Logo
image

মৌচুমী টেঙাৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে কেঞ্চাৰ

মৌচুমী এবিধ সুস্বাদু ফল৷ শীতকালত মৌচুমী টেঙা খাই ভাল নোপোৱা মানুহ হয়তো খুব কমেই আছে৷ এই মৌচুমীত থাকে অনেক গুণ৷ কেৱল যে খাই ভাল লাগে তেনে নহয়, এই ফলবিধে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ কেঞ্চাৰ এনে এটা ভয়ংকৰ ৰোগ৷ যি ৰোগত আক্ৰান্ত হোৱা বুলি জনাৰ পাছতে বহুলোক হতাশ হৈ পৰে৷ এই কথা নিশ্চিত যে সঠিক সময়ত কেঞ্চাৰ ৰোগ ধৰা পৰিলে উপযুক্ত চিকিৎসাৰ মানুহ সুস্থ হৈ উঠিব পাৰে৷ দূষিত পানী সেৱনৰ ফলত হোৱা কেঞ্চাৰ ৰোধ কৰিব পাৰে মৌচুমী আৰু নেমু টেঙাৰ বাকলিয়ে৷ মৌচুমী আৰু নেমু টেঙাৰ বাকলিত এনে এবিধ পদাৰ্থ সৃষ্টি হয় যিটোৱে পানীত  থকা ক্ষতিকাৰক পদাৰ্থ নষ্ট কৰি পেলায়৷ 

বাৰাণসীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজীৰ [বি এইচ ইউ] গৱেষকৰ দাবী মৌচুমী-নেমুৰ বাকলিয়ে পানীত থকা অনেক ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰে৷ স্কুল অৱ বায়’ কেমিকেল ইঞ্জিনিয়াৰিং আৰু বি এইচ ইউত গৱেষকে এবিধ পৰিৱেশ অনুকূল পদাৰ্থ প্ৰস্তুত কৰিছে যিটোৱে দূষিত আৰু অপৰিশোধিত পানীৰ পৰা হেক্সাভেলেণ্ট ক্ৰ’মিয়ামৰ দৰে বিষাক্ত আৰু গধুৰ ধাতু সহজে অপসাৰিত কৰিব পাৰি৷ হেক্সাভেলেণ্ট ক্ৰমিয়াম এনে এবিধ বিষাক্ত আৰু গধুৰ ধাতু যি মানুহৰ দেহত কেঞ্চাৰৰ দৰে নানা ধৰণৰ জটিল ৰোগ সৃষ্টি কৰিব পাৰে৷ হেক্সাভেলেণ্ট ক্ৰমিয়াম নষ্ট কৰিব পাৰে মৌচুমী আৰু নেমুৰ বাকলিয়ে৷ মৌচুমী টেঙা হয়তো সকলো সময়তে উপলব্ধ নহ’ব পাৰে৷ শীতকালত যিহেতু বজাৰত প্ৰচুৰ মৌচুমী টেঙা পোৱা যায় তেতিয়া সংগ্ৰহ কৰি ভালদৰে শুকাই থ’লে আন সময়তো ব্যৱহাৰ কৰি সুফল পাব পাৰি৷