Logo
image

অত্যধিক ছাপ্লিমেণ্টেও মাতিব পাৰে বিপদ

   ক’ভিডৰ পৰা হাত সাৰিবলৈ অত্যধিক ছাপ্লিমেণ্ট গ্ৰহণ কৰিলে শৰীৰৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বজাৰত সহজে উপলব্ধ বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত লোকৰ বাবে ইয়েই হৈ পৰিব পাৰে  ভয়ংকৰ বিপদৰ কাৰণ৷ বিভিন্ন ছাপ্লিমেণ্টত থকা ৰাসায়নিক উপাদানে শৰীৰত সৃষ্টি কৰা পাশ্বৰ্ক্ৰিয়াৰ ফলত কিড্‌নী, লিভাৰ, হাওঁফাওঁ আদিৰ প্ৰচুৰ ক্ষতি কৰাৰ আশংকা থাকে৷ সেয়েহে ছাপ্লিমেণ্ট গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ শেহতীয়াকৈ প্ৰকাশ পোৱা সমীক্ষাত ছাপ্লিমেণ্টে কৰা ক্ষতিৰ ছবি স্পষ্ট হৈ উঠিছে৷ ক’ভিড প্ৰিাতৰোধৰ ক্ষেত্ৰত ছাপ্লিমেণ্টৰ কাৰ্যকাৰিতা সম্পৰ্কেও বিভিন্ন ধৰণৰ মতপাৰ্থক্য আছে৷

◾অন্তঃসত্ত্বা তথা শিশুৰ মাতৃৰ ক্ষেত্ৰত ছাপ্লিমেণ্ট গ্ৰহণ কৰোতে অতি সতৰ্ক হোৱা প্ৰয়োজন৷ যিকোনো ধৰণৰ ছাপ্লিমেণ্ট অন্তঃসত্ত্বা বা শিশুৰ মাতৃয়ে গ্ৰহণ কৰিলে গৰ্ভত থকা শিশুটিৰ লগতে দুগ্ধপোষ্য শিশুৰ বাবেও বিপদ মাতি আনিব পাৰে৷ 

◾কিড্‌নী, লিভাৰজনিত সমস্যাত ভুগি থকাসকলে পৰাপক্ষত চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ ছাপ্লিমেণ্ট গ্ৰহণৰ পৰা বিৰত থকাই ভাল৷ এনে ৰোগত আক্ৰান্তই ছাপ্লিমেণ্ট গ্ৰহণ কৰিলে কিড্‌নী-লিভাৰ আদিত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷

◾দীৰ্ঘদিন ধৰি ভিটামিন ‘এ’, ‘ডি’ আদি ছাপ্লিমেণ্টৰ জৰিয়তে গ্ৰহণ কৰিলে স্নায়ুজনিত সমস্যাত ভুগিব পাৰে৷ 

        সেয়েহে ক’ভিডৰ পৰা হাত সাৰিবৰ বাবে যিকোনো ধৰণৰ ছাপ্লিমেণ্ট কোনো চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰাটো উচিত নহয়৷ বহু লোকে মাত্ৰাধিক পৰিমাণত এনে ধৰণৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ বিপৰীতে স্বাস্থ্যৰ অৱনতি ঘটাৰহে আশংকা থাকে৷