স্কুল-কলেজ খুলিব শিথিল হ’ব কাৰ্ফিউ
ৰাজ্যত ৰ ফেব্ৰুৱাৰীৰ পৰা
আমাৰ অসম, ২৪ জানুৱাৰীঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে যদিও ৰ ফেব্ৰুৱাৰীৰ পৰা কাৰ্ফিউ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ অমিক্ৰনৰ সংক্ৰমণৰ হাৰ ১২ শতাংশৰ ধাৰাবাহিকতা অক্ষুন্ন থাকিলেও লাহে লাহে স্কুল কলেজ সমূহো খোলাৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে৷ অমিক্ৰন ভেৰিয়েণ্ট ক’ভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ দুৰ্বল হোৱাৰ বাবেই চৰকাৰে কাৰ্ফিউ শিথিলৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দেওবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্য আইন চলি আছে যদিও ৰ ফেব্ৰুৱাৰীৰ পৰা সেই ব্যৱস্থা সলনি কৰি নিশা ১১বজাৰ পৰাহে সান্ধ্য আইন জাৰি কৰা হ’ব৷ শেহতীয়াকৈ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাই আহিছে৷ ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ হ্ৰাস পাইছে৷ এই হাৰ বৰ্তমান ১২ শতাংশতে আছে৷ মানুহে অমিক্ৰন ভেৰিয়েণ্টক স্বাভাৱিক ৰূপত গ্ৰহণ কৰিছে৷ সেয়েহে আমি কঠোৰ নিয়ম-নিষেধাজ্ঞা আৰূপ কৰিব নিবিচাৰো৷ চৰকাৰে মানুহৰ জীৱন জীৱিকাত আঘাত কৰি কাৰ্ফিউ দিব বিচৰা নাই৷ কাৰ্ফিউ শিথিল কৰাৰ লগতে লাহে লাহে স্কুল কলেজ সমূহো খোলা হ’ব৷ যদি কোনো নিৰ্দিষ্ট অঞ্চলত ক’ভিড ৰোগী ধৰা পৰে, তেনেহ’লে সেই অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব৷ ক’ভিড আক্ৰান্তই সাত দিন কোৱাৰেণ্টিনত থাকিলেও হয়৷ ডেল্টা ভেৰিয়েণ্টতকৈ অমিক্ৰন দুৰ্বল৷ স্বাভাৱিকতেই মুখ্যমন্ত্ৰীৰ এই ঘোষণা স্পষ্ট হৈ পৰিছে যে পহিলা ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ ক’ভিড এছ অ’পি বহুখিনি শিথিল হ’ব৷