Logo
image

কণী খায়েই মুক্তি পাব বহু ৰোগৰ পৰা

আমাৰ অসম,২১ ছেপ্টেম্বৰঃ ‘শনিবাৰ-দেওবাৰ যিয়েই নহওক নিতৌ কণী খাওক’  বুলি কৰি অহা কেৱল বিজ্ঞাপনৰ প্ৰচাৰেই নহয়, বাস্তৱিকতে দৈনিক কণী খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী৷ সদায় একোটাকৈ কণী খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ চিকিৎসকসকলৰ মতে কণী প্ৰাকৃতিক পুষ্টিৰ এক বিশেষ গুণযুক্ত উৎস, বিভিন্ন ৰোগৰ পৰা মুক্তি পোৱাত কণীয়ে বিশেষভাৱে সহায় কৰে৷কণীত কি পোৱা যায়[১] কণীত ভিটামিন ডি থাকে আৰু ইয়াৰ ফলত দৈনিক একোটাকৈ কণী খালে শৰীৰৰ পেশীসমূহ সবল হৈ উঠে৷[২] কণীত ভিটামিন ‘এ’ থাকে৷ ইয়াৰ ফলত কণী খালে আমাৰ দৃষ্টিশক্তি ভাল হয়৷ ইয়াৰ উপৰি কণীত থকা উপাদান কেৰোটিনয়ড, জিয়েক্সেনথিন আৰু লুটেনৰ ফলত চকুৰ ছানি পৰা ৰোগ প্ৰতিৰোধত সহায়ক হয়৷[৩] কণীত থাকে ভিটামিন বি-১২৷ আমি খোৱা খাদ্যত এই ভিটামিন শক্তিলৈ ৰূপান্তৰিত হোৱাত সহায়ক হয়৷[৪] কণী প্ৰটিনৰ এক উত্তম উৎস৷ এটা কণীত প্ৰায় ৬.৫ গ্ৰাম প্ৰটিন থাকে৷[৫] কণীত ছালফাৰ থাকে৷ সেয়ে কণী নিয়মীয়াকৈ খালে নখৰ ৰোগ, চুলি সৰা আদি প্ৰতিৰোধ হয়৷[৬] একোটা কণীত প্ৰচুৰ পৰিমাণৰ লো, জিংক আৰু ফছফৰাছ থাকে৷ এই উপাদানসমূহে আমাৰ হাড় আৰু দাঁত মজবুত কৰে৷ ইয়াৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷[৭] কণীয়ে ওজন কমোৱাত সহায় কৰে৷ গৱেষণাত প্ৰমাণিত হৈছে যে একোটা কণীয়ে ৪০০ কেল’ৰি হ্ৰাস কৰিব পাৰে৷[৮] কণীত থকা উপাদান লুটেন আৰু জিয়েক্সেনথিনে বয়স বাঢ়ি অহাত চকুৰ জ্যোতি বৃদ্ধিত সহায় কৰে৷