মধুমেহ ৰোগীৰ বাবে ৰাজমাহ কিয় উপকাৰী
মধুমেহ এতিয়া বিশ্ববাসীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে৷ বিশ্বৰ প্ৰতি ১০জন লোকৰ ভিতৰত এজন মধুমেহ ৰোগত আক্ৰান্ত৷ সম্প্ৰতি দেশত ২০-৭৯ বছৰ বয়সৰ ভিতৰত ৫৩৯ মিলিয়ন লোকে মধুমেহ ৰোগত ভুগিছে৷ এই সংখ্যা ২০৩০ চনত ৬৮৩ মিলিয়ন, ২০৪৫ চনত ৭৮৩ মিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে৷
মধুমেহ ৰোগত আক্ৰান্ত হ’লেই ৰোগীৰ মনত প্ৰশ্নৰ ভাব হয়– কোনবিধ খাদ্য খাব পাৰি? কোন বিধ খাদ্যত শৰ্কৰা অধিক থাকে? অথবা কি খাদ্য খালে শৰ্কৰাৰ মাত্ৰা সঠিক হৈ থাকে মধুমেহ ৰোগীৰ বাবে ৰাজমাহ অতি উপকাৰী৷
মধুমেহ ৰোগত আক্ৰান্ত লোকে নিতৌ খাদ্যৰ তালিকাত কিয় ৰাজমাহ ৰখা উচিত–
◾ৰাজমাহত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, কেলচিয়াম আৰু মেগনেচিয়াম থাকে৷ ৰাজমাহত থকা এনেবোৰ উপাদানেই মানুহৰ হাড় মজবুত কৰাত সহায় কৰে৷
◾ৰাজমাহে মানুহৰ দেহৰ ওজন হ্ৰাস কৰাত সহায় কৰাৰ উপৰি হৃদযন্ত্ৰ ভালে ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ মধুমেহ ৰোগীৰ ওজন বৃদ্ধি আৰু হৃদযন্ত্ৰৰ সমস্যাই বিপদত পেলোৱাৰ আশংকা থাকে৷ ৰাজমাহে এনে আশংকা নাইকিয়া কৰে৷
◾কেলচিয়াম, প্ৰ’টিনৰ উপৰি ৰাজমাহত থাকে প্ৰচুৰ ফাইবাৰ৷ ৰাজমাহত যিধৰণৰ শৰ্কৰা থাকে তাৰ শতকৰা ৪০ ভাগেই দ্ৰবীভূত হয় অতি ধীৰ গতিত৷ গতিকে ৰাজমাহৰ গ্লাইচেমিক সূচাংক অতি কম– যিটো মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী৷
◾ৰাজমাহ খালে পেটত উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়৷ উপকাৰী বেক্টেৰিয়া আৰু ফাইবাৰৰ যৌথ ক্ৰিয়াৰ ফলত মানুহৰ শৌচ সঠিকভাৱে হয়৷
◾ৰাজমাহত থাকে প্ৰচুৰ পৰিমাণে এমাইলোজ যাৰ বিপাক লাহে লাহে হয়৷ কাজেই মধুমেহ ৰোগীয়ে নিতৌ খাদ্য তালিকাত ৰাজমাহ ৰখাটো উচিত৷






