Logo
image

স্বচ্ছ, দায়বদ্ধ, দক্ষ প্ৰশাসনেই মুখ্যমন্ত্ৰীৰ বাবে বৃহৎ প্ৰত্যাহ্বান

ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছৰে পৰা এটাৰ পাছত এটাকৈ পূৰ্বে নোহোৱা কেইবাটাও সাহসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ড্ৰাগছ মাফিয়া, সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ধাৰাবাহিকভাৱে গ্ৰহণ কৰাৰ বাবে শ শ কোটি টকাৰ ড্ৰাগ ইতিমধ্যে আৰক্ষীয়ে জব্দ  কৰিছে৷ বহু ড্ৰাগ ব্যৱসায়ী গুলীবিদ্ধ হৈছে৷ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীচক্ৰৰ লগতে ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত জড়িত ড্ৰাগ ব্যৱসায়ীয়ে বিগত বহু কেইবছৰ ধৰি অসমত এনে পৰ্যায়ত বৰবিহ ড্ৰাগক সহজলভ্য কৰি তুলিছিল যে বহু নৱপ্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীয়ে ইয়াক সেৱন কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজখনলৈ অমানিশা কঢ়িয়াই আনিছে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ফ্ৰীহেণ্ড দিয়াৰ বাবে আৰক্ষীয়েও পূৰ্ণোদ্যমে ড্ৰাগছৰ বিৰুদ্ধে জঁপিয়াই পৰিছে৷ ইফালে ড্ৰাগছ  ব্যৱসায়ীক গুলীয়াই আহত কৰাৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে মানৱ অধিকাৰ ভংগৰ অভিযোগ বিভিন্ন পক্ষই উত্থাপন কৰিলেও মুখ্যমন্ত্ৰী আৰু আৰক্ষীয়ে আপোচবিহীন মনোভাৱ অব্যাহত ৰাখিছে৷ ড্ৰাগৰ লগতে বিভিন্ন ক’লা ব্যৱসায়, গৰু ছিণ্ডিকেট, মাটিৰ দালাল, পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ দালাল, আৰক্ষী থানাত থকা দালাল আদিৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে কঠোৰ দৃষ্টিভংগী পোষণ কৰি ৰাজ্যখনত এক ব্যতিক্ৰমী প্ৰশাসন আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো এক শুভলক্ষণ বুলিয়েই অভিহিত কৰিব পাৰি৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ উপৰোক্ত কেতবোৰ পদক্ষেপৰ ফলত এচাম নিৰীহ ব্যক্তিও ‘উলুৰ লগত বগৰী পোৰা’দি দোষীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে কাৰাবাস পৰ্যন্ত খাটিব লগা হৈছে৷ দোষী ব্যক্তিয়ে শাস্তি পোৱাটো ৰাইজৰ কাম্য৷ কিন্তু একাংশ ব্যক্তিক সামান্য দোষত বা দোষ নোহোৱাকৈ অপৰাধী সজাই জে’ললৈ পঠিওৱাটোও সমৰ্থনযোগ্য নহয়৷ ভৱিষ্যতে মুখ্যমন্ত্ৰীয়ে এনে দিশবোৰত অধিক সতৰ্কতা অৱলম্বন কৰাটো উচিত হ’ব৷ ৰাজ্যখনত ইমূৰৰ পৰা সিমূৰলৈ সঘনে ভ্ৰমণ কৰি সতীৰ্থ মন্ত্ৰী, শীৰ্ষ প্ৰশাসনিক আৰক্ষী বিষয়াৰ সৈতে আলোচনাৰ যোগেদি বিভিন্ন আৰ্থ-সামাজিক সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগ উল্লেখযোগ্য৷ প্ৰতি ছমাহৰ মূৰে মূৰে আৰক্ষী অধীক্ষক আৰু উচ্ছপদস্থ বিষয়াবৰ্গৰ সৈতে ৰাজ্যৰ বিভিন্ন স্থানত বৈঠক, বিভিন্ন নিৰ্ধাৰিত কামৰ মূল্যায়ন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আলোচনা আদিয়ে প্ৰশাসনিক গতিশীলতাত, দায়বদ্ধতা সৃষ্টি কৰাত ইন্ধন যোগায়৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুৰব্বীৰ দায়িত্ব লাভ কৰাৰ পাছৰে পৰা উক্তদিশসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ অনুৰূপভাৱে ৰাজ্যৰ কলেজ, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহ সঘনে ভ্ৰমণ কৰি বিভিন্ন নতুন আঁচনিৰ ঘোষণা, ছাত্ৰ-ছাত্ৰীৰে মতামত বিনিময় আদিৰ যোগেদিও মুখ্যমন্ত্ৰীয়ে যুৱ-প্ৰজন্মৰ মাজত সোমাই পৰিছে৷ কাজেই এনেবোৰ কাৰ্যই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ, নতুন প্ৰজন্মৰ পৰা লাভ কৰা ‘মামা’ সম্বোধন এতিয়া অধিক গাঢ় হৈ পৰিছে৷ অসমৰ প্ৰান্তে প্ৰান্তে  মামাৰ এষাৰি মাত পাবলৈ এতিয়া লক্ষ লক্ষ ছাত্ৰ-ছাত্ৰী উদ্বাউল হৈ পৰে৷ ইয়াৰ মাজতে অৱশ্যে মিজোৰাম সীমান্তত অসমৰ আৰক্ষী জোৱানৰ মৃত্যু, মেঘালয়ক অসমৰ ভূমিখণ্ড হস্তান্তৰ কৰা, ৰাজপথত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰকে ধৰি বহু বিষয়ত মুখ্যমন্ত্ৰী সমালোচনাৰ পাত্ৰও হৈছে৷ প্ৰশাসনিক কূটনৈতিক কৌশলেৰে অসমৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সৈতে হোৱা সীমা সমস্যা অনাগত দিনত মুখ্যমন্ত্ৰীয়ে কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া নি(য় লক্ষণীয় হ’ব৷ উল্লেখ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনে বহু পদক্ষেপ লৈছে যদিও তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ৩ান হৈছে ৰাজ্যৰ লক্ষ লক্ষ কৰ্মচাৰী, বিষয়াৰ মাজত উপযুক্ত কৰ্ম-সংস্কৃতি সৃষ্টি কৰি এটা দায়বদ্ধ প্ৰশাসন যন্ত্ৰ গঢ়ি তোলাটো৷ লেছ গৱৰ্ণমেণ্ট, মৰ গৰ্ভানেন্সৰ বিষয়ে কেন্দ্ৰ চৰকাৰেও বিগত কেইবাবছৰ ধৰি দোহাৰি আছে যদিও অসমত এই ক্ষেত্ৰত ইয়াক কাৰ্যকৰী কৰাত চৰকাৰ ব্যৰ্থ হৈছে৷ ‘সৰিয়হৰ ডুলিতে ভূত’ থকাৰ দৰে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ অসম সচিবালয়েই হৈছে দুৰ্নীতি-অনিয়ম, কৰ্ম-সংস্কৃতিহীনতাৰ ভূ-স্বৰ্গস্বৰূপ৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্যমতে এক সমীক্ষাত জনসাধাৰণৰ দ্বাৰা সঘনাই পৰিদৰ্শন কৰা ৰাজ্যৰ শীৰ্ষ বিভাগ কেইটা হ’ল শিক্ষা, লোক নিৰ্মাণ, পেঞ্চন আৰু ৰাজহুৱাখণ্ডৰ সম্পত্তি, জলসিঞ্চন, সমাজ কল্যাণ বিভাগ৷ লক্ষাধিক ফাইল  জনতা ভৱনৰ এই বিভাগসমূহত পৰি থাকে৷ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ফাইনেন্স এছিটেণ্ট, গাণনিক বিষয়া, অডিটৰৰ পৰা এচাম বিষয়ালৈকে সামান্য অজুহাততে ফাইলত ভুল ধৰি মাহ মাহ ধৰি পেলাই থয়৷ ফাইলৰ পিছে পিছে দৌৰি এচামে নিজৰ কাম সম্পন্ন কৰে যদিও সেয়া হয় মোটা ধনৰ বিনিময়ত৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে ক’বলৈ বাধ্য হৈছে যে ৰিটায়াৰ হৈ যোৱা কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীকো ঘোষ, উপঢৌকন দিহে বহুতে প্ৰাপ্য পেঞ্চনটো লাভ কৰে৷ মুখ্যমন্ত্ৰীয়ে অলপতে সচিবালয়ৰ কৰ্মচাৰীসকলক ভোজভাত খুৱাই সম্ভাৱনা প্ৰকল্পৰ সূচনা কৰা বিষয়ে জনাইছে যদিও যুগ যুগ ধৰি এনে ‘কালছাৰ’ৰ মাজেৰে অহা এচাম বিষয়া-কৰ্মচাৰীয়ে নিজৰ মানসিকতা কিমান সলনি কৰিব সেয়াহে লাখটকীয়া প্ৰশ্ন৷ সচিবালয়ত বহুদিন কৰ্মৰত নিম্ন পৰ্যায়ৰ কৰ্মচাৰীৰ পৰা বিষয়ালৈকে বিভিন্ন জিলালৈ বদলিকৰণ, শীৰ্ষ বিষয়াৰ লগতে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ দ্বাৰা বিভাগসমূহ পৰিদৰ্শন, অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম, প্ৰশিক্ষণ, ভাল নাম কৰা বিষয়া-কৰ্মচাৰীক পদোন্নতি, পুৰস্কাৰ প্ৰদান আদি ব্যৱস্থাৰ যোগেদি চৰকাৰে স্বচ্ছতা, দক্ষতা বৃদ্ধি কৰাৰ বাবে উদ্যোগ লোৱা উচিত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সপ্তম স্থান লাভ কৰিছে ‘ইণ্ডিয়া টুডে’ৰ তালিকাত৷ বাকী পদক্ষেপবোৰৰ লগতে প্ৰশাসনিক দিশত ইতিবাচক পৰিৱৰ্তন সাধিব পাৰিলেহে মুখ্যমন্ত্ৰী ড॰ শৰ্মা দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীলৈ উত্তীৰ্ণ হ’ব আৰু অসমো দেশৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰূপে পৰিগণিত হ’ব৷