Logo
image

আধুনিক কৃষিৰ জটিল সমস্যা

কৃষি হ’ল অতি জটিল, অনিয়তাৰে ভৰা ব্যক্তিগত বৃত্তি৷ কৃষকসকলে বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লাগে৷ আধুনিক জগতৰ সলনি হৈ থকা অভাৱ পূৰণ কৰিবলৈ কৃষকসকলে চেষ্টা কৰিব লাগে৷ ভোক্তাৰ ইচ্ছা পূৰণৰ লগতে নিয়ন্ত্ৰকৰ আকাংক্ষা পূৰণ কৰিব লাগে৷ কৃষিসামগ্ৰী সংশোধকসকলৰ লগতে খুচুৰা গ্ৰাহকসকলৰ চাহিদাও পূৰণ কৰিব লাগে৷ দেখা গৈছে বিশ্বৰ আন প্ৰান্তৰ লগতে আমাৰ দেশ আৰু ৰাজ্যৰ কৃষকসকলেও নতুন নতুন সমস্যাৰ সন্মুখীন হ’বলৈ ধৰিছে৷ শেহতীয়াভাৱে ক’ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰিলে এনে সমস্যাৰ তালিকা যথেষ্ট দীঘলীয়া হ’ব৷ বতৰৰ পৰিৱৰ্তনে কৃষকসকলৰ বাবে প্ৰত্যাহ৩ান হৈ থিয় দিছে৷ বতৰৰ পৰিৱৰ্তন এতিয়া চকুত পৰাবিধৰ হৈ পৰিছে৷ হঠাতে হোৱা বান আৰু খৰাঙৰ প্ৰভাৱত কৃষকসকল বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ ভূমি…লন হৈ পৰিছে আন একধৰণৰ সমস্যা৷ পাৰিপাশ্বিৰ্ক ভাৰসাম্যহীনতা আৰু ভোক্তাৰ আসক্তিৰ সঘন পৰিৱৰ্তনেও কৃষকসকলৰ বাবে সমস্যা হৈ পৰিছে৷

আধুনিক বিজ্ঞানে কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ অনেক পথ মুকলি কৰিছে যদিও ফলাফল একেধৰণৰ নহয়, যিহেতু প্ৰতিটো কৃষিক্ষেত্ৰ বিভিন্ন দিশৰ পৰা পৃথক৷ এনে পৰিস্থিতিৰ পটভূমিত বিশ্ব জনগণৰ বাবে খাদ্য প্ৰস্তুত কৰা কোটি কোটি কৃষকে নিজক প্ৰস্তুত কৰিবলগীয়া হৈছে৷ কৃষকসকলে এতিয়া বতৰৰ পৰিৱৰ্তন, পাৰিপাশ্বিৰ্ক পৰিৱৰ্তন, ভাৰসাম্যহীনতা আৰু ভূমি…লনৰ সমস্যাৰ মুখামুখি হ’বই লাগিব৷ একে সময়তে কৃষকসকলে ভোক্তাৰ পৰিৱৰ্তিত আসক্তি আৰু আকাংক্ষা পূৰণৰ বাবে সাজু থাকিব লাগিব৷ আনফালে, অধিক খাদ্য আৰু উচ্ছমানবিশিষ্ট উৎপাদনৰ বাবে কৃষকসকলে নিজক সাজু কৰিব লাগিব৷ কৃষিত বিনিয়োগ বৃদ্ধিৰ সমান্তৰালকৈ আধুনিক প্ৰযুক্তি কৌশলৰ জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হ’ব লাগিব৷ বিশ্বৰ গোলকীয় সমস্যা সন্দৰ্ভত কৃষকসকল সচেতন হৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে৷ এতিয়া আধুনিক জীৱনৰ প্ৰতি আকৰ্ষিত হৈ চহৰমুখী হৈ পৰা যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি গ্ৰাম্য পৰিৱেশতে ধৰি ৰখাটো অতি জৰুৰী হৈ পৰিছে৷ কৃষকসকলে এই দিশটোৰ প্ৰতিও মনোযোগ দিব লাগিব৷

পৰিতাপৰ বিষয় যে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা কৃষি যান্ত্ৰিকীকৰণৰ বিপৰীতে আমাৰ ৰাজ্যত কৃষকসকলে এতিয়াও অতি পুৰণি পদ্ধতিৰ দ্বাৰাই হাড়ভঙা পৰিশ্ৰম কৰি আছে৷ বতৰৰ পৰিৱৰ্তন বা আন সমস্যাই ভাৰাক্ৰান্ত কৰা কৃষকসকলৰ মাজত যি সামান্য আধুনিক চিন্তা দেখা গৈছে, সেয়াও সীমিত পৰিসৰতে আছে৷ কৃষিত জড়িতসকলৰ সামাজিক অৱস্থান এতিয়াও সলনি হোৱা নাই৷ কথা হ’ল কৃষকৰ সমস্যাৰ প্ৰতি উদাসীন হোৱা মানে সকলোৱে নিজৰ সমস্যা সৃষ্টি কৰা বুজায়৷ এই কথা সকলোৱে বুজা উচিত৷