Logo
image

স্কুল-কলেজ খুলি স্বাভাৱিক হোৱাৰ দিশে দিল্লী-মুম্বাই

আমাৰ অসম, ২৩ জানুৱাৰীঃ ক’ভিডৰ পৰা দেশে চিৰস্থায়ী মুক্তি লাভৰ দিশে আগবঢ়াৰ সময়তে তৃতীয় ঢৌত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মুম্বাই আৰু দিল্লীয়ে স্কুলৰ সকলো শ্ৰেণী খোলাৰ সিদ্ধান্ত লৈছে৷ দিল্লীয়েফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা স্কুলসমূহ খুলিব বুলি চিন্তা-চৰ্চা কৰিলেও মুম্বাইত অহা সোমবাৰৰ পৰাই সকলো স্কুল খুলি দিয়াৰ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে৷ মহাৰাষ্ট্ৰ চৰকাৰে অভিভাৱকৰ দাবী মানি লৈয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি সোমবাৰৰ পৰা মুম্বাইৰ চৰকাৰী-বেচৰকাৰী সকলোবিলাক স্কুলৰ প্ৰি-প্ৰাইমেৰী পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলোৰে পাঠদান বিদ্যালয়ত আৰম্ভ হ’ব৷ মুম্বাইৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সংগঠনে দাবী কৰিছিল যে, যদিহে স্পা, চিনেমা হল, ৰেষ্টোৰা ইত্যাদি খুলিব পাৰে তেন্তে স্কুল কিয় খুলিব নোৱাৰে৷ ঘাইকৈ অভিভাৱকৰ দাবী আৰু ক্ৰমাৎ নিম্নমুখী হোৱা সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে প্ৰথমে মুম্বাইৰ সকলোবিলাক স্কুল সোমবাৰৰ পৰা খুলি দিয়াৰ সিদ্ধান্ত লয়৷ ৰাজ্যৰ অন্যান্য স্থানৰ স্কুলৰ ক্ষেত্ৰত সংশি¡ষ্ট অঞ্চলটোৰ ক’ভিড পৰিস্থিতি চাই স্থানীয় প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব৷ অৱশ্যে তেনে ক্ষেত্ৰতো স্কুল পুনৰ খোলাৰ ক্ষেত্ৰত বিলম্ব নঘটাবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে৷ বিগত দুবছৰ ধৰি মুম্বাইৰ আৰু দিল্লীৰ স্কুলৰ পাঠদান অধিকাংশ সময়েই বন্ধ আছে৷ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পাছত দিল্লী আৰু মুম্বাইৰ স্কুল আৰম্ভ হ’লেও তৃতীয় ঢৌৱে সংক্ৰমণ বিস্তাৰ কৰাত দুয়োখন মেট্ৰ’ চহৰৰ স্কুলসমূহ বন্ধ কৰি দিয়া হৈছিল৷ মুম্বাইত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণৰ গতি হ্ৰাস হৈছে৷ বুধবাৰে মুম্বাইত আক্ৰান্ত হৈছিল ৬০৩২ জন আৰু তাৰ আগদিনা আক্ৰান্ত হৈছিল ৬১৪৯ জন৷ অথচ যোৱা ৭ জানুৱাৰীত মুম্বাই চহৰত ক’ভিডত আক্ৰান্ত হৈছিল ২০,৯৭১ জন৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি ১০ জানুৱাৰীতে মুম্বাইত ক’ভিডৰ সংক্ৰমণ তুঙ্গত উঠিছিল৷ এতিয়া ক্ৰমাৎ সংক্ৰমণৰ বিস্তাৰৰ হাৰ কমি আহিছে৷ এনে সময়তে পুনৰ স্কুলসমূহ আৰম্ভ নকৰিলে ছাত্ৰ-ছাত্ৰীৰ ভয়ংকৰ ক্ষতি হ’ব৷ বিগত দুবছৰৰ অধিকাংশ সময় অনলাইন ক্লাছ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান হ্ৰাস হৈছে বুলি সকলোৱেই একমত৷ এতিয়া দেশে ক’ভিড মুক্ত পৰিৱেশৰ দিশে আগবঢ়াৰ সময়ত স্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও যাতে সেই পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে সেই উদ্দেশ্যেই মহাৰাষ্ট্ৰ আৰু দিল্লী চৰকাৰে এনে সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে৷ ইতিমধ্যে ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ শেহতীয়াকৈ ১২-১৫ বছৰৰ কিশোৰ-কিশোৰীকো প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে৷ সেয়ে স্কুললৈ যাবলগীয়া ছাত্ৰ-ছাত্ৰীসকল এতিয়া সুৰক্ষিত হৈ থাকিব বুলি সকলোৰে বিশ্বাস৷