Logo
image

লুইতৰ বুকু খান্দিবলৈ গুৱাহাটীত ড্ৰেজাৰ

আমাৰ অসম, ২৮ জানুৱাৰীঃ বুঢ়া লুইতৰ বিশাল বক্ষ বিদাৰিবলৈ সাজু হৈছে এটা বিশেষ বাহিনী৷ ব্ৰহ্মপুত্ৰ খননৰ বাবে ইতিমধ্যে গুৱাহাটী পাইছেহি দুখন বিশেষ ড্ৰেজাৰ, সৌজন্য ‘টীম পিঅ’জিএল’৷ ব্ৰহ্মপুত্ৰ খনন কৰি মহানদ ব্ৰহ্মপুত্ৰৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে অনা দুখন ড্ৰেজাৰ সম্প্ৰতি পাণ্ডুঘাটত আছে৷ এই মুহূৰ্তত পাণ্ডুঘাটত চলি আছে ব্ৰহ্মপুত্ৰ খননৰ আখৰা৷ যিকোনো মুহূৰ্তত দুয়োখন ড্ৰেজাৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ খন্দাৰ কাম আৰম্ভ হ’ব৷ উল্লেখ্য, বহুদিন ধৰি ব্ৰহ্মপুত্ৰ খননৰ প্ৰসংগই ৰাজ্য উত্তাল কৰি ৰাখিছে৷ বান আৰু খহনীয়া সমস্যাই পিষ্ট কৰা অসমবাসীক সকাহ দিয়াৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ খননৰ প্ৰসংগ প্ৰথমবাৰলৈ উত্থাপিত হৈছিল তৰুণ গগৈ চৰকাৰৰ আমোলত৷ অৱশ্যে সেই চৰকাৰৰ দিনত এই সন্দৰ্ভত একো কৰা নহ’ল৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত ব্ৰহ্মপুত্ৰ খননৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰা হয় আৰু অসম চৰকাৰৰ সৈতে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সমমৰ্মিতা প্ৰকাশ কৰে৷ সেইবাবেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় স্থল আৰু জল পৰিবহণমন্ত্ৰী নীতিন গাডকাৰিয়ে ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷ কেৱল সেয়ে নহয়, ব্ৰহ্মপুত্ৰ খন্দাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে দুটা এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰ কথাও সোণোৱাল চৰকাৰে ঘোষণা কৰিছিল৷ এই প্ৰসংগত সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল ৰাজ্যৰ জল পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ অৱশ্যে পৰৱৰ্তী কালত বিষয়টো গেঠেলা মাৰিলে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ব্ৰহ্মপুত্ৰ খননৰ গোটেই বিষয়টোত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে৷ ইয়াৰ প্ৰধান কাৰণ দুটা৷ এটা হৈছে ব্ৰহ্মপুত্ৰৰ দৰে জটিল নদৰ খনন আক্ষৰিক অৰ্থতেই সম্ভৱ নহয় আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যায়ো সেয়া এশ শতাংশ সমৰ্থন নকৰে৷ ইফালে, এই প্ৰকল্প প্ৰযুক্তিগতভাৱে কিবাকৈ সম্ভৱ হ’লেও ইয়াৰ বাবে যিমান ধনৰ প্ৰয়োজন হ’ব সেয়া কল্পনাতীত৷ কাজেই ব্ৰহ্মপুত্ৰ খননৰ বিষয়টো নিমজ্জিত হ’ল বিস্মৃতিৰ গহ্বৰত৷ সংবাদমেলত সাংবাদিকে এই সম্পৰ্কে কৰা প্ৰশ্নও এৰাই চলিবলৈ ধৰিলে দিছপুৰৰ বৰমূৰীয়াসকলে৷ পৰৱৰ্তী কালত এই প্ৰসংগই অসমৰ ৰাইজৰ মাজত সৃষ্টি কৰা ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ উমান পাই চৰকাৰে অৱলম্বন কৰিলে ‘সাপো মৰক লাঠীও নাভাঙক’ নীতি৷ সেইসূত্ৰে এইবাৰ চৰকাৰে আৱিষ্কাৰ কৰিলে নতুন সূত্ৰ৷ ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব– কিন্তু সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নহয়, ঠায়ে ঠায়ে খন্দা হ’ব৷ দ্বিতীয়তে ব্ৰহ্মপুত্ৰৰ ইপাৰৰ পৰা সিপাৰলৈ খন্দা নহয়– খন্দা হ’ব এটা নিৰ্দিষ্ট অংশ৷ অৱশ্যে ব্ৰহ্মপুত্ৰৰ কিছু খননেও সমস্যা সমাধানত অলপ হ’লেও বৰঙণি যোগাব৷ ইফালে, ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ একাংশ লোকৰ তত্ত্বাৱধানত গঠিত পূৰ্বশ্ৰী অইল এণ্ড গেছ লিমিটেড [পিঅ’জিএল] নামৰ প্ৰতিষ্ঠানটোৱে বান সমস্যা সমাধানৰ বাবে যুগুত কৰিলে এখন আঁচনি৷ কিছুদিন পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত পিঅ’জিএলৰ জ্যেষ্ঠ বিষয়া তথা অইল ইণ্ডিয়াৰ প্ৰাক্তন মহাপ্ৰবন্ধক প্ৰশান্ত কুমাৰ দত্তই কয়– ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজক বানৰ কবলৰ পৰা ৰক্ষা কৰিবৰ বাবে এখন আঁচনি প্ৰস্তুত কৰা হৈছে৷ আঁচনিখনৰ মতে, ব্ৰহ্মপুত্ৰৰ মাজেৰে এটা কেনেল খন্দা হ’ব– যিটোৰ প্ৰস্থ হ’ব ১০০ মিটাৰ আৰু গভীৰতা ১০ মিটাৰ৷ ব্ৰহ্মপুত্ৰত বালিৰ মুক্ত খননৰ বাবে চৰকাৰে যদি অনুমতি দিয়ে তেতিয়া নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো সহায়ক হ’ব৷ ইফালে, কেনেল খননৰ জৰিয়তে গভীৰতা বৃদ্ধি পাব ব্ৰহ্মপুত্ৰৰ৷ আঁচনি অনুসৰি ব্ৰহ্মপুত্ৰৰ উপনৈৰ মোহনাত দলং নিৰ্মাণ কৰিব লাগিব৷ কিছুমান দ ঠাইত শ্লুইচ গেটযুক্ত ৰিজাৰ্ভাৰ দি পানী ধৰি ৰাখিব লাগিব৷ লক্ষণীয়ভাৱে এই আঁচনি আৰু চৰকাৰৰ চিন্তাৰ মাজত কিছু মিল থকাৰ সূত্ৰে আংশিকভাৱে চৰকাৰে আঁচনিখন গ্ৰহণ কৰিব আৰু সেইমতেই আংশিকভাৱে হ’লেও ব্ৰহ্মপুত্ৰ খন্দাৰ কাম আৰম্ভ কৰিবৰ বাবে প্ৰস্তুতি চলালে৷ সেই প্ৰস্তুতিৰ অংশস্বৰূপেই দুখনকৈ ড্ৰেজাৰ অনা হৈছে পাণ্ডুঘাটলৈ– যি দুখন ড্ৰেজাৰে শীঘ্ৰে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰ খননৰ কাম৷ এই ব্যৱস্থাৰ ফল কি হয় তালৈ অসমৰ ৰাইজে গুৰুত্বসহকাৰে লক্ষ্য ৰাখিব৷