Logo
image

অধ্যাপক ক্ৰৰী লাভলীনাসহ ১৯জনক সৰ্বোচ্ছ সন্মান

হুইলচেয়াৰত আহিল শিল্পী নীলপৱনো

আমাৰ অসম, ২৫ জানুৱাৰীঃ বিভিন্ন ক্ষেত্ৰৰ নিবেদিতপ্ৰাণলৈ বিশেষ সন্মান৷ ১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান৷ উল্লেখ্য, গুৱাহাটীৰ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ  কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সোমবাৰে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰব বঁটাৰ অলংকৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷ শাৰীৰিক অসুস্থতাৰ বাবে ‘অসম বৈভৱ বঁটা’ গ্ৰহণৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন নাভাল টাটা৷ পৰৱৰ্তী সময়ত তেওঁ মুম্বাইতে এই বঁটা গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ লিখি এই কথা ইতিমধ্যে সদৰি কৰিছে ৰতন টাটাই৷ এই বঁটা আগবঢ়োৱাৰ বাবে অসম চৰকাৰৰ তথা অসমৰ জনগণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰতন টাটাই৷ কেৱল ৰতন টাটাই নহয়, ক’ভিড পৰিস্থিতিৰ বাবে আৰু বিদেশত থকাৰ বাবে ‘অসম সৌৰভ বঁটা’ গ্ৰহণৰ বাবে দীপক চান্দ জৈনও বঁটা অলংকৰণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সোমবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোকসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যোগ, কৃষি আদি বিভিন্ন ক্ষেত্ৰত বঁটাসমূহ প্ৰদান কৰে৷ এই অনুষ্ঠানত ক্ৰমে গৱেষক অধ্যাপক কমলেন্দু দেৱ ক্ৰৰীক বিদ্যায়তনিক  দিশত আগবঢ়োৱা অৱদানৰ বাবে, বিশিষ্ট চিত্ৰ শিল্পী নীল পৱন বৰুৱাক চিত্ৰশিল্প আৰু সংস্কৃতিৰ বাবে, ক্ৰীড়াবিদ, অজুৰ্ন সন্মান প্ৰাপ্ত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক ক্ৰীড়া ক্ষেত্ৰলৈ, মানৱ সেৱাৰে উদ্বুদ্ধ অগ্ৰণী ক’ভিড যোদ্ধা, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ডাঃ লক্ষ্মণন এছক লোকসেৱাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰা হয়৷ এই বঁটাৰ সৈতে একোটা মেডেল আৰু নগদ ধন চ্ছ্ৰ লাখ কৈ দিয়া হয়৷  উল্লেখ্য, হুইল চেয়াৰতে বহি বৰ্ষীয়ান চিত্ৰশিল্পী নীল পবন বৰুৱাই এই বঁটা গ্ৰহণ কৰে৷ আনহাতে  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক  মুনীন্দ্ৰ নাথ ঙাটে, চিকিৎসক, অধ্যাপক ডাঃ বসন্ত হাজৰিকা, উদ্যমী পশুপালক, উদ্যোগী আকাশজ্যোতি গগৈ, উদ্যমী, গাহৰি পালক মনোজ কুমাৰ বসুমতাৰী, পৰ্বতাৰোহী, ক্ৰীড়াবিদ খৰচিং তেৰাং, উদ্যোগী মহিলা ববী হাজৰিকা, বয়ন শিল্পী হেমপ্ৰভা চুতীয়া, স্বাস্থ্য কৰ্মী নমিতা কলিতা, আশা কৰ্মী বাৰ্মিতা মমিন, বন্যপ্ৰাণী সংৰক্ষক ধৰণীধৰ বড়ো, কৃষি উদ্যোগী কৌশিক বৰুৱা, অংগনবাড়ী কৰ্মী কল্পনা বড়ো আৰু বিশিষ্ট চিকিৎসক ডাঃ আছিফ ইকবালক নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘অসম গৌৰব’ বঁটাৰে সন্মানিত কৰা হয়৷ এই বঁটাৰ সৈতে একোটা মেডেল আৰু নগদ ধন ৩ লাখকৈ টকা দিয়া হয়৷ এই সম্পৰ্কে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয় ‘মানৱ সেৱা, লোকসেৱা, স্বাস্থ্য, অৰ্থনীতি, শিক্ষা, উদ্যোগ, কৃষি আদি ক্ষেত্ৰলৈ অসামান্য বৰঙনি আগবঢ়োৱা লোকলৈ স্বীকৃতি হিচাপে প্ৰথমবাৰৰ বাবে এই সৰ্বোচ্ছ অসামৰিক সন্মান প্ৰদান কৰা হৈছে৷ ৰাইজৰ মনোনয়নৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত দিয়া হ’ব ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান৷ ইয়াৰ বাবে চাৰি মাহ পূৰ্বে পৰ্টেল মুকলি কৰা হ’ব৷ পৰ্টেলৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত বিশেষ ভাৱে কাম কৰা লোক সকলৰ জীৱনৰ কথা মানুহে জনাব পাৰিব৷ এই বঁটা ‘অসম দিৱস’ৰ দিনা সাধাৰণতে দিব লাগে৷ কিন্তু সেইদিনা বিভিন্ন অনুষ্ঠান থাকে৷ আমি সেয়ে আলাপ আলোচনাৰ জৰিয়তে এই বঁটা দিবলৈ আমি আগবাঢ়ি যাম৷  আমি ‘অসম দিৱসৰ’ দিনা এই বঁটা ঘোষণা কৰিছিলোঁ৷’ সমাজ জীৱনৰ বঁটাকটীয়াসকলক বিৰল সন্মান প্ৰদান কৰা অনুষ্ঠানত জিনি মহলীয়াৰ পৰিচালনাত ‘ৰাষ্ট্ৰীয় আৰাধনা’, প্ৰয়াত গীতি কবি কৈলাস নাথ শৰ্মাৰ ‘নমো মাতৃ অসমা’ৰ আধাৰত প্ৰেৰণা ভুঞা আৰু শিল্পী সকলে নৃত্য, অম্বিকা গিৰি ৰায় চৌধুৰীৰ কবিতা উপম শইকীয়াই পৰিচালনাৰে শিল্পী সকলে আবৃত্তি কৰে আৰু  দীক্ষু শৰ্মা,  প্ৰিয়ংকা ভৰালীয়ে গীত পৰিবেশন কৰে৷ লগতে মেঘৰঞ্জনী মেধি আৰু শিল্পী সকলে সুধাকণ্ঠ প্ৰয়াত ড॰ ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে’ গীতত নৃত্য প্ৰদৰ্শন কৰে,  দিগন্ত ভাৰতীৰ পৰিচালনাৰে সুধাকণ্ঠ প্ৰয়াত ড॰ ভূপেন হাজৰিকাৰ  ‘তপ্ত তীখাৰে’ গীতটো কেইবাজনো শিল্পীয়ে পৰিবেশন কৰে৷  যশস্বী শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ‘এই লোহিত কাবেৰী সিন্ধু গংগা’ গীতটো কণ্ঠশিল্পী ৰূপম ভূঞাই পৰিবেশন কৰে আৰু বৰ্ণালী ডান্স একাডেমীৰ শিল্পী বৃন্দই গীতটোৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে৷ শিল্পী ৰূপম তালুকদাৰৰ পৰিচালনাত সুধাকণ্ঠ প্ৰয়াত ড॰ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটো বাদ্যযন্ত্ৰৰে পৰিবেশন কৰা হয়৷ শেষত শিল্পী ৰঞ্জিত গগৈৰ পৰিচালনাত বিহু নৃত্য পৰিবেশন কৰা হয়৷ তদুপৰি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা লেজাৰ শ্ব’ এটাও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰে৷  উল্লেখ্য, ৰাজ্য চৰকাৰে দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্নৰ আৰ্হিৰে বঁটা প্ৰদান কৰা অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷