Logo
image

এনকাউণ্টাৰৰ ‘কীৰ্তি’

 ছাত্ৰনেতাক আৰক্ষীয়ে গুলীবিদ্ধ কৰা ঘটনাত ৰাজ্যত জোকাৰণি

আমাৰ অসম, ২৪ জানুৱাৰীঃ নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ জৰিয়তে আৰক্ষীয়ে এনকাউণ্টাৰৰ ক্ষেত্ৰত অৰ্জন কৰিলে নতুন ‘কীৰ্তি’৷ এজন নিৰীহ যুৱকক অকাৰণতে গুলীচালনা কৰি আৰক্ষীয়ে তেওঁক ড্ৰাগ সৰবৰাহকাৰী আৰু সুৰাপায়ী  সজাবলৈ চলোৱা সকলো চেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে৷ নগাঁৱৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ সূত্ৰসমূহে যিমানেই কীৰ্তিকমলৰ এনকাউণ্টাৰক  ন্যায্যতা দিয়াৰ চেষ্টা নকৰক কিয় এই কথা ইতিমধ্যে জলজল-পটপট হৈ পৰিছে যে কীৰ্তিকমল বৰা নিৰ্দোষী-নিৰপৰাধী৷ তেওঁ সুৰাসক্ত নাছিল৷ তেওঁ যদি কিবা দোষ কৰিছিল তেন্তে বৃহৎ আৰক্ষীৰ দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন৷ তাকে নকৰি এনকাউণ্টাৰ কৰি কৰি সোৱাদ পোৱা আৰক্ষীয়ে তেওঁলৈ গুলী চলালে৷ আৰক্ষীয়ে হয়তো সপোনতো ভবা নাছিল যে এই ঘটনাৰ প্ৰতিক্ৰিয়া ইমান ভয়ংকৰ হ’ব৷ বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ বাহিৰে অসমৰ সকলো দল, সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজে এই ঘটনাক ধিক্কাৰ দিছে৷ আক্ষৰিক অৰ্থতে নগাঁৱৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ বিব্ৰত মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ তদন্ত ঘোষণা কৰিছে৷ কৰ্পূৰৰ দৰে উৰি গৈছে নগাঁৱৰ এছপি আনন্দ মিশ্ৰৰ চেলিব্ৰিটী ইমেজ৷ এই ঘটনাৰ প্ৰতিবাদত গৰজি উঠিছে অসমৰ ৰাইজ৷ নগাঁৱকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত সংঘবদ্ধভাৱে প্ৰতিবাদ হৈছে৷ নক’লেও হ’ব যে বিগত বৰ্ষত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ১১টা এনকাউণ্টাৰেৰে সক্ৰিয় আৰক্ষী হিচাপে নাম জাহিৰ কৰা নগাঁৱৰ আৰক্ষী এইবাৰ প্ৰতিবাদ আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ যোৱা নিশা নগাঁও চহৰৰ কচলুখোৱাত কীৰ্তিকমল বৰা নামৰ এজন  প্ৰাক্তন ছাত্ৰনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাই প্ৰতিবাদৰ জোৱাৰ তুলিছে ৰাজ্যত৷ একাংশ আৰক্ষীয়ে দোষী-নিৰ্দোষীৰ বিচাৰ অবিহনেই যে নিজৰ খেয়ালখুচিত কোনো লোকক ফেক এনকাউণ্টাৰ কৰে সেই কথা কালিৰ ঘটনাই প্ৰতিপন্ন কৰিলে৷ বিগত বৰ্ষত ইটোৰ পাছত সিটো অপৰাধীৰ বিৰুদ্ধে সফল অভিযান চলাই ‘নায়ক’ত পৰিণত হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এনে গ্লেমাৰ আৰ্জিছিল যে নগাঁৱৰ আৰক্ষী বিভাগটো একাংশ প্ৰচাৰ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত হৈ পৰিছিল আনন্দ মিশ্ৰ বাহিনী৷ কিন্তু কালিৰ নিশাৰ এনকাউণ্টাৰৰ ঘটনাই নগাঁৱৰ আৰক্ষীক খলনায়কত পৰিণত কৰাৰ লগতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সমগ্ৰ খ্যাতি এৰাতিতে কুখ্যাতিলৈ পৰ্যবসিত কৰে৷ আজি নগাঁৱৰ ৰাজপথত উঠিল আৰক্ষী অধীক্ষক ‘আনন্দ মিশ্ৰ গ’বেক’ ধবনি৷  প্ৰতিবাদী যুৱক আৰু ছাত্ৰই ‘ভুৱা এনকাউণ্টাৰ বন্ধ কৰক’, ‘আনন্দ মিশ্ৰ গ’বেক’, ‘নগাঁও পুলিচ হায়-হায়’, ‘আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰক’, ‘অসম চৰকাৰ হায়-হায়’ আদি ধবনিৰে ৰাজপথ মুখৰ কৰে৷ আৰক্ষীয়ে অপৰাধীক এনকাউণ্টাৰ কৰাৰ পোষকতা কৰি অহা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠিও আজি দাহ কৰা হয় নগাঁৱত৷ ঘটনাৰ প্ৰতিবাদত আজি নগাঁও চহৰত ৰাজপথ অৱৰোধ, আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ কৰা হয়৷ বিভিন্ন দল-সংগঠনে এই গুলী চালনাৰ ঘটনাক ভুৱা এনকাউণ্টাৰ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিয়ে৷ আজি পুৱাৰে পৰা বিভিন্ন সংগঠনৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীয়ে গুলী চালনাৰ ঘটনাৰ লগত জড়িত দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি বিহাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আজি পুৱা ছাত্ৰ আৰু সচেতন ব্যক্তিৰ উদ্যোগত নগাঁও কলেজৰ সম্মুখত ৰাজপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলা হয়৷ অচল কৰি দিয়া হয় ৰাজপথ৷ তাৰ পাছত প্ৰতিবাদকাৰীসকলে নগাঁও সদৰ আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন সংগঠনে চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধবনি দি পৰিৱেশ উত্তাল কৰি তোলে৷  যুৱক, ছাত্ৰ, সচেতন ব্যক্তি, দল-সংগঠনৰ প্ৰতিবাদৰ সন্মুখত নগাঁও আৰক্ষী একপ্ৰকাৰ দিশহাৰা হৈ পৰা পৰিলক্ষিত হয়৷ এই ঘটনাক তীব্ৰ প্ৰতিবাদ জনাইছে বিভিন্ন যুৱ-ছাত্ৰ সংগঠনে৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কালিৰ ঘটনাক তীব্ৰ গৰিহণা দি কয়–  বিজেপি চৰকাৰৰ দিনত আৰক্ষীৰ সন্ত্ৰাস চলিছে৷ নিৰীহ যুৱকক ভুৱা এনকাউণ্টাৰৰে গুলীয়াই আহত কৰাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে৷ আমি এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ৷ ইয়াৰ লগত জড়িত আৰক্ষী বিষয়াক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কালিৰ ঘটনাৰ গৰিহণা দি কয়– বৰ্তমান চৰকাৰৰ দিনত হকে-বিহকে ৰাজ্যখনৰ বিভিন্ন স্থানত এনকাউণ্টাৰ চলিছে৷ চৰকাৰে এক সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ পৰিষদে কালিৰ নগাঁৱৰ গুলী চালনাৰ ঘটনাৰ ন্যায়িক তৰ্দন্তৰ দাবী জনায়৷ এই সন্দৰ্ভত পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ পৰিষদে ঘটনাৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷ নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মনোজ সিংহ ৰাজাই কয়- বৰ্তমান অসমত আৰক্ষীৰ সন্ত্ৰাস চলি আছে৷ ভুৱা এনকাউণ্টাৰৰ জৰিয়তে নিৰীহ লোকক গুলীয়াই আহত কৰা হৈছে৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ দিনত এনেধৰণৰ ঘটনা সংঘটিত হোৱাতো অতি লজ্জাজনক৷ নিৰীহ ছাত্ৰনেতা জনক গুলীয়াই আহত কৰাৰ ঘটনাৰ এক উচ্ছ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহীবলৈ দাবী জনাইছো৷ অসম গণ পৰিষদৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– বৰ্তমান চৰকাৰৰ দিনত সাধাৰণ লোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল-যোৱা নিশা নগাঁৱৰ নিৰীহ ছাত্ৰনেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰাৰ ঘটনাটো৷ আৰক্ষীয়ে এতিয়া কাক কেতিয়া গুলীয়ায় তাৰ নি(য়তা নোহোৱা হৈছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷ 

ঘটনাৰ অন্য ৰূপ দিয়াৰ চেষ্টা আৰক্ষীৰঃ শনিবাৰৰ নিশা নগাঁও চহৰৰ কচলুখোৱাত কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাজনক আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে গুলীবিদ্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ হোৱাৰ বিপৰীতে আৰক্ষীয়ে চিৰাচৰিত প্ৰথাৰে ঘটনাৰ অন্য ৰূপ দিয়াৰ চেষ্টা চলায৷ শনিবাৰৰ নিশা ফাৰ্মাচীৰ পৰা মাতৃৰ বাবে ঔষধ ক্ৰয় কৰি ঘৰলৈ ঘূৰি অহাৰ সময়তে কচলুখোৱাত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটি অভিযানকাৰী দলৰ মুখামুখি হয় যুৱকজন৷ সেই সময়ত আৰক্ষীৰ দলটোৱে জাকিৰ হুছেইন নামৰ এজন ব্যক্তিক সোধাপোছা কৰি আছিল৷ আৰক্ষীৰ মতে,  অসামৰিক পোছাকত থকা আৰক্ষীৰ দলটোৰ সৈতে কীৰ্তিকমল বৰা সংঘাতত লিপ্ত হয়৷ তাৰ পৰিণামত প্ৰদীপ বণিয়া নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শকজনে কীৰ্তিকমলৰ ভৰিত গুলী কৰে৷ আৰক্ষীৰ মতে,  কীৰ্তিকমল বৰাই নিজৰ হাতত থকা হেলমেটৰে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক আক্ৰমণ কৰে আৰু আত্মৰক্ষাৰ বাবে বণিয়াই কীৰ্তিকমলৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়৷ আৰক্ষীৰ বক্তব্য অনুসৰিয়ে যদি ধৰা হয় যুৱকজনে হেলমেটেৰে আৰক্ষী বিষয়াজনক আক্ৰমণ কৰিছিল তেন্তে তাৰ প্ৰত্যুত্তৰ দিয়া বা নিজক বচোৱাৰ একমাত্ৰ উপায় গুলী চালনাই আছিল নেকি? কচলুখোৱাৰ স্থানীয় লোক আৰু কীৰ্তিকমলৰ আত্মীয়ই আৰক্ষীৰ তেনে মন্তব্যক নস্যাৎ কৰি আৰক্ষী বিষয়া প্ৰদীপ বণিয়াই কোনো কাৰণ অবিহনে কীৰ্তিকমলক গুলীবিদ্ধ কৰাৰ অভিযোগ কৰে৷ আৰক্ষীয়ে আকৌ অভিযোগ কৰা মতে সেই সময়ত কীৰ্তিকমল সুৰাসক্ত আছিল৷ আৰক্ষীৰ এই অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি আৰক্ষীৰ লোক কেইজনহে সুৰাসক্ত আছিল বুলি ছাত্ৰ নেতাজনে দাৱী কৰে৷ ইপিনে কীৰ্তিকমলৰ পিতৃ-মাতৃয়ে আজিও সংবাদ মাধ্যমত কয়- আমাৰ পুত্ৰই সুৰাটো দূৰৰে কথা আন কোনো নিচাযুক্ত দ্ৰব্য সেৱন নকৰে৷ আৰক্ষীয়ে আমাৰ ল’ৰা আৰু আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক সুৰাপান কৰাৰ পৰীক্ষা কৰক৷ তেতিয়া সকলো ৰহস্য ওলাই পৰিব৷ 

 আহত যুৱকক গুৱাহাটীলৈঃ আৰক্ষীৰ গুলীত গুৰুতভাৱে আহত  কীৰ্তিকমল বৰাক প্ৰথম অৱস্থাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ 

নগাঁৱত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানঃ নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰা আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে৷ ইপিনে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান[আইন-শৃংখলা] জি পি সিং আজি নগাঁৱত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে৷ নগাঁও আৰক্ষী থানাত জি পি সিঙে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক জেৰা কৰে৷ তাৰ পিছত জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয়– আইনবিৰোধী কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা ন’হব, সেয়া লাগিলে আৰক্ষীৰ ক্ষেত্ৰতে হওক৷ নগাঁৱৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা হ’ব৷ এসপ্তাহৰ ভিতৰত তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব৷ তাৰ পিছতে ব্যৱস্থা লোৱা হ’ব৷ 

আহতৰ গৃহত বিধায়ক ৰূপক শৰ্মাঃ প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাক অতিশয় দূৰ্ভাগ্যজনক আখ্যা দিলে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই৷ তেওঁ কয়– এই ঘটনাৰ দোষীয়ে উচিত শাস্তি পাব৷ কিন্তু এই ঘটনাক লৈ কোনো বাহিৰা মানুহে ৰাজনীতি কৰাটো আমি নিবিচাৰো৷ আৰক্ষীৰ গুলীত আহত ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ঘৰত আজি উপস্থিত হয় বিধায়ক জন৷ কীৰ্তিকমলৰ পিতৃ নীলকমল বৰাক সাক্ষাৎ কৰি এই ঘটনাৰ উচিত তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিধায়ক শৰ্মাই কয়– এই ঘটনা দূৰ্ভাগ্যজনক৷ কিন্তু নগাঁও আৰক্ষীয়ে বহু কুখ্যাত অপৰাধীক বিগত সময়ছোৱাত দমন কৰিছে৷ সেয়ে এজন আৰক্ষীৰ ভুলৰ বাবে সকলো আৰক্ষীৰে মন ভাঙি দিয়াটো উচিত নহয়৷ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ জৰিয়তে কৰাৰ নিৰ্দেশ দিছে আৰু এসপ্তাহৰ ভিতৰত দোষীয়ে উচিত শাস্তি পাব৷ মুখ্যমন্ত্ৰীয়ে অসমখন অপৰাধমুক্ত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰি গৈছে৷ 

মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰঃ আজি বিয়লি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘটনাৰ খবৰ লোৱাৰ বাবে নগাঁৱত উপস্থিত হয়৷ কংগ্ৰেছ নেতাজনে এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি কয়, মুখ্যমন্ত্ৰীয়ে অসমত হত্যাযজ্ঞ চলাইছে৷ পুলিচক অত্যধিক ক্ষমতা দিছে৷ এনকাউণ্টাৰৰ নামত নিৰ্দোষী মানুহক হত্যা কৰা হৈছে৷ ঘটনাৰ বাবে গঠিত তদন্ত কমিটীয়ে কি প্ৰতিবেদন দাখিল কৰে আমি তাৰ ওপৰত চকু ৰাখিম৷