Logo
image

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পানীয়েই জীৱন৷ পানী স্বাস্থ্যৰ মহৌষধ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৱশ্যে পানী খোৱাও নিয়ম আছে৷ আপুনি যদি নিয়মমতে পানী খাই তেন্তে আপোনাৰ শৰীৰ সুস্থ থাকিব৷ বহুতেই নাজানে পানী কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে৷ পানী কেতিয়া কেনেকৈ খাব লাগে তাক জানো আহক–

[১] খালী পেটত পানী খোৱাটো অত্যন্ত উপকাৰী৷ পুৱা শুই উঠিয়েই বাহীমুখে পানী খালে বহু উপকাৰ পোৱা যায়৷ অৰ্থাৎ পুৱা দাঁত ব্ৰাচ কৰাৰ আগেয়ে পানী খাওক৷ এনে অভ্যাস কৰিলে পেটৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি৷ 

[২] মুখৰ লেলাউটিৰ পৰাও অনেক উপকাৰ পোৱা যায়৷ কুকুৰ, মেকুৰীৰ ক্ষেত্ৰত দেখা যায় যে শৰীৰত ঘাঁ হ’লে জিভাৰে সি চেলেকি থাকে৷ ইয়াৰ নি(য় কাৰণ আছে৷ স্বাভাৱিকভাৱে এজন সুস্থ মানুহৰ  অসংখ্য সৰু-বৰ লেলাউটি গ্ৰন্থি থাকে৷ যাৰ দ্বাৰা গড়ে প্ৰায় ৰ লিটাৰ লেলাউটি নিঃসৃত হয়৷ লেলাউটিত ৯৮ শতাংশ পানী থাকে আৰু  বাকী ২ ভাগত শৰীৰৰ প্ৰয়োজনীয় এনজাইম, মিনাৰেল আৰু জীৱাণু ধবংসকাৰী উপাদান থাকে৷ 

[৩] লেলাউটি শৰীৰৰ বাবে আটাইতকৈ ভাল ঔষধ৷ লেলাউটিত ঔষধি গুণ প্ৰচুৰ পৰিমাণে থাকে৷ পুৱাৰ সময়ত লেলাউটি খুব খাৰীয় হৈ থাকে৷ ই বিষনাশক হিচাপেও কাম কৰে৷ শৰীৰত কোনো আঘাত লাগিলে সেই স্থানত মুখৰ লেলাউটি লগালে আঘাত খুব সোনকালে ভাল হয়৷ শৰীৰত লেলাউটি তৈয়াৰ হ’বলৈ প্ৰায় একলাখ গ্ৰন্থিয়ে  কাম কৰি থাকে৷

[৪] আপুনি যদি শুই উঠি বাহীমুখে পানী খাব পাৰে তেতিয়া বৰ উপকাৰ হয়৷ ইয়াৰ দ্বাৰা মুখৰ লেলাউটি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে৷ যিটো অত্যন্ত দৰকাৰ৷ পানীৰ লগত লেলাউটি শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে৷ সেয়ে বাহী মুখে পানী খালে উপকাৰ পোৱা যায়৷