Logo
image

ফ’ৰলেন দুৰ্নীতিৰ বিৰুদ্ধে যোৰহাটত মানৱ শৃংখল

আমাৰ অসম, ২৬ জানুৱাৰীঃ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে এই নিৰ্মাণ কাৰ্যত সংঘটিত কেলেংকাৰীত জড়িত ব্যক্তিক শাস্তি প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি পৰিষদৰ যোৰহাট জিলা সমিতিয়ে পূব যোৰহাটত ৩৭নং [৭১৫নং] ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে৷ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰক, এনএইছআইডিচিএল গ’ বেক, এনএইছআইডিচিএলৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক শাস্তি দিয়ক আদি শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান ‘ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঠনি আৰু উন্নয়ন কোম্পানী লিমিটেডে [এনএইছআইডিচিএল] যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত ৩৭নং ৰাষ্ট্ৰীয় পথটো চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কামৰ দায়িত্ব লাভ কৰি আহিছে৷ কিন্তু এনএইছআইডিচিএল-ৰ একাংশ  বিষয়াৰ দুৰ্নীতিৰ বাবে উক্ত পথৰ নিৰ্মাণ আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা দূৰৈৰ কথা যোৰহাটৰ পৰা জাঁজীলৈ ২৮শতাংশ আৰু জাঁজীৰ পৰা ডিব্ৰুগড়লৈ মাত্ৰ ১০শতাংশ কামহে কৰিলে৷ পথছোৱাৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই পথচাৰী তথা ৰাইজক জ্বালা-যন্ত্ৰণা ভোগাইছে৷ আনহাতে কেন্দ্ৰীয় পথপৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে  ২০১৫ চনত উক্ত পথছোৱা শুভাৰম্ভ কৰি ২০১৯ চনৰ ভিতৰত পথ নিৰ্মাণ কাম সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল যদিও কেন্দ্ৰীয় মন্ত্ৰীজনৰ ঘোষণা মিথ্যাচাৰত পৰিগণিত হ’ল৷ তদুপৰি এনএইছআইডিচিএল-ৰ তত্বাৱধানত ২০১৮ চনৰ জানুৱাৰী মাহত ‘গেনন ডাংকাৰলি এণ্ড কোম্পানী লিমিটেড [জিডিচিএল] নামৰ কোম্পানীটোৱে উক্ত পথছোৱাৰ নিৰ্মাণৰ কাম লাভ কৰি  অতি নিম্নমানৰ  কাম কৰিছিল আৰু  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ প্ৰতিবাদত সেও মানি ঠিকাদাৰী কোম্পানীটোক   ট্ৰাৰ্মিনেট কৰি ‘বিজেটা আন্তঃগাঠনি আৰু চুইটি আন্তঃগাঠনি নামৰ কোম্পানীক ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কামৰ আবণ্টন দিয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ এনএইছআইডিচিএল-ৰ তত্বাৱধানত এটা ঠিকাদাৰী কোম্পানীয়ে কেনেকৈ অতি নিম্নমানৰ কাম কৰিবলৈ সক্ষম হ’ল এইয়া ৰহস্যজনক বুলি পৰিষদৰ নেতাদ্বয়ে মতপ্ৰকাশ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় জাকিৰ হুছেইন আৰু অসীমজ্যোতি শইকীয়া উপস্থিত থকাৰ লগতে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ নহয় তেনেহ’লে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে৷