Logo
image

হিমন্তৰ হাতত ‘গান’, ভূপেনৰ মুখত কবিতা

আমাৰ অসম, ২৮ জানুৱাৰীঃ ইজনৰ পাছত সিজনকৈ প্ৰভাৱশালী নেতা দলৰ পৰা আঁতৰি যোৱাৰ ধাৰাবাহিক প্ৰক্ৰিয়া এই পৰ্যন্ত অব্যাহত আছে৷ দলৰ ভিতৰত থাকিয়ে চৰকাৰখনক সমৰ্থন দি যাব বুলি দলৰ বিধায়কে মুকলিভাৱে ঘোষণা কৰিছে৷ বহু কেইজন বিধায়ক যিকোনো মুহূৰ্তত দল ত্যাগ কৰিবলৈ সাজু হৈ আছে৷ উপ-নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত দলে অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ প্ৰতিপক্ষ বিজেপি দল আৰু চৰকাৰে অভাৱনীয় আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে৷ মিত্ৰদল বিপিএফ, এআইইউডিএফ আদিয়ে ইতিমধ্যে সংগ ত্যাগ কৰিছে৷  কিন্তু ইয়াৰ পাছতো  যেন কবিতা লিখিহে প্ৰতিপক্ষক প্ৰতিহত কৰিব বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ আন্তঃদলীয় কন্দল আৰু ধাৰাবাহিক খহনীয়াত বিপৰ্যস্ত হৈ পৰা কংগ্ৰেছক উদ্ধাৰ কৰাৰ অস্ত্ৰ হিচাপে ভূপেন বৰাই গ্ৰহণ কৰিছে  ‘কবিতা’ক৷ দলৰ ভিতৰত সভাপতি বৰাৰ এনে কাৰ্যকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ উল্লেখ্য যে, ৰাজীৱ ভৱনত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মই ‘ফায়াৰ ব্ৰিগেড’ নামৰ স্বৰচিত কবিতা এটা পাঠ কৰে৷ 

মই ফায়াৰ ব্ৰিগেড’

বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই৷

নিবনুৱাৰ বুকুতো জ্বলিছে জুই,

বুলেট খাই কীৰ্তিকমল আছে শুই৷

দুখীয়াৰ পেটতো জ্বলিছে জুই,

শুদা চাউল এমুঠি খাই আমিও আছোঁ শুই৷

পুলিচ পিটিকা হ’ব অপৰাধী ধৰিলে,

সংবাদ সোপা দিব ৰাজমাতাৰ খবৰ ছপালে৷

মিজো সীমান্ততো জ্বলি আছে জুই,

দেখিছিলো তাত চকুৰ পানীৰ নৈ৷

জাতি-মাটি-ভেটি এৰি দিব গৈ,

মেঘালয়ে আদৰিব বৰপীৰা লৈ৷

গণতন্ত্ৰ তোমাৰ মন্ত্ৰ,

ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্ব

আজিৰ অসমত সকলো লাঞ্চিত-বঞ্চিত৷

ছেম, দীপাঞ্জল, বিজেন্দ্ৰ, আলিম আৰু

ঈশ্বৰেও দেখিলে জুই,

তেজে ধোৱা পঞ্চ-ছহিদ

দেশমাতৃৰ কোলাত আছে শুই৷

খৰি ফলাদি জাতিক ফালিছে,

দাউদাউকৈ যেন জ্বলিছে জুই, 

জাতিৰ মূৰত জ্বলিছে

হূদয়তো জাতিৰ একুৰা জুই৷

চৰকাৰ তই জ্বলাইছ,

মই নুমুৱাম,

ময়েই ‘ফায়াৰ ব্ৰিগেড’ হৈ পানী ছটিয়াম,

মই জুই নুমুৱাম৷৷

এই কবিতাটোৰ জৰিয়তে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ এতিয়া বিজেপি দলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বৰা৷ উল্লেখ্য যে এনকাউণ্টাৰ সম্পৰ্কত ক’বলৈ গৈ অসমত পুলিচীৰাজ চলিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কৈছিল– মই মুখ্যমন্ত্ৰী থকালৈকে অসমত অপৰাধীৰ ওপৰত একশ্বন হৈয়ে থাকিব৷ এইটোত কোনো কথা নাই৷ পুলিচীৰাজ চলিব৷ মিলিটাৰীৰাজ চলিব৷ পুলিচে ৰাইজৰ দৰমহা লয়৷ এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্যক কবিতাৰে প্ৰত্যুত্তৰ দিয়াৰ পাছত মন্ত্ৰী পীয়ূষ হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক কটাক্ষ কৰি কয়–  তেওঁ পানী নথকা ফায়াৰ ব্ৰিগেড৷ পানী নথকা ফায়াৰ ব্ৰিগেডৰ কিবা কাম আছে নেকি? আনহাতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক কটাক্ষ কৰি কয়– ভূপেন বৰাই অসম সাহিত্য সভাত মনোনিৱেশ কৰক৷ আমি ৰাজনৈতিক নেতাহে, সাহিত্যিক নহয়৷ ভূপেন বৰাই সাহিত্য সভাত কবিতা আবৃত্তি কৰক৷ সভাপতি বৰাই নিজকে কবিতাৰ মাজত আবদ্ধ কৰি ৰখাৰ বিপৰীতে ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনক লৈ অধিক তৎপৰ হৈ পৰিছে শাসনাধিষ্ঠ বিজেপি দল৷ সংখ্যা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ মিত্ৰ দল বিপিএফক বিধানসভাৰ মজিয়াত মিত্ৰদল হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যসভাৰ দুয়োখন আসনে বিজেপিয়ে লাভ কৰিব বুলি ইতিমধ্যে দৃঢ়তাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷