Logo
image

এনকাউণ্টাৰত মুমূৰ্ষু মাতৃভাষা

 এটাৰ পাছত আনটো আত্মঘাতী সিদ্ধান্ত চৰকাৰ, শিক্ষা বিভাগৰ

আমাৰ অসম, ২৬ জানুৱাৰীঃ অসমত চলি আছে দুই ধৰণৰ এনকাউণ্টাৰ৷ ইয়াৰে এবিধ এনকাউণ্টাৰ চৰকাৰৰ নিৰ্দেশত কৰিছে আৰক্ষীয়ে– ‘অপৰাধী’ৰ বিৰুদ্ধে৷ আনবিধ এনকাউণ্টাৰ চৰকাৰে নিজেই কৰিছে৷ এই এনকাউণ্টাৰৰ গুৰি ধৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ চৰকাৰৰ আন বিভাগসমূহেও এই এনকাউণ্টাৰত শিক্ষা বিভাগক পাৰ্যমানে সহায় কৰিছে৷ এইবিধ এনকাউণ্টাৰ চলিছে অসমীয়া ভাষাৰ বিৰুদ্ধে, মাতৃভাষাৰ বিৰুদ্ধে, ৰাজ্যভাষাৰ বিৰুদ্ধে৷ এপিএছচিৰ পৰীক্ষাত ভাষা বিষয়ৰ প্ৰশ্নকাকত বাতিল কৰি মাতৃভাষাবিৰোধী এনকাউণ্টাৰৰ পাতনি মেলে জাতি-মাটি-ভেটি-ভাষা-কৃষ্টি-সংস্কৃতি ৰক্ষাৰ মহামন্ত্ৰ দিনে-নিশাই আওৰাই   থকা বিজেপি চৰকাৰে৷ ‘কা’বিৰোধী আন্দোলন তুংগত উঠাৰ সময়ত স্বয়ং হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে দশম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ’ব৷ কেৱল বিটিআৰ অঞ্চলত বড়ো আৰু বৰাক উপত্যকাত বাংলা ভাষা চলিব– বাকীবোৰ ঠাইত সকলো শিক্ষানুষ্ঠানত দশম শ্ৰেণীপৰ্যন্ত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ’ব বুলি কৈ ‘কা’বিৰোধী আন্দোলনৰ তীব্ৰতা হ্ৰাস কৰাৰ চেষ্টা চলাইছিল হিমন্তবিশ্ব শৰ্মা আৰু বিজেপি দলে৷ চৰকাৰ গঠন কৰাৰ পাছতে বিজেপি দল আৰু দলৰ নেতাসকলৰ তথাকথিত মাতৃভাষাপ্ৰেম কৰ্পূৰৰ দৰে উৰি গ’ল৷ অদ্ভুত অজুহাত দেখুৱাই এপিএছচিৰ পৰা বিতাড়ন কৰিলে অসমীয়া ভাষাক৷ তাৰ পাছতেই ঘোষণা কৰিলে যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব৷ এই বিদ্যালয়সমূহ চিবিএছইৰ দ্বাৰা পৰিচালিত হ’ব আৰু শিক্ষাৰ মাধ্যম হ’ব ইংৰাজী৷ অসমীয়া ভাষা আৰু অন্যান্য স্থানীয় ভাষাসমূহৰ উন্নয়নৰ মহামন্ত্ৰ আওৰোৱা বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অসমৰ ৰাইজ৷ এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰে একে সময়তে দুটা জাতিবিৰোধী কাম কৰিলে– এটা হৈছে অসমীয়া ভাষাৰ বিৰুদ্ধে চৰকাৰে স্থিতি ল’লে আৰু আনটো হৈছে অসমৰ জাতীয় অনুষ্ঠানৰূপে স্বীকৃত ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদ ধবংস হোৱাৰ পথ চৰকাৰে নিজেই প্ৰশস্ত কৰি দিলে৷ এই দুটা অনুষ্ঠান অসমীয়া তথা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ মূল অভিভাৱক৷ ৰাজনৈতিক নেতা-পালিনেতা তথা চৰকাৰৰ বিষয়া-বৰমূৰীয়াসকলৰ অধিকাংশৰে সতি-সন্ততি যিহেতু ইংৰাজী মাধ্যমৰ বিদ্যালয়তে পঢ়ে, গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ ধবংস হৈ গ’লেও তেওঁলোকৰ হূদয় কম্পিত নহয়৷ ইফালে, কেন্দ্ৰীয় বিদ্যালয়সমূহৰ পৰা অসমীয়া ভাষাক প্ৰায় বহিষ্কাৰেই কৰা হ’ল৷ অভিভাৱকৰ হেঁচাত অনিচ্ছাসত্ত্বেও কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ বিষয়টো ৰখা হৈছে যদিও আ(ৰ্যজনকভাৱে এই বিষয়ৰ বাবে কোনো পৰীক্ষা নহয়– পাঠদান কৰা হয় স্কুল ছুটীৰ পাছত৷ অসমৰ চৰকাৰী-অৰ্ধচৰকাৰী কাৰ্যালয়ৰ পৰা অসমীয়া ভাষা অপসাৰিত হোৱাৰ পথত৷ এই কাণ্ডৰো প্ৰধান পৃষ্ঠপোষক স্বয়ং বিজেপি চৰকাৰ৷ চৰকাৰী তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক এনআৰচিৰ পৰা ভোটাৰ তালিকালৈ, লোকপিয়লৰ পৰা নিৰ্বাচনলৈ সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক মুঠেও ‘আমনি’ নকৰে৷ কিয়নো, সেইবোৰ বিদ্যালয়ত তেওঁলোকৰ সতি-সন্ততি পঢ়ে৷ কাজেই মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ জহন্নামে গ’লেও চৰকাৰৰ একো আহে-যায় নাথাকে৷ নক’লেও হ’ব যে সম্প্ৰতি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ধবজা বহন কৰি আছে দুই শ্ৰেণীৰ বিদ্যালয়ে– জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনে৷ এই দুই শ্ৰেণীৰ কেইবাহাজাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলেই অসমীয়া ভাষাৰ ভৱিষ্যতৰ একমাত্ৰ সম্বল৷ চৰকাৰে এই দুই শ্ৰেণীৰ বিদ্যালয়ৰ মাজতো শ্ৰেণী বিভাজন অনাৰ চেষ্টা কৰিলে দৃষ্টিকটুভাৱে৷ ফলত শংকৰদেৱ শিশু নিকেতনসমূহক ৰাজসাহায্য দিয়াৰ বিপৰীতে এলাগী কৰি ৰাখিলে অসম জাতীয় বিদ্যালয় আৰু অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনষ্ঠ বিদ্যালয়সমূহক৷ অৱশ্যে ৰাজ্যপাল জগদীশ মুখিয়ে অসম জাতীয় বিদ্যালয়ৰ গুৰুত্ব আৰু অৱদানৰ কথা উপলব্ধি কৰিয়েই বৃহত্তৰ অসম জাতীয় বিদ্যালয় পৰিয়াললৈ শেহতীয়াকৈ বঁটা আগবঢ়োৱাৰ লগতে দহ লাখ টকাৰ অনুদানো আগবঢ়াইছে৷ ৰাজ্যপালৰ এই কাৰ্যই অসম চৰকাৰৰ চকু মুকলি কৰাৰ বিপৰীতে অসমীয়া ভাষাৰ প্ৰতি থকা চৰকাৰৰ শত্ৰু ভাবাপন্ন মানসিকতাক সলনি কৰিব নোৱাৰিব৷ কিয়নো এইবাৰ অসমীয়া ভাষাৰ ওপৰত আৰম্ভ হ’ল বেলেগ ধৰণৰ আগ্ৰাসন৷ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু তেওঁৰ উপদেষ্টাসকলে আচম্বিতে উপলব্ধি কৰিলে যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ ভাল হ’ব৷ প্ৰশ্ন হয়, যিখন চৰকাৰে অসমীয়া মাধ্যমত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত শিক্ষাদান কৰাৰ দৰে অবান্তৰ কথা ক’ব পাৰে, সেইখন চৰকাৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো মাতৃভাষাতকৈ ইংৰাজীত পাঠদান অধিক যুক্তিযুক্ত হ’ব বুলি একে ধৰণৰ অবান্তৰ কথা কেনেকৈ ক’ব পাৰে৷ ৰণোজ পেগুৱে সাংবাদিকক জনোৱা মতে, সদ্যহতে গণিত, ইংৰাজী আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী ভাষাত কৰাৰ দিহা কৰা হৈছে– নতুন শিক্ষাবৰ্ষৰ পৰা৷ ইয়াৰ সমৰ্থনত তেওঁ যুক্তি দিছে যে মেডিকেল-ইঞ্জিনিয়াৰিং আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ই সহায়ক হ’ব৷ প্ৰশ্ন হয়– কাইলৈ যদি পাঁচ বছৰীয়া আইনৰ ক’ৰ্ছ অধ্যয়ন কৰিব খোজাসকলে নৱম শ্ৰেণীৰ পৰা সমাজ বিজ্ঞানৰ পাঠ গ্ৰহণ ইংৰাজীত কৰিব খোজে, তেন্তে চৰকাৰে কি কৰিব? চৰকাৰে জনা উচিত যে অংকৰ ভাষা সংখ্যা, বিজ্ঞানৰো ভাষা সংখ্যা৷ সেয়ে ইয়াক শিকাবলৈ আন ভাষাৰ প্ৰয়োজন নহয়৷ বিজ্ঞান আৰু অংক দুয়োটা বিষয় বোধৰ বিকাশৰ লগত জড়িত৷ মনোবিজ্ঞানীৰ মতে মাতৃভাষাতহে শিশুৰ শিক্ষাগ্ৰহণ বিজ্ঞানসন্মত৷ ১৮ বছৰলৈকে শিশু বুলি ধৰা হয়৷ হাইব্ৰীড পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ বোজা বৃদ্ধি কৰিব৷ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ পৰা মাতৃভাষাক আঁতৰোৱাৰ ৰাস্তাও ই খুলি দিব৷ অভিযোগ মতে, ইংৰাজী মাধ্যমত শিক্ষা সমাপ্ত কৰি শিক্ষকৰ চাকৰিৰ বাবে চেষ্টা কৰি থকাসকলক চৰকাৰী খণ্ডৰ বিদ্যালয়ত নিযুক্তি দিয়াৰ পথ প্ৰশস্ত কৰিবৰ বাবেহে আচম্বিতে শিক্ষা বিভাগে নৱম-দ্বাদশ শ্ৰেণীত ইংৰাজীত শিক্ষাদানৰ অদ্ভুত থিয়’ৰী উদ্ভাৱন কৰিছে৷ এইক্ষেত্ৰত সকলোৱে মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে৷ বিজেপি চৰকাৰ আৰু শিক্ষা বিভাগে এটাৰ পাছত আনটো আত্মঘাতী সিদ্ধান্তৰে অসম আৰু অসমীয়া ভাষাৰ যি ভয়ংকৰ ক্ষতি কৰিবলৈ উদ্যত হৈছে, মাতৃভাষাৰ বিৰুদ্ধে যেনেদৰে সংঘবদ্ধভাৱে এনকাউণ্টাৰ আৰম্ভ কৰিছে, সিয়ে সচেতন ৰাইজক উদ্বিগ্ন আৰু হতভম্ব কৰাৰ লগতে ৰাইজৰ মনত এনেধৰণৰ প্ৰশ্নও জাগ্ৰত হৈছে– বিজেপি দল আৰু চৰকাৰৰ লোকসকল সঁচাকৈয়ে অসমীয়ানে? চৰকাৰৰ শিক্ষা বিভাগৰ এনকাউণ্টাৰত মুমূষুৰ্ মাতৃভাষাক গা টঙাবলৈ দিবনে মুখ্যমন্ত্ৰীয়ে?