Logo
image

দাঁতৰ দাগ এইদৰে পৰিষ্কাৰ কৰক

পাণ-তামোল আদি নিয়মীয়াকৈ খোৱাসকলৰ দাঁতত সাধাৰণতে ক’লা-ৰঙা দাগ  পৰা দেখা যায়৷ এইদৰে পাণ-তামোল খোৱাৰ ফলত দাঁতত যি দাগ ৰৈ যায় তাৰ ফলত দাঁতপাৰি দেখিবলৈ অশুৱনি হোৱাৰ লগতে কেতিয়াবা তেনেধৰণৰ দাগৰ ফলত দাঁতৰ ক্ষতি হোৱাৰ উপৰি মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হ’ব পাৰে৷ ইয়াৰ ফলত দাঁতৰ বিষ হোৱাৰ উপৰি ক’ব নোৱাৰাকৈয়ে দাঁতৰ আয়ুস কমি যায়৷ ফলত কেতিয়াবা দাঁত উঠাই পেলাবলগীয়াও হয়৷

◾দাঁতত পৰা দাগ গুচাবৰ বাবে নিয়মীয়াকৈ দিনটোত কমেও দুবাৰ দাঁত ব্ৰাছ কৰা উচিত৷ 

◾ধুমপান অথবা পাণ-তামোল খোৱাৰ পাছত দাঁত পৰিষ্কাৰ কৰা  উচিত৷ তদুপৰি যিকোনো আহাৰ গ্ৰহণ কৰাৰ পাছত মুখ ভালকৈ ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ 

পাণ খোৱাৰ ফলত দাঁতত পৰা ক’লা দাগ আঁতৰোৱাৰ সহজ উপায়–

◾এক চামুচ বেকিং চ’ডাৰ লগত এক চামুচ নেমুৰ ৰস মিশ্ৰণ কৰক৷ এই মিশ্ৰণেৰে দাঁত পৰিষ্কাৰ কৰিলে দাঁত উজ্জ্বল হৈ উঠে৷ এইদৰে দিনটোত দুবাৰ দাঁত পৰিষ্কাৰ কৰিলে ক’লা দাগ সহজেই আঁতৰি যায়৷ কিন্তু বেকিং চ’ডা দীৰ্ঘদিন ব্যৱহাৰ কৰিলে দাঁত ক্ষয়ো হ’ব পাৰে৷ সেইবাবে পাণ-তামোল খোৱাৰ পৰিমাণ কমাই আনিলে দাঁতৰ ৰং  স্বাভাৱিকতে অটুট থাকিব৷ 

◾পাণ-তামোল বেছিকৈ খোৱাৰ ফলত দাঁতত দাগ পৰাৰ উপৰি আলু ফুলি উঠিব পাৰে৷ ফলত বিষ অনুভৱ কৰিব পাৰে৷ এই ক্ষেত্ৰত লং-ৰ গুৰি মিশ্ৰণ কৰি লৈ টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰিলে বিষৰ পৰা উপশম পাব পাৰি৷ 

◾পাণ-তামোল খোৱাৰ পাছত পানীৰে মুখ কুলু কুলু কৰিলে দাগ পৰাৰ পৰা দাঁতপাৰিক ৰক্ষা কৰিব পাৰি৷ সেইদৰে দাঁতৰ যতন ল’লে সৌন্দৰ্য অটুট থকাৰ উপৰি দাঁতৰ অসুখৰ পৰা হাত সাৰিব পাৰি৷