Logo
image

প্ৰথমবাৰলৈ পৌৰ নিৰ্বাচনত ইভিএম

আমাৰ অসম, ২৮ জানুৱাৰীঃ এইবাৰ পৌৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ইলেক্টনিক ভোটিং মেচিন৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ৮১খন পৌৰসভাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হ’ব৷ উল্লেখ্য, পৌৰ নিৰ্বাচনৰ বাবে  ইতিমধ্যে প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে৷ ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে নিৰ্বাচনী প্ৰস্তুতিত কিছু ব্যাঘাত জন্মিছে যদিও শেহতীয়াভাৱে পৰিস্থিতি উন্নত হোৱাত প্ৰস্তুতিও পূৰ্ণগতিত আগবাঢ়িছে৷ দিনচেৰেক পূৰ্বে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ১০ মাৰ্চৰ পূৰ্বে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ সেইসূত্ৰে ১০ মাৰ্চৰ পূৰ্বেই ৰাজ্যত পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ পৌৰসভা নিৰ্বাচনৰ পাছতেই অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ এই নিৰ্বাচনৰ বাবেও পূৰ্ণগতিত প্ৰস্তুতি চলি আছে৷ ১১ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব৷ আপত্তি বা অভিযোগ দাখিলৰ অন্তিম দিন ১৮ ফেব্ৰুৱাৰী৷ ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাইজৰ অভিযোগ-আপত্তিসমূহ নিষ্পত্তি কৰাৰ পাছত প্ত মাৰ্চত ৱাৰ্ড ভিত্তিত প্ৰকাশ পাব গুৱাহাটী পৌৰ নিগমৰ ভোটাৰ তালিকা৷ পৌৰসভা নিৰ্বাচনত যিহেতু ইভিএম ব্যৱহাৰ কৰা হ’ব সেইসূত্ৰে পৌৰ নিগমৰ নিৰ্বাচনতো ইভিএম ব্যৱহাৰ কৰাটো একপ্ৰকাৰ নিশ্চিত৷ ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৩১টাৰ পৰা ৬০টালৈ বৃদ্ধি কৰা হৈছে৷ ইতিপূৰ্বে পৌৰসভা নিৰ্বাচনত বেলট ব্যৱহাৰ কৰা হৈছিল৷ এইবাৰ ইভিএম ব্যৱহাৰ কৰিবলৈ লোৱাৰ ফলত নিৰ্বাচনত কোনোধৰণৰ জটিলতাৰ সৃষ্টি নহয় বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ এটা সূত্ৰই স্পষ্ট কৰি দিয়ে যে বিধানসভা আৰু লোকসভা নিৰ্বাচনত ইভিএমত ভোট দিয়াৰ অভিজ্ঞতা আছে ভোটাৰসকলৰ৷ সেইবাবেই পৌৰ নিৰ্বাচনত ইভিএমত ভোট দিয়াৰ ক্ষেত্ৰত একেখিনি ভোটাৰ কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়৷ অৱশ্যে নতুন ভোটাৰসকলক এইক্ষেত্ৰত সজাগ কৰি তুলিবৰ বাবে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণৰ দিহা কৰিছে৷ পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণৰ দিহা কৰিছে আয়োগে৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াইছে৷

ভাৰ্চুৱেলী পালন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

আমাৰ অসম, নগাঁওঃ মধ্য অসমৰ দুখন অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও ছোৱালী কলেজ আৰু চৰাইবাহী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস অনলাইনৰ মাধ্যমেৰে উদ্‌যাপন কৰা হয়৷ চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কমল চন্দ্ৰ নাথে উদ্বোধন কৰা অনুষ্ঠানটোত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড॰ বলীন কুমাৰ ভূঞাই৷ তেওঁ নিজৰ বক্তব্যত এই দিৱসৰ গুৰুত্ব ব্যাখ্যা কৰি যুৱ ভোটাৰসকলক দায়ৱদ্ধতাৰে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ ‘শক্তিশালী গণতন্ত্ৰৰ বাবে নিৰ্বাচনী শিক্ষা’ শীৰ্ষক মূল বক্তব্য আগবঢ়ায় নগাঁও ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰণজিত বৰুৱাই৷  অনুষ্ঠানত উপস্থিত সকলোৱে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা ভোটাৰৰ শপত লয়৷ ইয়াৰ সৈতে সংগতি ৰাখি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মুকলি কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হয়৷ চৰাইবাহী মহাবিদ্যালয়ৰ ড॰ বিজয় কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটোত দুয়োখন মহাবিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷