Logo
image

হীৰেন নাথ, তৰুণ বাৰু, খৰ্গেশ্বৰ ৰাজবংশীসহ ৪ জনক ৰাষ্ট্ৰপতিৰ পদক

আমাৰ অসম, ২৬ জানুৱাৰীঃ দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, অগ্নি নিৰ্বাপন আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে অসমৰ চ্ছজন বিষয়া-জোৱনলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি পদক৷ আই পি এছ বিষয়া তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক৷  অসমৰ কেইবাটাও উগ্ৰপন্থী   সংগঠনক বিশেষ উদ্যোগ গ্ৰহণ কৰি মূল সুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱাৰ বাবেই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনক এই সন্মান আগবঢ়োৱা হৈছে৷ আনহাতে অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱাৰ উপ-বিষয়া তৰুণ বাৰু আৰু লিডিং ফায়াৰমেন খৰ্গেশ্বৰ ৰাজবংশীকো বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতি পদক আগবঢ়োৱা হৈছে৷ আনহাতে উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল লাভ কৰিছে আন ১৩ গৰাকী আৰক্ষীয়ে৷ এই সকল আৰক্ষী হৈছে ক্ৰমে ডেৰগাঁওস্থিত আৰ টি এছৰ কমাণ্ডেণ্ট হৰেন টকবী, গোৱালপাৰাৰ পৰিদৰ্শক শ্বমেজ উদ্দিন, ২৪ নং বেটেলিয়নৰ এ এছ আই নুৰুল ইছলাম, মাজুলীৰ এ এছ আই অচু্যত দত্ত, ডেৰগাঁৱৰ হাবিলদাৰ সুনীল মিলি, কাৰ্বি আংলঙৰ কনিষ্টবল মুজাম্মিল হক, মহিলা কনিষ্টবল ৰঞ্জু মণি শইকীয়া আৰু কনিষ্টবল বিপুল বৰা, তিনিচুকীয়াৰ কনিষ্টবল হীৰেণ হাজৰিকা, বুলন গোহাঁই, অলক পাল, জগত তামাং আৰু উত্তৰ গুৱাহাটীৰ কমাণ্ডো বেটেলিয়নৰ পৰিদৰ্শক জয় দ্বীপ শৰ্মা৷ আনহাতে, অগ্নি নিৰ্বাপনত উৎকৃষ্ট সেৱাৰ মেডেল লাভ কৰিছে উপ-বিষয়া উপেন চন্দ্ৰ বড়ো, মদন চন্দ্ৰ কলিতা, অদিত চন্দ্ৰ কলিতা, লিডিং ফায়াৰমেন মহম্মদ জেৰ ৰহমান আৰু মহম্মদ আনোৱাৰ হুছেইনে৷ ইপিনে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে পদক লাভ কৰিছে গৃহৰক্ষী প্লাটুন কমাণ্ডাৰ যাদব কলিতা, গৃহৰক্ষী হাবিলদাৰ প্ৰতাপ চন্দ্ৰ ডেকা, গৃহৰক্ষী নায়ক ৰবিন চেতিয়া আৰু অসামৰিক প্ৰতিৰক্ষাৰ ডেপুটি ডিভিজ’নেল ৱাৰ্ডেন ডঃ প্ৰসন্ন মল্ল বুজৰবৰুৱাই৷ ইপিনে, অসমত উগ্ৰপন্থীবিৰোধী অভিযানত দুজনকৈ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হোৱা আছাম ৰাইফলছৰ জোৱান ৰাকেশ শৰ্মালৈ আগবঢ়োৱা হৈছে সূৰ্য চক্ৰ সন্মান৷ চিবিআই ডেপুটেশ্বনত থকা অসম কেডাৰৰ আই পি এছ বিষয়া অখিলেশ সিঙকো উৎকৃষ্ট সেৱাৰ পদক আগবঢ়োৱা হৈছে৷

কাৰ্বি আংলঙৰ ৩ কনিষ্টবললৈ ৰাষ্ট্ৰপতি পদক

‘আমাৰ অসমঃ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্‌মুহূৰ্তত ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেলেৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিজনকৈ আৰক্ষী কনিষ্টবলে৷ জিলাখনৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষী থানাত কৰ্মৰত ডব্লিউ পি চি [ইউ বি]/৫৩৩ ৰ ৰঞ্জুমণি শইকীয়া, বোকাজান মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান আৰক্ষী পহৰা চকীত কৰ্মৰত ইউ বি চি/৫৪৯১ বিপুল বৰা আৰু কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী থানাত কৰ্মৰত ইউ বি চিয৩৬৯১ মোজ্জামিল হকে ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত জিলাখনৰ আৰক্ষী মহলৰ লগতে জিলাবাসীৰ মাজত স্বাভাৱিকতে আনন্দৰ বন্যা বৈছে৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল লাভ কৰা তথা বোকাজানৰ খটখটী আৰক্ষী থানাত কৰ্মৰত আৰক্ষী কনিষ্টবল ৰঞ্জমণি শইকীয়া বোকাজানৰে দেওপানীৰ জীয়ৰী৷ ২০০১ বৰ্ষতে ১৯ এ পি [আই আৰ] বি এনত ডিব্ৰুগড়ৰ টেঙাখাতত প্ৰথম চাকৰিত যোগদান কৰিছিল৷ এইগৰাকী আৰক্ষী কনিষ্টবলে বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাৰাত্মক ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীক অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতেই কাৰ্বি আংলঙৰ বোকাজান, খটখটী, লাহৰিজান, ডিলাই, পুৰণা লাহৰিজান, টিলা বস্তি, বোকাজান আদি অঞ্চলত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত গৈ কোটি কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে বহু ড্ৰাগ্‌ছ সৰবৰাহকাৰীক জে’ল-হাজোতলৈ নিক্ষেপ কৰিছিল৷  একেদৰে আৰক্ষী কনিষ্টবল বিপুল বৰা আৰু মোজ্জামিল হকেও কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত ড্ৰাগ্‌ছবিৰোধী অভিযান চলাই কোটি কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰিছিল৷ দিন-ৰাতি একাকাৰ কৰি নিজৰ কৰ্তব্যত নিষ্ঠা আৰু সততা দেখুওৱাৰ বাবেই আজি এই তিনিওগৰাকী আৰক্ষী কনিষ্টবলে ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল লাভ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷