Logo
image

বিত্তীয় অৱস্থা ‘ছাৰখাৰ’ দিছপুৰত অশনি সংকেত

আমাৰ অসম, ২৮ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ জুন মাহৰ পৰা বন্ধ কৰি দিব জিএছটিৰ ক্ষতিপূৰণ৷ দেশত জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত ৰাজ্যসমূহে সন্মুখীন হোৱা ক্ষতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পাঁচ বছৰৰ বাবে জি এছ টি ক্ষতিপূৰণ দিবলৈ মান্তি হৈছিল৷ অহা জুন মাহত জি এছ টি প্ৰৱৰ্তনৰ পাঁচবছৰ সম্পূৰ্ণ হ’ব৷ কাজেই কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিব জি এছ টিৰ ক্ষতিপূৰণ৷ যদিও ক’ভিড পৰিস্থিতিৰ বাবে একাংশ অবিজেপি শাসিত ৰাজ্যই জিএছটিৰ ক্ষতিপূৰণ ব্যৱস্থা আৰু কিছু বছৰলৈ বাহাল ৰখাৰ দাবী তুলিছে, তথাপি কেন্দ্ৰীয় চৰকাৰে ইয়াক মানি লোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ৷ কিয়নো খোদ কেন্দ্ৰীয় চৰকাৰৰে বিত্তীয় অৱস্থা তথৈবচ হৈ পৰিছে৷ এই বিষম অৰ্থনৈতিক পৰিস্থিতিৰ মাজত মুখ্যমন্ত্ৰীৰ মূৰৰ বিষ হৈ পৰিছে উদং ৰাজভঁৰাল পূৰণ কৰা৷ গতিকে আজি তেওঁ কেবিনেটত দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াৰে এটা হ’ল মন্ত্ৰীসকলে কোনোধৰণৰ আঁচনি বিত্ত বিভাগৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব৷ ইয়াৰ ফলত উন্নয়নৰ কামকাজ থমকি ৰোৱাৰ আশংকা আছে৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ ভেটৰ বাহিৰেও ৰাজ্য চৰকাৰৰ ৰাজহ আহৰণৰ এতিয়া প্ৰধান ভৰসা তিনিটা – এই কেইটা হৈছে আবকাৰী, পৰিবহণ আৰু ভূমি ৰাজহ৷ সুৰাৰ মূল্যবৃদ্ধিৰ দ্বাৰা মাহে ৰাজ্য চৰকাৰে ২০২১-২২ বৰ্ষত প্ৰায় ২৪০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ যোৱা ডিচেম্বৰ মাহৰ পৰা ৰাজ্যত সুৰাৰ দাম ১০-১৫ শতাংশ বৃদ্ধি কৰিছে৷ ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে৷ গুৱাহাটী মহানগৰীত মাটিৰ মূল্য ৯০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত ভূমি, ফ্লেটৰ পঞ্জীয়ন, প্ৰতিবৰ্গ ফুটৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাব৷ ইফালে, কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে আজিৰে পৰা মহানগৰীত পৰিবহণ বিভাগে বিশেষ অভিযান আৰম্ভ কৰিছে৷ পৰিবহণ বিভাগে ৰাজকোষলৈ ৰাজহ আগবঢ়োৱাৰ লক্ষ্যৰে এই পদক্ষেপ আৰম্ভ কৰিছে৷ এতিয়াও কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা যানবাহনৰ বিৰুদ্ধে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাবধানত বিভাগৰ এটা দলে আজি পুৱাৰ ভাগত মহানগৰীৰ এবিচিত অপাৰেচন ছাৰখাৰঅঅ শীৰ্ষক এক বিশেষ অভিযান আৰম্ভ কৰে৷ অভিযানৰ সময়ত পৰিবহণ বিষয়া দাসে কয় যে পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যোৱাৰ পিছতো এতিয়াও বহুতেই কৰ আদায় নিদিয়াকৈ বিনাদ্বিধাই গাড়ী চলাই আছে৷ গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়িক যানবাহনে ১০০কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰণে সকলো সা সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়িক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে৷ উল্লেখ্য যে এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব৷ প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী৷ সেয়ে এতিয়াও যানবাহনৰ বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত গাড়ী চলাই থকাৰ লগতে যিবোৰ উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠানে যানবাহন ব্যৱহাৰ কৰি ব্যৱসায় চলাই আছে সেই সকলোকে কৰ আদায় দি এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়াৰ লগতে অসমখনক এখন আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন সেয়া বাস্তবায়িত কৰিবলৈ পৰিবহণ বিষয়াগৰাকীয়ে আহ্বান জনায়৷ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে আজিৰ পৰা আৰম্ভ কৰা এই অভিযানক কিয় অপাৰেচন ছাৰখাৰ নাম দিলে, ইয়াক লৈয়ো গুণাগথা আৰম্ভ হৈছে৷ লক্ষণীয় যে উদং ৰাজভঁৰাল টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰে যি সমূহ ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে সৰ্বসাধাৰণ লোকৰ ওপৰত৷ কৰৰ বোজাত ভাৰাক্ৰান্ত হৈছে সৰ্বসাধাৰণ ৰাইজ৷ কি পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, সুৰা, মাটিৰ খাজনা, পৰিবহণ কৰ– সকলোতে গিনিপিগ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ কেন্দ্ৰীয় চৰকাৰে জিএছটিৰ ক্ষতিপূৰণৰ পৰিৱৰ্তে ৰাজ্যসমূহক ঋণ ল’বলৈ পৰামৰ্শ দিছে৷ কেন্দ্ৰৰ সেই নিৰ্দেশ সাৰোগত কৰি ৰাজ্য চৰকাৰে এফ আৰ বি এম আইনৰ সংশোধনী ঘটাই প্ৰায় এক লাখ কোটিৰো অধিক টকালৈ ধনৰ বোজা বৃদ্ধি কৰিছে৷ এই ঋণৰ বোজাও বহন কৰিব লাগিব সৰ্বসাধাৰণ লোকে৷  বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে ৰাজ্যখন ঘনঘোৰ অন্ধকাৰৰ দিশে গতি কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত ভবামতে হোৱা নাই বিনিয়োগ৷ যোৱা তিনি বছৰত মাত্ৰ ১০৫ কোটি টকাৰহে বিনিয়োগ হৈছে৷ অথচ মহাৰাষ্ট্ৰত ২,০৪,০৮২ কোটি, গুজৰাটৰ দৰে ৰাজ্যত ১,৮৭,৪৭২ কোটি টকাৰ বিনিয়োগ হৈছে৷ বিনিয়োগ কম হোৱা অসমৰ দৰে ৰাজ্য জি এছ টিৰ ক্ষতিপূৰণ বন্ধ কৰাৰ ফলত যে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া নিশ্চিত হৈ পৰিছে৷ পঞ্চদশ বিত্ত আয়োগে অসমক ৫০ শতাংশ পুঁজিয়েই মুকলি কৰি দিয়া নাই৷ চতুৰ্দশ বিত্ত আয়োগেও নিদিলে কেইবাশ কোটি টকা৷ কেগৰ বাৰম্বাৰ সকীয়নিৰ পাছতো ৰাজ্যত হ্ৰাস পোৱা নাই ৰাজহ বিত্তীয় ঘাটি৷ ২০২০-২১ বৰ্ষত দৰমহাতে ব্যয় হৈছে ৩১,০২৮ কোটি টকা৷ ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ভোটৰ অংকত অব্যাহত ৰাখিছে বিভিন্ন হিতাধিকাৰী আঁচনি৷ সমান্তৰালভাৱে অব্যাহত আছে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ৷ এইকাৰ্যসমূহে শোচনীয় বিত্তীয় পৰিস্থিতিত ঘিউ ঢলাৰ দৰে কাম কৰিছে৷ অৱশ্যে ইয়াৰ মাজতে দিব্যাংগ পেন্সনৰ দৰে হিতাধিকাৰী আঁচনিত সামান্য অজুহাততে ব্যাপক নাম কৰ্তন কৰাৰ অভিযোগ উঠিছে৷

টাৰ্গেট পূৰণৰ নামত অচল গাড়ীকো জৰিমনা

ৰাজহ ঘাটি জোৰা মাৰিবলৈ ঋণ লৈ তত্‌ নোপোৱা চৰকাৰে এতিয়া কৰ সংগ্ৰহৰ বাবে সকলো পথেই গ্ৰহণ কৰিছে৷ সাধাৰণ লোকক ডিঙিলৈকে কৰ তথা জৰিমনাৰ বোজা জাপি দিবলৈও যেন পিছ হোহকা নাই হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰ জোঁটৰ চৰকাৰে৷ কৰ সংগ্ৰহৰ বাবে বিশেষকৈ যানবাহন আৰক্ষী তথা পৰিবহণ বিভাগক টাৰ্গেট বান্ধি দিছে দিছপুৰে৷ পৰিবহণ বিভাগক গুৱাহাটীতে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশনাও জাৰি কৰিছে৷ দিছপুৰৰ এই নিৰ্দেশৰ পাছতেই যেন গুৱাহাটী ৰাজপথত মিছন ‘ছাৰখাৰ’ নাম দি কৰ তথা জৰিমনা সংগ্ৰহত নামি পৰিছে জিলা এনফৰ্চমেণ্ট বাহিনী আৰু যান-বাহন আৰক্ষী৷ স্বাভাৱিকতেই এতিয়া টাৰ্গেট পূৰণৰ নামত ঘৰৰ গেৰেজত থকা বাহনকো যান-বাহন আইন উলংঘনৰ দোহাই দি জধেমধে জৰিমনাৰ চালান প্ৰেৰণ কৰিবলৈ লৈছে৷ বৰপেটাৰ ভবানীপুৰৰ ঘৰৰ চৌহদত থকা দীননাথ কলিতা নামৰ ব্যক্তিজনৰ এ এছ ০১ ই ৱাই ৭৪১৪ নম্বৰ এল্ট’ বাহনখনক গুৱাহাটী ফাঁচী বজাৰ অঞ্চলত ন’-পাৰ্কিঙত ৰখোৱাৰ অপৰাধ দোহাই দি ৫০০ টকাৰ জৰিমনাৰ চালান প্ৰেৰণ কৰিছে৷ ২৫ ডিচেম্বৰত বাহনখন ছাদ্দাম হুছেইন নামৰ এজন চালকে চলোৱা দেখুৱাই যান-বাহন আইন উলংঘনৰ দোহাই দি জৰিমনাৰ চালান প্ৰেৰণ কৰিছে যদিও উক্ত দিনা বাহনখন কলিতাৰ বৰপেটাৰ বাসগৃহতে আছিল৷ বৰপেটাৰ বাসগৃহত গেৰেজতে থকা এখন বাহন কেনেকৈ প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত গুৱাহাটীৰ ফাচী বজাৰত যান বাহন আইন উলংঘন কৰিলে এই লৈ হতভম্ব হৈ পৰিছে দীননাথ কলিতাৰ পৰিয়লটো৷ স্বাভাৱিকতেই দিছপুৰৰ কৰ সংগ্ৰহৰ টাৰ্গেট পূৰণৰ নামতেই সাধাৰণ লোকৰ ঘৰৰ গেৰেজত সোমাই থকা বাহনকো যান-বাহন আইন উলংঘনৰ অপৰাধৰ ভুৱা অভিযোগ জাপি দি কৰ সংগ্ৰহৰ বাবে গুৱাহাটী আৰক্ষীয়ে চালান প্ৰেৰণ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ গাড়ীৰ গৰাকীলৈ প্ৰেৰণ কৰা ই-চালানত যান-বাহন কনিষ্টবল হেৰম্ব কলিতাই জৰিমনা বিহা দেখুৱাইছে যদিও ৰহস্যজনক কাৰণত ই-চালানত অপৰাধ সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰযুক্ত ফটো থাকিব লাগে যদিও সেই ফটো নাই৷ অৱশ্যে, এই সন্দৰ্ভত ‘আমাৰ অসমে’ পাণবজাৰ থানাৰ যান-বাহন আৰক্ষীৰ সৈতে যোগাযোগ কৰাত এজন চালকে ভুল তথ্য দিয়াৰ বাবেহে এনেদৰে বৰপেটাত থকা গাড়ীখনৰ বিৰুদ্ধে অসাৱধানবশতঃ চালান প্ৰেৰণ কৰা বুলি  আজব যুক্তি দাঙি ধৰিছে৷