Logo
image

বাদ পৰিল অসম

দিল্লীত গণৰাজ্য দিৱসত

আমাৰ অসম, ২৫ জানুৱাৰীঃ দেশৰ গণৰাজ্য দিৱসলৈ মাজত আৰু এটা দিন বাকী৷ কিন্তু এইবাৰৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ পেৰেডত প্ৰদৰ্শন নহয় অসমৰ প্ৰতীকপট৷ ৰাজ্য চৰকাৰৰ একমাত্ৰ পুঁজিৰ অভাৱৰ বাবেই গণৰাজ্য দিৱসৰ গৌৰৱময় ক্ষণত অসমৰ প্ৰতীকপট উপস্থাপন কৰিবলৈ ব্যৰ্থ হ’ল দিছপুৰ৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তীত কেন্দ্ৰীয় চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্‌যাপনৰ বিশাল আয়োজনৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ অকৰ্মণ্যতাৰ বাবেই লজ্জানত হ’ল অসমবাসী৷ গণৰাজ্য দিৱসৰ পেৰেডত অসমে বীৰাংগনা কনকলতা বৰুৱাক মুখ্য কৰি অসমৰ স্বাধীনতা আন্দোলনত অসম আৰু অসমীয়াৰ পটভূমি উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছিল যদিও চৰকাৰৰ উদাসীনতাৰ বাবেই প্ৰদৰ্শনত ব্যৰ্থ হ’ল অসমৰ প্ৰতীকপট৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰথমটো গণৰাজ্য দিৱসৰ পেৰেডতে অসমৰ প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰা বিষয়টোৱে মিত্ৰজোঁটৰ চৰকাৰৰ চৰম ব্যৰ্থতা বুলিও চৰ্চা লাভ কৰিছে৷ নতুন দিল্লীৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পেৰেড তথা সাংস্কৃতিক কাৰ্যসূচীত ৰাজ্যসমূহে দেশ তথা বিশ্ববাসীৰ সন্মুখত প্ৰতীকপট প্ৰদৰ্শন কৰিবলৈ পোৱাটো গৌৰৱ আৰু সন্মানৰ বিষয় হিচাপে ধৰা হয়৷ কিন্তু প্ৰতীকপট নিৰ্মাণত প্ৰয়োজনীয় প্ৰায় ৫০ লাখ টকাৰ পুঁজি বিত্ত বিভাগে মোকলাই দিব নোৱৰাৰ বাবেই সময়মতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ওচৰত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰাত ব্যৰ্থ হয় অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ৷ দুৰ্ভাগ্যজনকভাৱে অসমৰ সন্মানৰ বিষয় জড়িত থকা গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতীকপট উপস্থাপন কৰাত ব্যৰ্থ হোৱাৰ পাছতো সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বেপেৰুৱা মন্তব্য কৰি দায়সৰাৰ চেষ্টা চলোৱাহে দেখা যায়৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ বক্তব্য আছিল এনেধৰণৰ– ‘দেশৰ প্ৰত্যেকখন ৰাজ্যই প্ৰতিবছৰে গণৰাজ্য দিৱসত প্ৰতীকপট প্ৰদৰ্শনৰ সুযোগ লাভ নকৰে৷ এই অংশ গ্ৰহণ বাধ্যতামূলকো নহয়৷ প্ৰত্যেকখন ৰাজ্যই যে অংশগ্ৰহণ কৰিবই লাগিব তেনে কোনো বাধ্যবাধকতা নাই৷’ অৱশ্যে সাংস্কৃতিক মন্ত্ৰীজনে এনে যুক্তিৰে আঁভুৱাভৰাৰ চেষ্টা চলালেও প্ৰতীকপট উপস্থাপন কৰিব নোৱৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক বিভাগৰ তদানীন্তন সঞ্চালক কিশোৰ ঠাকুৰীয়াক নিজৰ কাৰ্যালয়লৈ তলব কৰিছিল৷ সঞ্চালক ঠাকুৰীয়াই বিভাগৰ পুঁজিৰ অভাৱৰ বাবেই চৰকাৰে দিল্লীৰ পেডেৰত অংশ ল’ব নোৱাৰিলে বুলি স্পষ্ট কৰাত মুখ্যমন্ত্ৰীৰ ৰোষত পৰিব লগা হৈছিল সাংস্কৃতিক বিভাগৰ মুৰব্বীজন৷ এই ঘটনাৰ পাছতে ঠাকুৰীয়াক সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰি সাংস্কৃতিক বিভাগত দেৱজিৎ খনিকৰক নতুন সঞ্চালক নিযুক্তি দিছিল৷ শেষমুহূৰ্তত অসম চৰকাৰৰ ফালৰ পৰা প্ৰতীকপটৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি নিদিলে কেন্দ্ৰই৷ অৰ্থাৎ দিছপুৰৰ চৰম উদাসীনতাৰ বাবেই স্বাধীনতাৰ ৭৫ বছৰৰ বৰ্ষপূতিত বীৰাংগনা কনকলতা আৰু অসমৰ স্বাধীনতা আন্দোলনৰ জীয়া কাহিনীক দেশ তথা বিশ্ববাসীৰ সন্মুখত উপস্থাপনৰ পৰা বঞ্চিত হৈ ৰ’ব লগা হয়৷ অৱশ্যে অসমৰ প্ৰতীকপট নাথাকিলেও এইবাৰ দুজন অসমীয়াই দিল্লীৰ পেৰেডত অংশ ল’ব৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ সন্তান লেফটেনেণ্ট সিদ্ধাৰ্থ সিনহাই পেৰেডত ১৬নং মাদ্ৰাজ ইঞ্জিনিয়াৰিং ৰেজিমেণ্টক নেতৃত্ব প্ৰদান কৰিব৷ তদুপৰি হোজাইৰ জীয়ৰী ৰাগিনী প্ৰিয়া মহন্তই পেৰেডত পেৰা গ্লাইডিঙত অংশ লৈ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিব৷ ইপিনে, নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ লগতে পশ্চিমবংগৰো নাথাকে প্ৰতীকপট৷ পশ্চিমবংগ চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আধাৰিত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে মমতা বেনাৰ্জী চৰকাৰৰ প্ৰস্তাৱ নস্যাত কৰে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰতীকপট অনুমোদনৰ বাবে চিঠি দিয়াৰ পাছতো কেন্দ্ৰই কোনো সঁহাৰি নজনালে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ বিৰোধিতা কৰি এজন অধিবক্তাই পশ্চিম বংগ উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছিল যদিও ন্যায়ালয়ে উক্ত গোচৰ খাৰিজ কৰে৷ সোমবাৰে গোচৰটোৰ শুনানিত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেলে অৱগত কৰে যে নেতাজীৰ আজাদ হিন্দ ফৌজে নৌ-যুদ্ধৰ সময়ত ভাৰতীয় সেনাক সহযোগ কৰিছিল৷ সেই যুদ্ধত শ্বহীদ হোৱা সেনাক সন্মান জনোৱা এটা প্ৰতীকপট উপস্থাপন হ’ব৷ যাৰ পৰিপ্ৰেক্ষিতত নেতাজীক লৈ অতিৰিক্ত প্ৰতীকপটৰ প্ৰয়োজনীয়তা নাই বুলিও কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হয়৷ এই যুক্তিৰ আধাৰতে গণৰাজ্য দিৱসলৈ এদিন বাকী থকা অৱস্থাত কম সময়ত ৰায় প্ৰদান কৰা আদালতৰ বাবে সম্ভৱ নহয় বুলি উল্লেখ কৰি ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখন উচ্ছ ন্যায়ালয়ে খাৰিজ কৰে৷ অৱশ্যে, নতুন দিল্লীৰ পেৰেডত নেতাজীৰ প্ৰতীকপট প্ৰদৰ্শন নহ’লেও, গণৰাজ্য দিৱসৰ দিনটোত কলকাতাৰ ৰাজপথত উক্ত প্ৰতীকপট প্ৰদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা চৰকাৰে৷