় অসম-মেঘালয়ৰ সীমান্তৰ লাম্পীবাসী৷ ইতিমধ্যে অসম চৰকাৰৰ   এই সিদ্ধান্তৰ বিৰোধিতা কৰি লাম্পীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে লাম্পী ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে৷ লক্ষণীয় যে অসমৰ কিছু মাটি চুবুৰীয়া ৰাজ্য মেঘালয়ক এৰি দিবলৈ লোৱাক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ সময়ত আজি অসম জাতীয় পৰিষদে চৰজমিন তদন্তৰ বাবে কামৰূপ জিলাৰ মেঘালয় সীমান্তৱৰ্তী লাম্পিত উপস্থিত হয়৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আিৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত যোৱা দলটোৱে নোৱাপাৰা, পানবাৰী, লৱাৰ লাম্পি, আপাৰ লাম্পি আৰু বেংজেং আদি ঠাই ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে কথা পাতে৷ তেওঁলোকে ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হওঁতে যিখিনি ঠাইক অসম আৰু মেঘালয়ৰ সীমা হিচাপে চিহ্নিত কৰা হৈছিল, সেইখিনি ঠায়ো পৰিদৰ্শন কৰে৷ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ পাছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে স্থানীয় ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ একপক্ষীয়ভাৱে অসমৰ মাটি মেঘালয়ক দিবলৈ লোৱাৰ সিদ্ধান্ত ভুল আৰু জনবিৰোধী৷ অসমৰ মুখ্যমন্ত্ৰীয়ে একমাত্ৰ নিজৰ ৰাজনৈতিক কৃতকাৰ্যতা প্ৰদৰ্শনেৰে উচ্ছাকাঙ্খা পূৰণৰ স্বাৰ্থত অসমৰ মাটি আৰু মানুহক এনেকৈ অন্যায়ভাৱে এৰি দিবলৈ লৈছে৷ এনে সিদ্ধান্তক কোনো অৱস্থাতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি হোৱাটো দলে আন্তৰিকতাৰে বিচাৰে৷ কিন্তু সেইটো হ’ব লাগিব সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেদি৷ সাংবিধানিক ব্যৱস্থাৰ মাজেৰে আক্ৰান্ত এলেকাৰ জনগণৰ মতামতক সন্মান জনাই এই কাম হ’ব লাগিব৷ লাম্পীবাসীয়ে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দৰ ওচৰত অসম চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি লাম্পীৰ বৃহৎ এটা অঞ্চল এৰি দিয়া চৰকাৰৰ এই সিদ্ধান্ত কোনো পধ্যেই মানি নলয় বুলি আজি পুনৰ প্ৰকাশ কৰে৷ ইফালে মেঘালয়ক মাটি এৰি দিয়াৰ সন্দৰ্ভত আজি প্ৰদেশ কংগ্ৰেছে দিছপুৰত এক আলোচনাচক্ৰৰ আয়োজন কৰে৷ এই আলোচনাচক্ৰত প্ৰায় ডেৰকুৰি শিক্ষাবিদ, বুদ্ধিজীৱী, আইনজীৱিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনায়৷ অসম চৰকাৰৰ এই আত্মসমৰ্পণ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি সভাত সকলোৱে একমুখে মত ব্যক্ত কৰে৷ প্ৰদেশ কংগ্ৰেছ কমিটী আৰু কংগ্ৰেছ বিধায়িনী দলৰ যুটীয়া আহ্বানত অনুষ্ঠিত কৰা সভাখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টোক লৈ প্ৰাৰম্ভিক বক্তব্য দাঙি ধৰে৷ সৰ্বদলীয় সভাত কংগ্ৰেছৰ তৰফৰ পৰা দাঙি ধৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পিছদিনাই কেবিনেটে মেঘালয়ক মাটি এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি উল্লেখ কৰি শইকীয়াই কয় যে সকলো এখন পূৰ্বপৰিকল্পিত নাটকৰ অংশ মাত্ৰ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সভাপতিৰ বক্তব্য দাঙি ধৰি সকলোকে দলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে এই সভাই আজিৰ পৰা কংগ্ৰেছক এক নতুন শক্তি দিলে৷ কংগ্ৰেছে কোনো কাৰণত এই চৰকাৰৰ অগণতান্ত্ৰিক, অসাংবিধানিক কাম-কাজ চলি থাকিবলৈ নিদিয়ে৷ সৰ্বশক্তিৰে কংগ্ৰেছে অসমৰ জনগণৰ স্বাৰ্থত সদায় কাম কৰিব বুলি দাবী কৰি বৰাই কয় যে ৰাইজক বিশ্বাসত নোলোৱাকৈ, বিধানসভাক গুৰুত্বহীন কৰিবলৈ এৰি দিয়া নহ’ব৷ আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰাজ্যৰ মুখ্য সচিবক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি সীমা বিবাদৰ সমাধানসূত্ৰক মানি লোৱা নহ’ব বুলি অৱগত কৰে৷ উল্লেখ্য যে অসমৰ মাটি মেঘালয়ক গটোৱাৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে বাধা দিয়ে৷ ৰাজীৱ ভৱনৰ ভিতৰতে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে, অসম-মেঘালয় সীমান্তৰ স্থায়ী সমাধানসূত্ৰৰ বাবে চৰকাৰে কি কৰা উচিত এই সন্দৰ্ভত মৌন হৈ আছে আছু৷ সীমান্ত অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ পৰা হাত দাঙি দিলে নেকি আছুৱে– প্ৰশ্ন উত্থাপিত হৈছে৷