Logo
image

শকুন্তলা চৌধুৰী, ধনেশ্বৰ ইংতিক পদ্মশ্ৰী

অসমৰ দুজনলৈ পদ্ম সন্মান

আমাৰ অসম, ২৬ জানুৱাৰীঃ দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিৰ লগতে শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্ম বঁটাৰ বাবে অসমৰো দুগৰাকী প্ৰথিতযশা ব্যক্তিক বাছনি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই গৌৰৱময় ক্ষণত অসমৰ প্ৰবীণ গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াব বুলি ঘোষণা কৰিছে৷ আজীৱন মহাত্মা গান্ধীৰ  আদৰ্শৰে পৰিচালিত দেশৰ প্ৰবীণ গান্ধীবাদী নেত্ৰী ১০২ বছৰীয়া শকুন্তলা চৌধুৰী জীৱনৰ অধিকাংশ সময় কস্তুৰবা ট্ৰাষ্টৰ সৈতে জড়িত হৈ আছে৷ তেওঁৰ জন্ম হৈছিল ১৯২০ চনৰ ২৫ জুনত, গুৱাহাটীৰ পাণবজাৰত৷ নগাঁও আৰু গুৱাহাটীত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰী গান্ধীবাদী নেত্ৰী অমলপ্ৰভা দাসৰ সংস্পৰ্শলৈ আহে আৰু তেতিয়াৰ পৰা সমাজসেৱা তথা মহিলাৰ কল্যাণমূলক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে৷ ১৯৪৭ চনত তেওঁ স্বঃগৃহ এৰি কস্তুৰবা আশ্ৰমত যোগদান কৰে আৰু পৰৱৰ্তী সময়চোৱা গান্ধীৰ আদৰ্শৰে কস্তুৰবা আশ্ৰমতে থাকিবলৈ লয়৷ তেওঁৰ নেতৃত্বত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাসে বহু গুৰুত্বপূৰ্ণ কাম কৰি আহিছে৷ ১৯৫০ চনৰ ভূমিকম্পত দুৰ্গতসকলক উদ্ধাৰৰ ক্ষেত্ৰত ন্যাসে অভাৱনীয়ভাৱে অৰিহণা যোগাইছিল৷ ১৯৬১ চনত তেওঁ বিনোৱা ভাৱেৰ পদযাত্ৰাতো অংশ লৈছিল আৰু বিনোৱা ভাৱেৰ হিন্দীৰ ভাষণ অসমীয়ালৈ অনুবাদ কৰি অসমবাসীক উপহাৰ দিছিল৷ বিভিন্ন সন্মানজনক বঁটাৰে বিভূষিত শকুন্তলা চৌধুৰীয়ে ‘অসমীয়া বিশ্বনগৰী’ৰ ৪৩ বছৰ ধৰি সম্পাদনা কৰিছিল৷

ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী, পাহাৰত আনন্দ

‘আমাৰ অসমঃ কাৰ্বি আংলং জিলাৰ বিশিষ্ট কবি, লেখক ধনেশ্বৰ ইংতিলৈ আগবঢ়োৱা হৈছে সন্মানজনক পদ্মশ্ৰী সন্মান৷ সুদীৰ্ঘ দিন ধৰি নিৰলস্য সাহিত্য সাধনা কৰি অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই অহা কবিজনলৈ ভাৰত চৰকাৰে এই বিশেষ সন্মান আগবঢ়োৱাৰ বাতৰিয়ে পাহাৰীয়া জিলাখনত আনন্দৰ জোৱাৰ তুলিছে৷ উল্লেখ্য যে, হ্ল অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিব হিচাপে চাকৰিৰ পৰা অৱসৰ লোৱা ইংতিয়ে এজন দক্ষ চৰকাৰী বিষয়া হিচাপে পৰিচিত হোৱাৰ সমানুপাতিকভাৱে কাব্যৰ সাধনাৰ জৰিয়তেও অগণন কাব্যপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ অসমীয়া, কাৰ্বি আৰু ইংৰাজী ভাষাত সমানে কবিতাৰ চৰ্চা কৰি অহা বিশিষ্ট কবিজনৰ কেইবাখনো কবিতাৰ পুথিয়ে ইতিমধ্যে পাঠকৰ আদৰ লাভ কৰিছে৷ ‘বালীমাহী’ শীৰ্ষক কাব্য সংকলেনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি ‘বালিমাহীৰ কবি’ কবি হিচাপেও পৰিচিত৷ সাহিত্য ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত কবিজনে অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল৷