Logo
image

ৰঙা ফিতাৰ মেৰপেঁচ খোলাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২৯ জানুৱাৰীঃ প্ৰশাসন যন্ত্ৰৰ পৰা এলান্ধুকলীয়া ৰঙাফিটাৰ মেৰপেচ আঁতৰোৱাৰ সংকল্প লৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কেৱল ৰঙাফিটাৰ মেৰপেচ আঁতৰোৱাই নহয়, ৰাজ্য প্ৰশাসনৰ হূদপিণ্ড অসম সচিবালয়ত ‘ক্লীন এণ্ড গ্ৰীণ’ কৰাৰ পণ লৈছে মুখ্যমন্ত্ৰী৷ সেই সংকল্প, পণ আৰু সপোন বাস্তৱায়িত কৰিবৰ  বাবে পহিলা ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে মহা ধুমধামেৰে  আৰম্ভ কৰিব প্ৰজেক্ট সদ্ভাৱনাৰ কাম-কাজ৷ এই প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে জনতা ভৱনত সুদীৰ্ঘ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ থকা ২১ পৰা ৩লাখ পুৰণি ফাইল ২০২৩ চনৰ ১০মে’ৰ পূৰ্বে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুলানি বৈঠকত মিলিত হৈছে জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰে৷ শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল প্ৰজেক্ট সদ্ভাৱনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তৃতীয়লানি বৈঠক৷ জনতা ভৱনৰ প্ৰায় ৪৮০ জন বিভিন্ন কৰ্মচাৰীৰ সৈতে মতবিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে৷ মতবিনিময় অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ক’লে– কৰ্মই মানুহক খেদে৷ কৰ্মই পাছ নেৰে৷ চৰকাৰে নাগৰিকৰ সুখ-দুখৰ অনুভৱ কৰিব পাৰিব লাগিব৷ চৰকাৰী চাকৰিয়াল সকলো সমাজৰে অংগ৷ এইকথা পাহৰি গ’লে নহ’ব৷ নাগৰিককেন্দ্ৰিক সেৱাসমূহ সৰ্বতোপ্ৰকাৰে সফল কৰাৰ দিশত অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে৷ জনসাধাৰণৰ বহু বছৰ ধৰি মীমাংসা নোহোৱা ফাইলসমূহ এই প্ৰকল্পৰ জৰিয়তে সুনিৰ্দিষ্ট সময়ৰ ভিতৰত নিষ্পত্তি কৰিব বিচৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্প সঠিকভাৱে ৰূপায়ণ কৰাৰ দিশত বিষয়া-কৰ্মচাৰীসকলক জড়িত কৰিব বিচাৰিছে৷ নাগৰিকসকল প্ৰশাসন ব্যৱস্থাটোৰ অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিটো ফাইল নিষ্পত্তিকৰণৰ দিশত সংবেদনশীলতা থাকিব লাগিব৷ সচিবালয় হৈছে সমগ্ৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোৰ প্ৰাণকেন্দ্ৰ৷ সেইবাবে অসম সচিবালয়ৰ ফাইল নিষ্পত্তিকৰণৰ ব্যৱস্থাটো নিকা, দ্ৰুত আৰু পেছাদাৰিত্ব মনোভাৱেৰে কৰিব লাগিব৷ সদ্ভাৱনা প্ৰকল্পৰ লগতে জনতা  ভৱনত স্বচ্ছতা অভিযানো আৰম্ভ কৰা হ’ব৷ স্বচ্ছতা জীৱনৰ অংগ আৰু এক দৰ্শন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগতে স্বচ্ছতা সুনিশ্চিত কৰাৰ দিশত বিষয়া-কৰ্মচাৰীসকলে আত্মনিয়োগ কৰিব লাগিব বুলি কয়৷ মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৮ লাখ জনসাধাৰণে তেওঁলোকৰ ভূমিৰ সমস্যা নিষ্পত্তি কৰাৰ বাবে আবেদন জনাইছে৷ ইতিমধ্যে ২ লাখ এনেধৰণৰ আবেদন নিষ্পত্তি কৰা হৈছে৷ অহা ১০ মে’ৰ ভিতৰত আৰু ৬ লাখ আবেদন নিষ্পত্তি কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে সদ্ভাৱনা প্ৰকল্পৰ মূল উদ্দেশ্যই হ’ল এক সঁহাৰিপূৰ্ণ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা আৰু জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়োৱা৷ জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়– আমাৰ ওচৰত কোনো মানুহ আনন্দত নাহে, সকলোৱে দুখত আহে৷ বিপদত পৰি আহে৷ গতিকে খং-ৰাগ এৰি সহানুভূতিৰে তেওঁলোকৰ কামবোৰ অগ্ৰাধিকাৰ দিয়ক৷ ২০২৩ চনৰ ১০ মে’লৈকে অসম সচিবালয়ক সম্পূৰ্ণৰূপে ই-অফিচ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয়– কেৱল পেন্সনৰ কাৰণে আহে ১০-১২ শতাংশ লোক৷ চৰকাৰী কৰ্মচাৰীসকলে পেন্সন অৱসৰৰ দিনাই লাভ কৰিব লাগিব৷ অৱসৰৰ তিনি-চাৰিবছৰৰ পূৰ্বেই পেন্সনৰ ফাইল সাজু হ’ব লাগিব৷ সেয়া এক পৰম্পৰা হ’ব লাগিব৷ অন্ততঃ মুখ্যমন্ত্ৰী পেন্সনৰ বিষয়ত সোমাব নালাগে৷ কৰ্মচাৰীসকলে নিজৰ কাম নিজেই কৰিম বুলি ভাবি আগবাঢ়িব লাগে৷ আজি যদি মই  এছ এ ডিৰ এজন কৰ্মচাৰীক গালি পাৰো, ৰাজ্যজুৰি আন্দোলন কৰিব৷ কিন্তু কোনো এজন কৰ্মচাৰীৰ পেন্সনৰ ফাইলটো আন এজন কৰ্মচাৰীয়ে পেলাই থৈ দিলে  কৰ্মচাৰী পৰিষদেও আন্দোলন নকৰে৷ এয়া কেনেধৰণৰ চাইক’লজি বুলি আক্ষেপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ চি এছ বিষয়াৰো মেডিকেল ৰিম্বাৰ্ছমেণ্টৰ ফাইলত তেওঁৰ হস্তক্ষেপ কৰিব লগা হৈছে৷ ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই৷ মুখ্যমন্ত্ৰীয়ে কয়– প্ৰজেক্ট সদ্ভাৱনাৰ অধীনত দুমাহৰ ভিতৰত ৰাইজৰ পৰা ফাইল নম্বৰ আহিব৷ এই ফাইল নম্বৰ কেটেগৰাইজ কৰি ফাইল নিষ্পত্তিৰ কাম কৰি যোৱা হ’ব৷ সমগ্ৰ ব্যৱস্থাটোক ক্ষিপ্ৰ আৰু প্ৰফেছনেল কৰা হ’ব৷ অসম সচিবালয়ৰ পাছতেই বাকী চৰকাৰী কাৰ্যবিলাকলৈও মিছন সদ্ভাৱনাক লৈ যোৱা হ’ব৷ আজিৰ এই অনুষ্ঠানত কেইবাগৰাকী উচ্ছপদস্থ বিষয়াই অংশগ্ৰহণ কৰে৷