Logo
image

দিহিঙে-দিপাঙে ওলাল মন্ত্ৰীবৃন্দ, খানাপাৰাত মুখ্যমন্ত্ৰী

 গণৰাজ্য দিৱসত পতাকা উত্তোলন

‘আমাৰ অসম, ২৬জানুৱাৰীঃ ক’ভিড পৰিস্থিতিৰ মাজতে দেশবাসীয়ে  আজি উদ্‌যাপন কৰিলে ৭৩সংখ্যক গণৰাজ্য দিৱস৷ দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমবাসীয়ে ক’ভিড বিধি মানি উদ্‌যাপন কৰিলে গণৰাজ্য দিৱস৷ কটকটীয়া ক’ভিড প্ৰট’কল মানি গণৰাজ্য দিৱস উদ্‌যাপন অসম চৰকাৰৰ৷ ইতিমধ্যে ৰাজ্যত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে মন্ত্ৰী তথা স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বীক ত্ৰিৰংগা পতাকা উত্তোলনৰ স্থান নিৰ্ধাৰণ কৰি দিছে৷ সেই অনুসৰি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান৷ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয়  অনুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ নলবাৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই৷ তামুলপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই৷ গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ বঙাইগাঁৱত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই, ডিব্ৰুগড়ত মন্ত্ৰী কেশৱ মহন্তই শোণিতপুৰত মন্ত্ৰী ডাঃ ৰণোজ পেগু কাছাৰত মন্ত্ৰী অশোক সিংহালে, লখিমপুৰত মন্ত্ৰী যোগেন মহনে, গোলাঘাটত মন্ত্ৰী সঞ্জয় কিষানে, নগাঁৱত মন্ত্ৰী অজন্তা নেওগে, তিনিচুকীয়াত মন্ত্ৰী পীয়ূষ হাজৰিকাই আৰু ধুবুৰীত মন্ত্ৰী বিমল বড়াই পতাকা উত্তোলন কৰিব৷ আনহাতে কোক্‌ৰাঝাৰত পতাকা উত্তোলন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে, কাৰ্বি আংলঙত পতাকা উত্তোলন কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷ হাফলঙত পতাকা উত্তোলন কৰিব ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোচাই৷ ইতিমধ্যে সংশ্লিষ্ট স্থানত উপস্থিত হৈছে মন্ত্ৰী তথা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পৰিৱেশন কৰাৰ উদ্দেশ্যে আইআইটি, গুৱাহাটীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ ড্ৰোন৷ এই ড্ৰোনটোৱে দুৰ্যোগ ব্যৱস্থাপনা,কৃষিৰ ছাৰ্ভে আৰু জিঅ’ টেগিং তথা মেপিং কৰিব৷ আইআইটি, গুৱাহাটীৰ ‘ড্ৰনছটেক লেব’এ কামৰূপ জিলাৰ গণৰাজ্য দিৱস কাৰ্যসূচীত উক্ত বিশেষ ড্ৰোনটোৰে অনুষ্ঠান পৰিৱেশন কৰিব৷ আই আই টি, গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামে ‘ড্ৰন’ৰ প্ৰদৰ্শন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ ইয়াৰ জৰিয়তে আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰা অভিনৱ প্ৰযুক্তিৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা সন্দৰ্ভত জনগন অৱগত হ’ব বুলি তেওঁ কয়৷

বিশিষ্ট সাংবাদিক অনিল বৰুৱালৈ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা

‘আমাৰ অসমঃ প্ৰবীণ সাংবাদিক অনিল বৰুৱালৈ অসম চৰকাৰে আগবঢ়াব ২০২২ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা৷ ‘দৈনিক অসম’ কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে ৰাজ্য চৰকাৰে তেওঁলৈ এই সন্মান আগবঢ়াব৷ এই বঁটাত আছে নগদ ৰ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এখন অংগবস্ত্ৰ৷ প্ৰতিবছৰে ৰাজ্য চৰকাৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটা সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অতুলনীয় সেৱা আগবঢ়োৱা একোজন সাংবাদিকলৈ আগবঢ়াই আহিছে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰাধিকামোহন ভাগৱতী, কনকসেন ডেকা, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, যদু কাকতি আৰু অতীন দাসে এই বঁটা লাভ কৰিছে৷ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিল বৰুৱাক পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব৷