Logo
image

শকুনি মামাক চিনাক্ত কৰক!

মুকলি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰাটো সহজ আৰু এনে শত্ৰুৰ বিৰুদ্ধে দেশপ্ৰেমী তথা জাতিপ্ৰেমীসকল ঐক্যবদ্ধ হোৱাৰ সুযোগ থাকে; কিন্তু যেতিয়া দেশ তথা জাতিৰ লগত থকা বুলি কৈ ইয়াৰ শত্ৰুতা কৰে, তেন্তে তেনে শত্ৰুক চিনাক্ত কৰাই কঠিন হৈ পৰে৷ যিদৰে শকুনি মামাই কৌৰৱৰ লগত থাকি সমগ্ৰ কুৰুবংশ ধবংস কৰি দিলে, সেইদৰে এতিয়া বিজেপি চৰকাৰখনে অসমীয়া জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি এফালৰ পৰা এতিয়া অসমীয়া জাতীয় সত্তাৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিছে৷ সকলোৰে মনত আছে যেতিয়া মনমোহন সিং চৰকাৰে বাংলাদেশৰ লগত সীমা সমস্যা সমাধানৰ নামত অসমৰ মাটি বাংলাদেশক এৰি দিয়াৰ বাবে চুক্তি কৰিছিল, তেতিয়া বাংলাদেশ সীমাত বিজেপিৰ অসমৰ নেতৃবৰ্গ উপস্থিত হৈ বাংলাদেশক মাটি নিদিয়াৰ সংকল্প লৈ হুংকাৰ দিছিল৷ কিন্তু ২০১৪ চনত কেন্দ্ৰত আৰু অসমত ২০১৬ চনত বিজেপি দল ক্ষমতালৈ আহিয়ে সংবিধান সংশোধন কৰি বাংলাদেশক মাটি হস্তান্তৰ কৰিছিল৷ ইয়াৰ পাছতে জাতি ৰক্ষাৰ সংকল্প লোৱো চৰকাৰখনে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰি ত্ৰিপুৰীসকলৰ দৰে অৱস্থা কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে৷ যেতিয়া এই জাতিধবংসী বিধেয়কৰ বিৰুদ্ধে অসমীয়া জাতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিলে, তেতিয়া আন্দোলন মষিমূৰ কৰিবলৈ পাঁচজনকৈ কিশোৰ-যুৱকক হত্যা কৰিলে আৰু আন্দোলনৰ মাজত ছদ্মৱেশী আন্দোলনকাৰী সুমুৱাই প্ৰকৃত দেশপ্ৰেমীসকলক বিভ্ৰান্ত কৰি সম্পূৰ্ণৰূপে আন্দোনল ধবংস কৰিলে আৰু বিধেয়কক আইনত পৰিণত কৰি অসমীয়া জাতিক চিৰদিনলৈ ভয়-শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰালে৷ সেইদৰে এতিয়া চৰকাৰী মাটি উদ্ধাৰ কৰাৰ নামত যুগ যুগ ধৰি বাস কৰি থকা থলুৱা-খিলঞ্জীয়া লোকসকলকো পথৰ ভিক্ষাৰীত পৰিণত কৰিছে৷ চৰকাৰে উচ্ছেদিতসকলক বাংলাদেশী সজাই নিজৰ পক্ষত আৱেগ সৃষ্টিৰ কৌশল লৈছে৷ কিন্তু আমচৈ বা কাজিৰঙাৰ উচ্ছেদিতসকল বিদেশী যে নহয় সেই কথা এতিয়া স্পষ্ট হৈছে৷ 

‘কা’বিৰোধী আন্দোলনৰ চোক দেখি ভয় খোৱা চৰকাৰৰ জাতিপ্ৰেম বৰ বাৰুকৈয়ে জাগি উঠিছিল! তেতিয়া আজিৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ প্ৰতিখন বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ’ব৷ প্ৰতিযোগিতামূলক পৰীক্ষা মাতৃভাষাত অনুষ্ঠিত কৰা হ’ব৷ খোদ প্ৰধানমন্ত্ৰী আহি আৱেগ সৃষ্টি কৰিলেহি অসমত অসমীয়া ভাষাত পঢ়িব পৰাকৈ চিকিৎসা মহাবিদ্যালয়-আভিযান্ত্ৰিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হ’ব৷ কোৱা হ’ল– ভাইও ঔৰ বেহন ক্যা অসমীয়ামে ডাক্তৰ নহি বন সকতা? অসমীয়ামে ক্যা ইঞ্জিনিয়াৰ নহি বন সকতা হ্যয়? কিন্তু আজি কি হৈছে৷ প্ৰথমে এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিল কৰা হ’ল, তাৰপাছত অসমীয়া মাতৃভাষাৰ বিদ্যালয়সমূহ বিশ্বৰ মানবিশিষ্ট কৰি গঢ়ি তোলাৰ পৰিৱৰ্তে এইসমূহ ধবংস কৰাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে চৰকাৰী পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত ল’লে৷ আৰু শেহতীয়াকৈ এক নাভূত-নাশ্ৰুত ‘থিয়ৰী’ বাহিৰ কৰিছে, সি হৈছে ‘হাইব্ৰীড’ শিক্ষা! এজন আৰ এছ এছৰ ব্যক্তিক উপদেষ্টা পাতি আৱিষ্কাৰ কৰিছে এই জাতিধবংসী থিয়ৰী৷ ৰাজ্যখনৰ নৱম আৰু দশম শ্ৰেণীত ইংৰাজীৰ লগতে বিজ্ঞান আৰু গণিতৰ শ্ৰেণীও ইংৰাজী ভাষাত কৰিলে বোলে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ব জয় কৰাত সফল হ’ব! তাৰ অৰ্থটো হ’ল আজি যিসকল লোক অসমীয়া মাধ্যমত পঢ়ি ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, নাছাৰ দৰে সৰ্বোচ্ছ বিজ্ঞান সংস্থাত নিজৰ সেৱা আগবঢ়াই আছে বা জিতেন্দ্ৰ নাথ গোস্বামীৰ দৰে ব্যক্তি যি মংগল যানৰ দৰে অভিযানত যুক্ত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, সেইসকল সফল নহয় নেকি? নে ইংৰাজী মাধ্যমতসকলহে সফল ব্যক্তি! যদি এই মডেলত অসমৰ শিক্ষানুষ্ঠান গঢ়িব বিচাৰিছে, তেন্তে ই যে কেৱল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈয়ে ভাবুকি আনিব এনে নহয়, যুগ-যুগান্তৰলৈ অসমীয়া জাতি উধাব নোৱৰাৰ পৰিৱেশ ৰচনা হ’ব৷ আচলতে এনে সুদূৰ প্ৰসাৰী সিদ্ধান্তৰ কথা ঘোষণা বা কাৰ্যকৰী কৰাৰ আগতে চৰকাৰে বা শিক্ষা বিভাগে অসমৰ শিক্ষাবিদসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কেৱল এজন উপদেষ্টাৰে শিক্ষা বিভাগ চলাবলৈ গ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক৷

আচলতে চৰকাৰৰ এনে  সিদ্ধান্তৰ গুৰিতে আছে বিজেপি-আৰ এছ এছৰ এক দেশ এক সংস্কৃতি, এক দেশ এক ভাষা বা এক দেশ এক শিক্ষাৰ হিন্দুত্ববাদী এজেণ্ডা৷ ইয়াৰ বাবেই এফালে নতুন শিক্ষানীতিৰ নামত সমগ্ৰ দেশত নতুন কিতাপ লিখাৰ কাম আৰম্ভ হৈছে, আনফালে আঞ্চলিক ভাষাসমূহক ধবংস কৰাৰ চেষ্টা চলিছে৷ যি সময়ত নতুন শিক্ষানীতিত মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা দিয়াৰ কথা কোৱা হৈছে, সেই সময়ত মাতৃভাষাৰ বিৰুদ্ধে লোৱা অসম চৰকাৰৰ সিদ্ধান্তই আচলতে সচেতন সমাজক ভবাই তুলিছে৷

বহুতেই এনে সময়ত অসম সাহিত্য সভা ক’ত শুই আছে বুলি প্ৰশ্ন কৰিছে৷ ছাত্ৰ সন্থাৰ ভূমিকা কি বুলি প্ৰশ্ন কৰিছে৷ আচলতে এই দুয়োটা সংগঠনে অসম আন্দোলনৰ পাছৰ পৰাই নিজৰ শক্তি-সামৰ্থ্য হেৰুৱাই পেলোৱাৰ দৰে হৈছে৷ সেয়ে সকলোৱেই কথাবোৰ বিবেচনা কৰিবৰ হ’ল৷ প্ৰকৃত জাতিৰ বন্ধু আৰু শত্ৰুবোৰক চিনাক্ত কৰি জাতি বচোৱাৰ সংগ্ৰাম কৰিবৰ হ’ল৷ চৰকাৰৰ মুখলৈ চাই থাকি লাভ নাই যেন ভাব হয়৷