Logo
image

আই চি চিৰ বাৰ্ষিক পুৰস্কাৰ আৰু ভাৰতৰ নিৰাশাজনক প্ৰদৰ্শন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলাত পৰাজয়ৰ পাছত ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ আহিল আন এটা দুঃসংবাদ৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ [আই চি চি] ২০২১ বৰ্ষৰ  পুৰস্কাৰপ্ৰাপকৰ তালিকাত স্থান নাপালে ভাৰতৰ পুৰুষ ক্ৰিকেট দলটোৰ এজনো সদস্যই৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱা ক্ৰিকেটাৰক প্ৰতিবছৰেই আই চি চিয়ে বাৰ্ষিক বঁটাৰ যোগেদি সন্মানিত কৰে৷ সেই পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষটোত  স্ব-মহিমাৰে উজলি উঠা ক্ৰিকেটাৰক বিভিন্ন শিতানত বৰ্ষশ্ৰেষ্ঠৰ সন্মান যচা হৈছে৷ দুৰ্ভাগ্যজনক কথা যে ২০১৬ চনৰ পাছত আন্তঃৰাষ্ট˜ীয় ক্ৰিকেট কাউঞ্চিলৰ বাৰ্ষিক পুৰস্কাৰৰ এটা শিতানতো বিবেচিত নহ’ল ভাৰতীয় পুৰুষ দলৰ সদস্য৷ কেৱল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অ’পেনাৰ স্মৃতি মান্ধানাইহে বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰি দেশৰ মান ৰাখিলে৷ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ পুৰস্কাৰৰ বাবে অৱশ্যে ভাৰতৰ অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক মনোনীত কৰা হৈছিল৷ কিন্তু অশ্বিনৰ লগতে  নিউজীলেণ্ডৰ কাইল জেমিছন আৰু শ্ৰীলংকাৰ ডিমুথ কৰুণাৰত্নেক চেৰ পেলাই বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ পুৰস্কাৰ লাভ কৰে ইংলেণ্ডৰ জো ৰুটে৷ বাৰ্ষিক পুৰস্কাৰপ্ৰাপকসকলৰ নামৰ লগতে আই চি চিয়ে বিগত বছৰটোৰ শ্ৰেষ্ঠ টেষ্ট, এদিনীয়া আৰু টুৱেণ্টী২০ দলো ঘোষণা কৰিছে আৰু টেষ্ট দলটোৰ বাহিৰে আন দুটা দলত স্থান নাপালে ভাৰতীয় পুৰুষ দলটোৰ এজনো সদস্যই৷ বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলটোত স্থান পাইছে ভাৰতীয় পুৰুষ দলটোৰ তিনিজন সদস্যই৷ তেওঁলোক হৈছে ৰোহিত শৰ্মা, ঋষভ পণ্ট আৰু ৰবিচন্দ্ৰন অশ্বিন৷ ২০২১ বৰ্ষত ভাৰতে খেলিছিল ১৪খন টেষ্ট৷ আঠখন টেষ্টত দলটো জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছিল তিনিখন খেলত৷ আই চি চিয়ে ঘোষণা কৰা পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া আৰু টুৱেণ্টী২০ দলটোত ভাৰতৰ কোনো এজন সদস্যই স্থান নাপালেও অৱশ্যে মহিলাৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত মিতালী ৰাজৰ লগতে ঝুলন গোস্বামী আৰু টুৱেণ্টী২০ দলত স্মৃতি মান্ধানাক স্থান দিয়া হৈছে৷বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলটোক [পুৰুষ] লৈ ভৱিষ্যদ্বাণী কৰাটো একেবাৰে সম্ভৱ নহয়৷ ইউনাইটেড আৰব এমীৰেটছত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপত ভাৰতৰ সম্ভাব্য বিজয়ী হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু প্ৰথম দুখন খেলতে পাকিস্তান  আৰু নিউজীলেণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ ছেমিফাইনেলৰ পূৰ্বেই বিদায় ল’বলগীয়া হৈছিল দলটোৱে৷ তেনেদৰে টেষ্ট দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ উন্নীত হোৱাৰ পাছত টীম ইণ্ডিয়াই প্ৰথমবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নৰ সন্মান পাব বু্‌লিয়েই ক্ৰিকেট বিশেষজ্ঞসকলে  পূৰ্বানুমান কৰিছিল৷ কিন্তু ফাইনেলত দলটো পৰাস্ত হয় নিউজীলেণ্ডৰ হাতত৷ আই চি চিৰ বাৰ্ষিক পুৰস্কাৰপ্ৰাপকৰ তালিকাত ভাৰতীয় ক্ৰিকেটাৰ নথকাৰ বিপৰীতে এইবাৰ চুবুৰীয়া দেশ পাকিস্তানৰ ক্ৰিকেটাৰৰ আধিপত্য আছিল মন কৰিবলগীয়া৷ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ [পুৰুষ] লগতে এদিনীয়া ক্ৰিকেটৰ [পুৰুষ] বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ, টুৱেণ্টী২০ ক্ৰিকেটৰ [পুৰুষ] বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ আৰু এমাৰ্জিং ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ [মহিলা] পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে পাকিস্তানৰ ক্ৰিকেটাৰ৷ বিগত বছৰটোত সকলো প্ৰকাৰৰ ক্ৰিকেটত পাকিস্তানৰ ক্ৰিকেটাৰৰ প্ৰদৰ্শন আছিল যথেষ্ট উন্নতমানৰ আৰু সেই প্ৰদৰ্শনৰ স্বীকৃতি পাইছে তেওঁলোকে৷ নিৰাপত্তাৰ সংশয়ত দীৰ্ঘদিন বিদেশী দলে পাকিস্তান ভ্ৰমণ কৰা নাছিল৷ তেনে স্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ড বৃহৎ আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছিল৷ এনে এক অস্থিৰ অৱস্থাতো দেশখনৰ কেইবাজনো যুৱ ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰাটো নি(য় শলাগিবলগীয়া৷ তাৰ বিপৰীতে, ভাৰতীয় ক্ৰিকেটাৰ আৰ্থিক দিশত যথেষ্ট টনকিয়াল হোৱাৰ লগতে ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰাও লাভ কৰে সকলোপ্ৰকাৰৰ সহায়-সুবিধা, যিবোৰ সুবিধা আন বহু দেশৰ ক্ৰিকেটাৰৰ বাবে সম্ভৱ নহয়৷ তাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ বাৰ্ষিক পুৰস্কাৰৰ তালিকাত ভাৰতীয় পুৰুষ দলৰ এজন সদস্যও নথকাটো দুৰ্ভাগ্যৰ বিষয়৷